চাপৰত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি, পত্নীক হত্যা কৰি পলাতক স্বামী

চাপৰত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি, পত্নীক হত্যা কৰি পলাতক স্বামী
Published on
Updated on

ডিজিটেল সংবাদ, চাপৰ: চাপৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰঙামাটি হলদিবাৰীৰ গাঁৱত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড। পাৰিবাৰিক কন্দলে প্ৰাণ ল'লে পত্নীৰ। ৰঙামাটি হদলিবাৰীৰ আফ্ৰুজা বিবি নামৰ মহিলাগৰাকীয়ে কেইবছৰমান পূৰ্বে আইৰমাৰী গাঁৱৰ আতোৱাৰ আলীৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল। দুটি সন্তানৰ মাতৃ আফ্ৰুজা। কিছুদিন ধৰি স্বামী স্ত্ৰী দুয়োৰে মাজত চলি আছিল কাজিয়া। পাৰিবাৰিক কন্দলৰ বাবে স্বামীৰ ঘৰৰ পৰা ওলাই আহি দেউতাকৰ ঘৰত দুই সন্তান সহ আশ্ৰয় লৈছিল আফ্ৰুজাই।

কিন্তু যোৱা বুধবাৰে নিশা স্বামী আতোৱাৰ আলীয়ে হদলিবাৰীৰ শহুৰেকৰ ঘৰত উপস্থিত হৈ প্ৰথমে সন্তান দুজনক নিজ ঘৰলৈ লৈ যায়। একেনিশাই পুনৰ শহুৰেকৰ ঘৰত উপস্থিত হৈ জোৰ কৈ নিজ পত্নীক বাইকৰে উঠাই লৈ যায়। কিন্তু কিছু সময় পিছত নাটকীয়ভাৱে দুৰ্ঘটনা সংঘটিত হয় বুলি খবৰ দিয়ে শহুৰেকৰ ঘৰত। পৰিকল্পনা অনুসৰি বঙাইগাঁওৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসাধীন অৱস্থাত বৃহস্পতিবাৰে মৃত্যু হয় মহিলাগৰাকী।

মৃত্যুৰ পিছৰ পৰাই স্বামী আতোৱাৰে ম'বাইল ফোন অফ কৰি পলাতক হৈ আছে।‌ পৰিয়ালৰ সন্দেহ এয়া দুৰ্ঘটনা নহয়, এয়া পৰিকল্পিত হত্যা! যদি দুৰ্ঘটনা হৈছে, দূৰ্ঘটনাৰ স্থান ক'ত! পত্নী আঘাতপ্ৰাপ্ত হ'ল, স্বামীজন কিয় আঘাতপ্ৰাপ্ত নহ'ল! ইয়াৰ উপৰি মাৰপিটৰ চিন শৰীৰত স্পষ্ট হৈ আছে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে! লক্ষ্যণীয় যে মৃত্যুৰ পিছৰে পৰা ম'বাইল ফোন অফ কৰি পলাতক হৈ আছে স্বামী আতোৱাৰ।

এই সকলো ঘটনা ৰহস্যৰ সৃষ্টি কৰাত চাপৰ আৰক্ষীৰ কাষ চাপিছে ভূক্তভোগীয়ে। ঘটনাস্থলীত চাপৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো থানালৈ নি ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে।

চাপৰত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি, পত্নীক হত্যা কৰি পলাতক স্বামী
১৮০ টকা কেজিত বিক্ৰী নিষিদ্ধ থাইলেণ্ড মাগুৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in