বন বিভাগৰ হেমাহিৰ বাবেই কাজিৰঙাত অতীত হোৱাৰ পথত দুখন বিল

কাজিৰঙাৰ সহস্ৰাধিক নিবনুৱাক সংস্থাপন দিয়াৰ ক্ষেত্ৰত অন্তৰায় খোদ বন বিভাগ...

author-image
Asomiya Pratidin
New Update
বন বিভাগৰ হেমাহিৰ বাবেই কাজিৰঙাত অতীত হোৱাৰ পথত দুখন বিল

ডিজিটেল সংবাদ, কাজিৰঙা : যি সময়ত কাজিৰঙা পৰ্যটনক বিশ্বৰ আন আন পৰ্যটনৰ স'তে ফেৰ মাৰিবলৈ অসম চৰকাৰ তথা ভাৰত চৰকাৰে ন ন কাৰ্যপন্থা হাতত লৈছে, ঠিক তেনে সময়ত কাজিৰঙা পৰ্যটনৰ বিকাশৰ ক্ষেত্ৰত অন্তৰায় হৈ থিয় দিছে খোদ কাজিৰঙা বনবিভাগ ৷ অসম চৰকাৰৰ অধীনস্থ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কৰ্তৃপক্ষৰ চূড়ান্ত হেমাহিৰ বাবেই আজি ৮ বছৰে কাজিৰঙাত আগবঢ়া নাই কাজিৰঙাৰ দুখনকৈ বিল, পুনৰ্জীৱিতকৰণৰ যোগেদি আৰম্ভ কৰিবলগীয়া বিকল্প পৰ্যটনৰ কাম ৷

পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰতো অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত এই বিল পুনৰ্জীৱিতকৰণ সম্বন্ধে স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰা, বন তথা পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ঔদাসীনতাও স্পষ্ট হৈছে ৷ উল্লেখ্য যে ২০১৫ চনত পেৰিছত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় জলবায়ু সন্মিলনত বিশ্বৰ ১৯৬ খন ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ উপস্থিতিত ৰাষ্ট্ৰসংঘ জলবায়ু পৰিৱৰ্তনৰ কাৰ্যক্ৰম চুক্তিৰ পাছতে সেউজগৃহ গেছ নিগৰ্মণ আৰু গোলকীয় উষ্ণতা নিয়ন্ত্ৰণ কৰাৰ লক্ষ্যৰে কাজিৰঙাতো আঁচনি গ্ৰহণ কৰা হৈছিল ৷

সেই মতেই, জলবায়ু সুৰক্ষাৰ হেতু NAFCC নামৰ এটা পুঁজিৰ জৰিয়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ, পশ্চিম আৰু পূব দিশৰ কেইবাটাও অঞ্চলৰ লগতে কাজিৰঙাত ক্ৰমান্বয়ে পোত খাই অহা দুখন প্ৰাচীন বিল কাজিৰঙা আৰু হুকুমা খননৰ জৰিয়তে জল সংৰক্ষণ (Watershed management)ৰ লক্ষ্য গ্ৰহণ কৰা হয় ৷ লগতে বিলৰ দুয়োপাৰৰ কাষৰীয়া ৰাইজৰ বাবে পৰিবেশ বহনক্ষম উন্নয়নৰ এলানি কাৰ্যসূচী হিচাপে মৎস্য পালন আৰু জৈৱিক কৃষি কাৰ্য কৰা সম্বন্ধীয় বিষয় আঁচনিত অন্তৰ্ভুক্ত কৰা হয় ৷

আনকি, বিল দুখনৰ খনন কাৰ্যৰ দ্বাৰা কাজিৰঙাৰ পাৰিপাৰ্শ্বিক তথা জলবায়ু পৰিৱৰ্তনক সুস্থ কৰি ৰাখিব পৰা যে যাব সেই সম্বন্ধেও বিভিন্ন অধ্যয়নত স্পষ্ট হৈছে ৷ তদুপৰি, বিল পুনৰ্জীৱিতকৰণৰ ফলত বিলৰ দুয়োকাষে বানপানীৰ প্ৰকোপ হ্ৰাস কৰিব পৰা তথা খৰাঙৰ সময়ত পথাৰবোৰত পৰ্যাপ্ত খেতি কৰিব পৰাৰ ব্যৱস্থাৰ লগতে বিলৰ পাৰত লোৱা মৎস্য পালনৰ আঁচনিয়েও জল সংৰক্ষণ আৰু বহনক্ষম উন্নয়নত বৰঙনি যোগাব পাৰিব ধাৰণা কৰা হৈছিল ৷

