গুৱাহাটী-লখিমপুৰৰ বোমা উদ্ধাৰৰ ঘটনাৰ তদন্তৰ দায়িত্ব ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাক

গুৱাহাটী-লখিমপুৰৰ বোমা উদ্ধাৰৰ ঘটনাৰ তদন্তৰ দায়িত্ব ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাক

author-image
Asomiya Pratidin
New Update
গুৱাহাটী-লখিমপুৰৰ বোমা উদ্ধাৰৰ ঘটনাৰ তদন্তৰ দায়িত্ব ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাক

ডিজিটেল ডেস্কঃ আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙে গুৱাহাটী আৰু লখিমপুৰত বোমা উদ্ধাৰৰ ঘটনাৰ তদন্ত ৰাষ্ট্রীয় তদন্ত সংস্থা এন আই এলৈ হস্তান্তৰ কৰাৰ কথা ঘোষণা কৰিছে। গুৱাহাটীত মঙলবাৰে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে এই কথা সদৰী কৰে।

তেওঁ কয় যে বোমা উদ্ধাৰৰ ঘটনা সন্দৰ্ভত মুঠ ১০ টা গোচৰ ৰুজু কৰা হৈছে। ইয়াৰ ভিতৰত গুৱাহাটী তথা লখিমপুৰত বোমা উদ্ধাৰৰ ঘটনাৰ তদন্ত এন আই এলৈ হস্তান্তৰ কৰাৰ বাবে ৰাজ্য চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষী সঞ্চালকগৰাকীয়ে প্রকাশ কৰিছে।

তেওঁ লগতে উল্লেখ কৰে যে শিৱসাগৰত বোমা উদ্ধাৰৰ ঘটনাৰ তদন্ত যথেষ্ট আগবাঢ়িছে আৰু বোমা স্থাপন কৰা যুৱকসহ চাৰিজন লোকক ইতিমধ্যে আটক কৰা হৈছে। অৱশ্যে তেওঁ তদন্তৰ খাতিৰত সবিশেষ তথ্য প্রকাশ কৰাৰ পৰা বিৰত থাকে।

ইপিনে, সোমবাৰে গুৱাহাটীৰ এটা ব্যক্তিগত শ্বপিং মলত সৃষ্টি হোৱা বোমাতংকৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সঞ্চালক প্ৰধান জি পি সিঙে কয় যে অকল গুৱাহাটীয়ে নহয়, শেহতীয়াকৈ ৬ মাহ ধৰি ভাৰতৰ বিভিন্ন মল‌ আৰু হাস্পাতাললৈ ই -মেইলৰ জৰিয়তে বোমাৰ ভুৱা ভাবুকি আহি আছে। বাহিৰৰ শক্তিয়ে এনে কাম কৰি থকা বুলি জানিবলৈ দি সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে এই সন্দৰ্ভত কেন্দ্ৰীয় সংস্থাই সংশ্লিষ্ট ৰাজ্যৰ আৰক্ষীৰ সহযোগত তদন্ত চলাই আছে।

আনহাতে, সঞ্চালক প্ৰধান গৰাকীয়ে সংবাদ মাধ্যমৰ জৰিয়তে পুনৰ স্পষ্ট কৰি দিয়ে যে অসমখন শান্তিৰ পথত চলি আছে। ব্যৱসায়, বাণিজ্য ভালদৰে চলি আছে। যি কাৰণতে নহওক কিয় সেয়া বিঘ্নিত কৰাটো উচিত নহয়। ৰাজ্যত শান্তি-শৃংখলা ব্যাহত হোৱা নাই আৰু কোনো কাৰণতে সেয়া বিঘ্নিত হোৱা উচিত নহয় বুলি আৰক্ষী সঞ্চালক প্রধানগবাকীয়ে স্পষ্ট কৰি দিছে।

তেওঁ লগতে আইন ভংগ কৰিলে অথবা বিশৃংখল পৰিৱেশ সৃষ্টি কৰিলে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা ল'ব বুলি সকিয়াই দিছে। কাৰোবাৰ কিবা অভিযোগ থাকিলে, সমস্যা থাকিলে সেয়া চৰকাৰৰ সৈতে আলোচনা কৰিবলৈ সঞ্চালক প্ৰধান জি পি সিঙে আহ্বান জনায়।

Also Read: ২১আগষ্টত ভাৰত বন্ধঃ কোনে, কিয় হঠাতে কৰিলে এই ঘোষণা...

National Investigation Agency DGP GP singh