ৰ'টাৰী ক্লাৱ গুৱাহাটীৰ উদ্যোগত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান : শিল্পী স্নেহলতা দাসলৈ 'ড০ ভূপেন হাজৰিকা সাংস্কৃতিক বঁটা'

ৰ'টাৰী ক্লাৱ গুৱাহাটীৰ উদ্যোগত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান : শিল্পী স্নেহলতা দাসলৈ 'ড০ ভূপেন হাজৰিকা সাংস্কৃতিক বঁটা'

author-image
Asomiya Pratidin
New Update
ৰ'টাৰী ক্লাৱ গুৱাহাটীৰ উদ্যোগত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান : শিল্পী স্নেহলতা দাসলৈ 'ড০ ভূপেন হাজৰিকা সাংস্কৃতিক বঁটা'

ডিজিটেল ডেস্ক : সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যুবাৰ্ষিকী উপলক্ষে গুৱাহাটী প্ৰেছ ক্লাৱত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানটি ৰ’টাৰী ক্লাৱ গুৱাহাটীৰ উদ্যোগত সম্পন্ন কৰা হয়। প্ৰতি বছৰৰ দৰে এইবাৰো ৰ’টাৰী ক্লাৱ গুৱাহাটীয়ে আগবঢ়াইছে ড০ ভূপেন হাজৰিকা সাংস্কৃতিক বঁটা।

২০২৪-২৫ বৰ্ষৰ বাবে ড০ ভূপেন হাজৰিকা সাংস্কৃতিক বঁটা লোক সংগীতৰ বিশিষ্ট শিল্পী স্নেহলতা দাসলৈ আগবঢ়োৱা হৈছে। এই বঁটা আছে এখন প্ৰশংসাপত্ৰ আৰু কেইবাটাও উপহাৰ।

এই অনুষ্ঠানত ৰ'টাৰী ক্লাৱৰ সভাপতি প্ৰণৱ কুমাৰ চৌধুৰী, ড০ গৌতম শৰ্মা, ড০ ৰঞ্জনা বৰা, এছ আৰ ডেকা, বন্দনা দত্ত, পি ডি জি পি কে কেদিয়া আদিয়ে চমু বক্তৃতা প্ৰদান কৰে। লগতে বঁটাপ্ৰাপক স্নেহলতা দাসেও লোক সংগীত সম্পৰ্কীয় এক চমু বক্তৃতা প্ৰদান কৰে।

উল্লেখযোগ্য যে আজিৰ এই বঁটা প্ৰদান অনুষ্ঠানটি সঞ্চালনা কৰে ড০ শশাংকা শেখৰ দত্তই। ৰ’টাৰী ক্লাৱ গুৱাহাটীৰ ভালেসংখ্যক সদস্য- সদস্যা উপস্থিত থকা অনুষ্ঠানটিৰ আদৰণী ভাষণ প্ৰদান কৰে সভাপতি প্ৰণৱ কুমাৰ চৌধুৰীয়ে।

এইখিনিতে উল্লেখ কৰিব পাৰি যে ৰ’টাৰী ক্লাৱ, গুৱাহাটীয়ে ২০২০-২১ বৰ্ষৰ পৰাই ড০ ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা জনাই তেঁওৰ নামত বঁটা প্ৰদান কৰি আহিছে। ইতিমধ্যে ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিক ক্লাৱটোৱে বঁটা প্ৰদান কৰিছে। ইয়াৰ পূৰ্বে ড০ ভূপেন হাজৰিকা সাংস্কৃতিক বঁটাপ্ৰাপকসকল হ’ল- ধনদা পাঠক, ড০ অনিল শইকীয়া, স্বৰ্গীয় শোভৰাম হাজৰিকা আৰু ড০ লক্ষ্মহীৰা দাস।

Also Read: গৱেষক ড° শংকৰ পাটোৱাৰীলৈ ড০ ভূপেন হাজৰিকা সোঁৱৰণী সমন্বয় বঁটা

DR BHUPEN HAZARIKA