ডিজিটেল ডেস্কঃ ২০২৪ৰ লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশত ফলাফল বিজেপিয়ে ভৱাতকৈ অধিক বেয়া হোৱাৰ পাছতে সকলোৱে ভাৱিছিল যে, মোডীৰ গুড বুকৰ পৰা নাম আতঁৰিল যোগী আদিত্যনাথৰ। বহু ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমত এই প্ৰসংগক লৈ বাতৰিও প্ৰকাশ হৈছিল। কিন্তু এই সকলোবোৰক মিছা পতিপন্ন কৰি শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰশংসাৰে উপচাই পেলালে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীক।
শেহতীয়াকৈ আয়োজিত দেশৰ বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীৰ বৈঠকত মুকলিকৈ প্ৰশংসাৰে উপচাই পেলালে প্ৰধানমন্ত্ৰীগৰাকীয়ে। মোডীয়ে কয় যে, যোগী চৰকাৰে উত্তৰ প্ৰদেশত যিবোৰ যোজনা আৰু আঁচনি চলাই আছে, তেনে যোজনা দেশৰ অন্য ৰাজ্যতো প্ৰযোজ্য কৰিব লাগে।
এই বৈঠকত ৰাম মন্দিৰ, কাশী বিশ্বনাথ মন্দিৰৰ কৰিডৰৰ আধাৰত দেশৰ ৰাজ্যসমূহৰ তীৰ্থস্থানসমূহ বিকাশৰ কথা উনুকিয়াই প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীক জল জীৱন আঁচনিৰ সঠিক ৰূপায়নত চকু দিবলৈ নিৰ্দেশ প্ৰদান কৰে।
সূত্ৰৰ খবৰ অনুসৰি, এই বৈঠকত কোনখন ৰাজ্যত কিমান যোজনা ফলপ্ৰসূ হৈছে তাক লৈও আলোচনা কৰা হয়। গুৰুত্বপূৰ্ণ বৈঠকখনত অসম চৰকাৰকো প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে। অসম চৰকাৰৰ ৰোজগাৰ যোজনাক বিশেষভাৱে প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী মোডীয়ে। উত্তৰ প্ৰদেশৰ গ্ৰাম সচিবালয়, ত্ৰিপুৰাৰ আমাৰ চৰকাৰ যোজনা, গুজৰাটৰ বিদ্যুত যোজনা, বিহাৰৰ অবৈধ খনন ৰোধ প্ৰক্ৰিয়াক প্ৰশংসাৰে উপচাই পেলায় প্ৰধানমন্ত্ৰীয়ে।
প্ৰধানমন্ত্ৰী মোডীয়ে সকলো মুখ্যমন্ত্ৰীক আগন্তুক সময়ত অধিক সক্ৰিয়তাৰে কাম কৰিবলৈ আহ্বান জনায়। সকলো আচঁনি সঠিকভাৱে যাতে ৰূপায়ন হয়, তাক লৈ তীক্ষ্ দৃষ্টি ৰাখিবলৈ কয় প্ৰধানমন্ত্ৰীয়ে। ৰোজগাৰ আৰু চিকিতসাৰ দিশত বিশেষ গুৰুত্ব দিয়াৰ লগতে অমৃত বৃক্ষ কাৰ্যসূচীত অধিক গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়ে প্ৰধানমন্ত্ৰীয়ে।