দুদিনীয়া ভ্ৰমণসূচীৰে কোকৰাঝাৰত উচ্চস্তৰীয় মাৰ্কিন প্ৰতিনিধি দল

নতুন দিল্লীস্থিত মাৰ্কিন দূতাবাসৰ উচ্চস্তৰীয় এটা প্ৰতিনিধি দলে দুদিনীয়া ভ্ৰমণসূচীৰে বিটিআৰত আহি উপস্থিত হৈছে। ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ বিশেষ পৰামৰ্শদাতা গ্ৰাহাম মেয়ৰ নেতৃত্বাধীন এই দলটোৱে প্ৰমোদ বড়োৰ সৈতে বৈঠকত মিলিত হয়

author-image
Asomiya Pratidin
New Update
btad

ডিজিটেল সংবাদ, কোকৰাঝাৰ : নতুন দিল্লীস্থিত মাৰ্কিন দূতাবাসৰ উচ্চস্তৰীয় এটা প্ৰতিনিধি দলে দুদিনীয়া ভ্ৰমণসূচীৰে বিটিআৰত আহি উপস্থিত হৈছে। ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ বিশেষ পৰামৰ্শদাতা গ্ৰাহাম মেয়ৰ নেতৃত্বাধীন এই দলটোৱে কালি বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ সৈতে এক বৈঠকত মিলিত হয়।

দলটোৰ আন সদস্যসকল হৈছে মুখ্য ৰাজনৈতিক উপদেষ্টা এ. সুকেশ, ৰাজনৈতিক বিষয়া ডেন ৰবিন্স আৰু ৰাজনৈতিক পৰামৰ্শদাতা টিংকু ৰয়। এই বৈঠকত দলটোৱে বিটিআৰৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে স্বাস্থ্য আৰু শিক্ষা আদি বিষয়সমূহত কিদৰে একেলগে কাম কৰিব পৰা যায় সেই সম্পৰ্কে আলোচনা কৰে।

বৈঠকত আৰ্থ-সামাজিক উন্নয়নৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু বিটিআৰৰ মাজত সম্বন্ধ শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰা হয়। অঞ্চলটোৰ দীৰ্ঘম্যাদী উন্নয়নৰ অৰ্থে সম্পৰ্ক অধিক সুদৃঢ় কৰিবলৈকো উভয় পক্ষই সহমত পোষণ কৰে।

মাৰ্কিন প্ৰতিনিধি দলটোৰ সৈতে বৈঠকত মিলিত হোৱাৰ অন্তত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে কয়, ''আমি গ্ৰাহাম মেয়ৰ আৰু তেওঁৰ দলৰ বাকী সদস্যসকল আদৰিবলৈ পাই সুখী হৈছো। তেওঁলোকৰ সৈতে হোৱা আলোচনাই আমাৰ বিটিআৰ অঞ্চলৰ উন্নয়ন আৰু বিকাশ নতুন মাত্ৰা প্ৰদান কৰিবলৈ সমৰ্থ হ’ব বুলি আমি আশাবাদী।’’

উল্লেখ্য যে, মাৰ্কিন প্ৰতিনিধি দলটোৱে এই ভ্ৰমণত স্থানীয় একাধিক দল-সংগঠন তথা ব্যক্তি বিশেষৰ সৈতেও মিলিত হয়। দলটোৱে আদাবাৰীস্থিত বড়োলেণ্ড ছিল্ক পাৰ্ককে ধৰি একাধিক বিশেষ স্থানো পৰিদৰ্শন কৰি বিটিআৰ অঞ্চলৰ ভৌগোলিক আৰু আৰ্থ-সামাজিক পৰিস্থিতি সম্পৰ্কেও বুজ লয়।

বিটিচি চৰকাৰে অঞ্চলটোৰ বহনক্ষম উন্নয়ন আৰু আৰ্থ-সামাজিক উন্নতিৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা লাভৰ দিশটোকে যে গুৰুত্ব প্ৰদান কৰি আহিছে সেয়া উচ্চস্তৰীয় মাৰ্কিন প্ৰতিনিধি দলটোৰ এই ভ্ৰমণে স্পষ্ট কৰি তুলিছে বুলি ভিন্নজনে মত প্ৰকাশ কৰা দেখা গৈছে।

কোকৰাঝাৰ প্ৰমোদ বড়ো