ডিজিটেল সংবাদ, যোৰহাট : ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে সমগ্ৰ দেশৰ সমান্তৰালকৈ যোৰহাটতো শনিবাৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়। এই উপলক্ষে যোৰহাট প্ৰেছ ক্লাৱত যোৰহাট জিলা প্ৰশাসন আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আৰু যোৰহাট প্ৰেছ ক্লাৱৰ সহযোগত 'সংবাদ মাধ্যমৰ পৰিৱৰ্তিত ৰূপ' সন্দৰ্ভত এক আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়।
প্ৰেছ ক্লাৱৰ সভাপতি অশোক বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত যোৰহাটৰ অতিৰিক্ত জিলা আয়ুক্ত পংকজ বৰাই ভাষণ প্ৰদান কৰে। তেঁও বৰ্তমান সময়ত সংবাদ মাধ্যমৰ প্ৰাসংগিকতা আৰু প্ৰত্যাহ্বান সন্দৰ্ভত বিস্তৃত বাখ্যা আগবঢ়ায়।
সভাত মুখ্য বক্তাৰ ভাষণ প্ৰদান কৰে জ্যেষ্ঠ সাংবাদিক তথা বসুন্ধৰাৰ সম্পাদক শাংকৱ কৌশিক বৰুৱাই। এই বৰ্ষৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ মূল বিষয়বস্তু 'সংবাদ মাধ্যমৰ পৰিৱৰ্তিত ৰূপ' শীৰ্ষক বক্তৃতা প্ৰদান কৰে।
বক্তাগৰাকীয়ে গোটেনবাৰ্গৰ ছপাশালত ছপা মাধ্যমে প্রাণ পাই উঠাৰ পৰা বা তাতোকৈও আগৰে পৰা আজি পর্যন্ত সংবাদ মাধ্যমৰ এই দীঘলীয়া ইতিহাস সন্দৰ্ভত বিস্তৃত বাখ্যা আগবঢ়ায়। বিশেষকৈ ভাৰতবৰ্ষত সংবাদ মাধ্যমৰ আৰম্ভণিৰ পৰা বৰ্তমান পৰ্যায়লৈকে হোৱা পৰিৱৰ্তন সন্দৰ্ভত বিতংভাৱে আলোকপাত কৰি সাংবাদিকৰ দ্বায়িত্ব আৰু কৰ্তব্যবোধৰ বিষয়েও বক্তাগৰাকীয়ে উল্লেখ কৰে।
সভাত জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন মহন্ত, তথ্য আৰু জনসংযোগ বিভাগৰ আঞ্চলিক বিষয়া ত্ৰিদিব নন্দন বৰা, যোৰহাট জিলা সাহিত্য সভাৰ সম্পাদক মিতালী শইকীয়া, বিশিষ্ট লেখিকা ৰাজলক্ষ্মী শৰ্মা গোস্বামীয়ে ভাষণ প্ৰদান কৰা অনুষ্ঠানত জিলাখনৰ অধিকসংখ্যক সাংবাদিক উপস্থিত থাকে।
জিলা তথ্য আৰু জনসংযোগ বিষয়া ৰজত সেনে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানৰ আঁত ধৰে সাংবাদিক বিৰাজ বৰুৱাই। ইফালে আজিৰ এই দিৱস উদযাপন অনুষ্ঠানৰ অন্তত যোৰহাট জিলা আছুৰ বিষয়বব্বীয়াই যোৰহাটৰ সাংবাদিক সকলক একোখনিকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়।