ওদালগুৰি সত্ৰ ন্যায়ধীশ আদালতৰ ৰায়দান : ২ নাৰী সৰৱৰাহকাৰীক ১০বছৰৰ কাৰাদণ্ড

ei muhurtar khabar
ei muhurtar khabar
Published on
Updated on

ডিজিটেল সংবাদ, ওদালগুৰিঃ মানৱ সৰবৰাহৰ অপৰাধত সোমবাৰে ওদালগুৰি জিলা সত্ৰ ন্যায়ধীশৰ আদালতে দুই অপৰাধীক ১০বছৰৰ কাৰাদণ্ডৰ লগতে ১৫ হাজাৰ টকাকৈ জৰিমনা বিহে।

ঘটনা অনুসৰি ২০১০ চনত ওদালগুৰি জিলাৰ পানেৰী আৰক্ষী থানাৰ অন্তৰ্গত মোলবী বস্তিৰ নিৱাসী মাকন আলী আৰু ১ নং গৰুৱাঝাৰৰ নিৱাসী বাদছাহ আলীয়ে বাক্সা জিলাৰ এগৰাকী নাৱালিকাক বৰপেটাৰ মোমায়েকৰ ঘৰলৈ নিয়াৰ প্ৰলোভনেৰে নতুন দিল্লীলৈ নি ৫০ হাজাৰ টকাত এটা পৰিয়ালত বিক্ৰী কৰে। ইয়াৰ পৰৱৰ্তী সময়ত নাৱালিকাগৰাকীক পৰিয়ালটোৱে হাৰিয়ানাৰ এজন যুৱকৰ লগত বিয়া দিছিল।

ইয়াৰ পৰৱৰ্তী সময়ত স্বামীৰ অনুমতি সাপেক্ষে মহিলাগৰাকীয়ে ২০১৮ চনৰ ৩০ মে'ত উত্তৰ কালিখোলাস্থিত নিজৰ মোমায়েকৰ ঘৰত উপস্থিত হয়। লগে লগে সমগ্ৰ নাৰী সৰবৰাহৰ ঘটনা পোহৰলৈ আহে। ফলত ভুক্তভোগী মহিলাগৰাকীয়ে সমগ্ৰ ঘটনা বিৱৰি ওদালগুৰি জিলাৰ পানেৰী আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছিল।

উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭০(৪)/৩৪ নম্বৰ ধাৰাৰ অধীনত ৪০/১৮ নম্বৰত এক গোচৰ ৰুজু কৰি দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰে। ইয়াৰ পাছত উক্ত গোচৰটো সন্দৰ্ভত আদালতত চলা যুক্তি তৰ্কৰ অন্তত সোমবাৰে আদালতে দুয়োগৰাকী অভিযুক্তক অপৰাধী গণ্য কৰি দুয়োগৰাকীক ১০বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে ১৫ হাজাৰ টকাৰ জৰিমনা বিহে।

ei muhurtar khabar
নিৰ্মল হালৈ মহাবিদ্যালয়ৰ নৱ নিৰ্মিত ভৱন উদ্বোধন কৰিলে ৰণজিৎ কুমাৰ দাসে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in