ডিজিটেল ডেস্কঃ বিগত বর্ষসমূহৰ দৰে চলিত শিক্ষা বর্ষতো তিনিটা পর্যায়ত গুণোৎসৱ অনুষ্ঠিত হ'ব। অহা ৬জানুৱাৰীৰ পৰা ৰাজ্যৰ ৩৫খন জিলাৰ মুঠ ৪৫,৬২৯ খন বিদ্যালয়ৰ ৪৩ লাখৰো অধিক ছাত্র-ছাত্রীক সামৰি এইবাৰৰ গুণোৎসৱ অনুষ্ঠিত হ'ব।
৬ জানুৱাৰীৰ পৰা ৯ জানুৱাৰীলৈ চলিব প্ৰথম পৰ্যায়ৰ গুণোৎসৱ। প্ৰথম পৰ্যায়ত বৰপেটা, বজালী, কাজিৰঙা, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা-মানকাচৰ আৰু ওদালগুৰি জিলাক সামৰি লোৱা হ'ব।
১৮ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ চলিবলগীয়া দ্বিতীয় পর্যায়ৰ গুণোৎসৱত ১৩ খন জিলাৰ ক্ৰমে বাক্সা, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ মহানগৰ, শোণিতপুৰ, তামুলপুৰ আৰু তিনিচুকীয়াৰ বিদ্যালয়সমূহক সামৰি ল'ব।
Gunutsav - 2025 will b e held in 3 phases from 6 January to 9 February. All preparations are progressing on time. 43,23,499 students in 45,629 schools will be assessed in Gunutsav. We seek everyone’s cooperation. @himantabiswa @CMOfficeAssam @Samagra_Assam pic.twitter.com/eWFCIpROgr
— Ranoj Pegu (@ranojpeguassam) July 19, 2024
তৃতীয় পর্যায়ত ৬ ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব। এই পৰ্যায়ত ৰাজ্যৰ বঙাইগাঁও, বিশ্বনাথ, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাঁও, ডিমা হাচাও, মাজুলী আৰু পশ্চিম কাৰ্বি আংলঙৰ বিদ্যালয়সমূহত গুণোৎসৱ অনুষ্ঠিত হ'ব।
উল্লেখযোগ্য যে নৱ গঠিত বজালী আৰু তামুলপুৰ জিলাৰ গুণোৎসৱ পৰিচালানাৰ দায়িত্ব পূৰ্বৰ অভিভাৱক জিলাৰ ওপৰতে ন্যস্ত থাকিব বুলি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে জানিবলৈ দিয়ে।