প্ৰয়াত বি.কে. ভাণ্ডাৰীৰ ৭১ সংখ্যক মৃত্যু বাৰ্ষিকী পালন

প্ৰয়াত বি.কে. ভাণ্ডাৰীৰ ৭১ সংখ্যক মৃত্যু বাৰ্ষিকী পালন
Published on
Updated on

ডিজিটেল সংবাদ, বৰমা: আধুনিক বৰমা নিৰ্মাতা প্ৰয়াত বি.কে.ভাণ্ডাৰীৰ দেওবাৰে ৭১ সংখ্যক মৃত্যু বাৰ্ষিকী বৰমাৰ বি.কে.ভাণ্ডাৰী এল পি স্কুলত অনুষ্ঠিত কৰে৷ আজি পুৱা প্ৰয়াত বি.কে. ভাণ্ডাৰীৰ প্ৰতিচ্ছবি বন্তি প্ৰজ্বালন কৰে বৰমা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সুনিল শৰ্মা আৰু বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক নৰেন বড়োৱে৷ মাল্যাৰ্পণ কৰে প্ৰয়াত বি.কে. ভাণ্ডাৰীৰ জোৱাই ডা° পদ্মনাথ ডেকাই ৷

ইয়াৰ পিছতেই ভাগৱত পাঠ আৰু বৰমা নিজ-জুলুকী গাঁৱৰ আয়তীসকলৰ দ্বাৰা নাম প্ৰসংগ অনুষ্ঠিত হয় ৷ স্মৃতিস্বাৰণ অনুষ্ঠানত প্ৰয়াত বি.কে.ভাণ্ডাৰীৰ কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰে ক্ৰমে বৰমা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সুনিল শৰ্মা, বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক নৰেন বড়ো, প্ৰয়াত বি.কে. ভাণ্ডাৰীৰ পুত্ৰ মোহন দাস ভাণ্ডাৰী, বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা অনুপমা দেবী, শিক্ষক তুলসী মানস ৰাভাই ৷

উল্লেখ্য যে আধুনিক বৰমা নিৰ্মাতা প্ৰয়াত বি.কে. ভাণ্ডাৰীয়ে ১৯৩৬ চনত অসমলৈ আহি প্ৰথমে মুছলপুৰত তাৰ পিছত বৰমালৈ আহে৷ বি.কে. ভাণ্ডাৰীয়ে বৰমাত “সুমতি স্বাস্থ্য কেন্দ্ৰ’’ নাম দি চিকিৎসালয় স্থাপন কৰে৷ সেই সময়ত বৰমাত কলেৰা, গ্ৰহণী, টাইফয়ড জ্বৰে মহামাৰী ৰূপ ধাৰণ কৰিছিল ৷

প্ৰয়াত ভাণ্ডাৰীদেৱে গাঁৱে- গাঁৱে গৈ ৰাইজক য'তে ত'তে মল-মূত্ৰ নকৰিবলৈ, পৰিষ্কাৰ পৰিচন্নতা হৈ থাকিবলৈ উপদেশ দিছিল ৷ তেওঁ বৰমাত সেই সময়তে স্ত্ৰী শিক্ষাৰ কাৰণে সুমতি বালিকা বিদ্যালয় স্থাপন কৰি অঞ্চলটোত শিক্ষাৰ দিশত আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল ৷ ১৯৪৪ চনত তেওঁৰ প্ৰচেষ্টাতে বৰমা হাইস্কুল স্থাপন কৰে ৷ ১৯৫৩ চনৰ ২৫ আগষ্ট তেওঁ এই সংসাৰৰ পৰা চিৰবিদায় লয় ৷

প্ৰয়াত বি.কে. ভাণ্ডাৰীৰ ৭১ সংখ্যক মৃত্যু বাৰ্ষিকী পালন
চিদলী সমষ্টিৰ উপ-নিৰ্বাচনক লৈ তৎপৰ প্ৰমোদ বড়ো

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in