গুৰুত্বপূৰ্ণ কথাটো হ’ল, জৈৱিক কৃষি কাৰ্যৰে যাতে কাজিৰঙাত পৰিবেশ বহনক্ষম উন্নয়নৰ জৰিয়তে অঞ্চলটিলৈ আৰ্থিক উন্নয়নক আদৰি আনিব পৰা যায়, সেই আচঁনি বিল পুনৰ্জীৱিতকৰণ আচঁনিত চৰকাৰে অন্তৰ্ভুক্ত কৰাৰ বিষয়েও স্পষ্ট কৰিছে ৷ ইতিমধ্যেই পুংখানুপুংখভাৱে অধ্যয়নৰে IORA ECOLOGICAL SOLUTION PVT. LTD. নামৰ এটা সংস্থাই জৰীপ কৰি বিস্তাৰিত প্ৰকল্প প্ৰতিবেদন (DPR) প্ৰস্তুত কৰিছে ৷

এই সন্দৰ্ভত সংস্থাটোৱে কয় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিস্থিতিতন্ত্ৰক হানি নকৰাকৈ বিল দুখনৰ পানী সংৰক্ষণ আৰু বিলৰ দুয়োপাৰে বাস কৰা ৰাইজৰ বাবে পৰিবেশ বহনক্ষম উন্নয়ন-জীৱিকা-সংস্থাপনৰ বাবে জল পৰ্যটনৰ উদ্দেশ্যত ৰূপায়িত কৰিব পৰা এটা প্ৰকল্প ৷ কিন্তু, ২০১৬ চনতে বিলৰ পুনৰ্জ্জীৱনৰ বাবে ধনৰ আৱণ্টন হোৱাৰ পাছতো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কৰ্তৃপক্ষই সমগ্ৰ বিষয়টো এলাগী কৰিছে ৷

ইতিমধ্যে বনবিভাগৰ অনুৰোধত কাজিৰঙা-হুকুমা বিল সংৰক্ষণ আৰু উন্নয়ন সমিতি নামৰ এটা স্থানীয় গোট খুলি বিভিন্ন সভা-সমিতি অনুষ্ঠিত কৰা হয় ৷ আনকি, দুয়োখন বিলক ১৫ টা বিভিন্ন ভাগত বিভক্ত কৰি নিবিদা পৰ্যন্ত আহ্বান কৰে বনবিভাগে ৷

কিন্তু, নিবিদাৰ সম্পন্ন হোৱা দুটা বছৰেও বিল দুখনৰ পুনৰ্জ্জীৱনৰ কাম আৰম্ভ নকৰিলে কাজিৰঙা বন বিভাগে ৷ উল্লেখ্য যে বিল দুখনৰ পুনৰ্জীৱিতকৰণে কাজিৰঙাত জল সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ সমান্তৰালভাৱে বিকল্প পৰ্যটনৰ জৰিয়তে বৃহত্তৰ কাজিৰঙা অঞ্চলৰ সহস্ৰাধিক লোক উপকৃত হোৱাৰ থল আছিল ৷

কিন্তু, মন্ত্ৰী অতুল-চন্দ্ৰমোহনৰ ঔদাসীনতাৰ সুবিধা লৈ কাজিৰঙাৰ বনবিভাগৰ বহনক্ষম উন্নয়ন তথা বিকল্প পৰ্যটনৰ অন্তৰায় হৈ থিয় দিছে ৷ এনে প্ৰেক্ষাপটত কাজিৰঙা বনবিভাগৰ উদ্ধতালি সম্বন্ধে উৰ্ধতন কৰ্তৃপক্ষই কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে বুলিও প্ৰশ্ন উত্থাপন হৈছে ৷

Also Read: ডেৰকুৰি অনুবাদকেৰে কাজিৰঙাত ভাষা-সাহিত্য প্ৰচাৰৰ ৫দিনীয়া বিশেষ কৰ্মশালা...

কাজিৰঙা বন বিভাগ নিবনুৱা