পুনৰ গঠন হ'ল নগা বিদ্ৰোহী সংগঠন "এনএছচিএন (কে) "

পুনৰ গঠন হ'ল নগা বিদ্ৰোহী সংগঠন "এনএছচিএন (কে) "
Published on
Updated on

ডিজিটেল সংবাদ,বেকাজানঃ ম্যানমাৰস্থ নগা বিদ্ৰোহী সংগঠন এন এছ চি এন (কে)ৰ কালি ছাগাইঙৰ লেহেত সমীপৰ টাগাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা সৰ্বদলীয় জৰুৰীকালীন সভাত আং মাইয়ে বিদ্ৰোহী সংগঠনৰ পুনৰ গঠন কৰে।

নেইটন কন্যাকক সংগঠনৰ উপ-সভাপতি আৰু কুঘালু মুলাটোনুক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰে। এন এছ চি এন কে প্ৰকাশ কৰা এক বিবৃতিত সম্পাদক পিটো শ্বুৱে জনাইছে যে গোটটোৰ সভাপতি “মেজৰ জেনেৰেল আং মাই গোটৰ কাউন্সিল মুখ্য কাৰ্যালয়ৰ শপত গ্ৰহণ অনুষ্ঠানত নেইটন কন্যাক আৰু কুঘালু মুলাটোনুক শপত গ্ৰহণ কৰায়।

শপত গ্ৰহণ অনুষ্ঠানত কাউন্সিল অৱ কিলোনচাৰ, মিলিটাৰী উইং কমাণ্ডাৰ, শুভাকাংক্ষী আৰু উপস্থিত থাকে। নতুনকৈ নিৰ্বাচিত নেইটন কন্যাক (৫৪) ম্যানমাৰ লাহে চহৰৰ মমখো গাঁৱৰ বুলি জানিব পৰা গৈছে।

সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কুঘালু মু-লাটোনু (৫৫) নাগালেণ্ডৰ কিফিৰেৰ ফিছামি গাঁৱৰ বুলি উল্লেখ কৰে । জানিব পৰা মতে, এন এছ খাপলাং গোট ম্যানমাৰ ফৈদ বিভাজনৰ পাছত দুৰ্বল হৈ পৰিছিল।

সম্প্ৰতি নেতৃত্ব সলনি কৰি পুনৰ শক্তিশালী ৰূপত গঢ়ি তোলাৰ প্ৰয়াস কৰা বুলি জানিব পৰা গৈছে। তদুপৰি সাংগঠনিক গাঁথনিটোক শক্তিশালী কৰি নগা স্বাধীনতাৰ দিশত নিজ কূটনৈতিক প্ৰচেষ্টা তীব্ৰতৰ কৰা, সহানুভূতিশীল সত্তাসমূহৰ সৈতে মিত্ৰতা শক্তিশালী কৰা আৰু নগাসকলৰ আত্মনিয়ন্ত্ৰণৰ বাবে ৰাজনৈতিক, সাংস্কৃতিক আৰু সামাজিক ন্যায্যতাসমূহ সংগ্ৰাম আগুৱাই নিবলৈ সংকল্প গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

পুনৰ গঠন হ'ল নগা বিদ্ৰোহী সংগঠন "এনএছচিএন (কে) "
শিক্ষা সংসদৰ হেতালিঃ মাৰ্কশ্বিটত নাই ইংৰাজী বিষয়ৰ নম্বৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in