ডিজিটেল ডেস্কঃ সংস্কৃতি শব্দৰ অৰ্থ হ’ল, মানৱ সমাজৰ জ্ঞান-বিশ্বাস, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, নৈতিকতা, উৎসৱ অনুষ্ঠান, আইন-কানুন, শিল্প, কলা আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ আন দিশবোৰ সামৰা সামগ্ৰিক ৰূপ। সংস্কৃতি মানৱ সমাজৰ এক অবিচ্ছেদ্য অংশ। মানুহে সমাজ পাতি বাস কৰিবলৈ লোৱাৰে পৰা দৈনন্দিন জীৱনত নানান কাৰ্য নিয়মিতভাৱে কৰিবলৈ লয় আৰু ইয়ে পৰম্পৰাত পৰিণত হয়।
বিশ্বজুৰি ধৰ্ম,জাতি-জনজাতি নিৰ্বিশেষে সাংস্কৃতিক পৰম্পৰাৰ ভিন ভিন ৰূপ দেখিবলৈ পোৱা যায়। তাৰে কিছুমান বিশ্বজুৰি জনাজাত তথা আন কিছুমান সীমিত হাৰত জ্ঞাত।
আমাৰ দেশৰ কিছুমান সাংস্কৃতিক পৰম্পৰা আন দেশৰ বাবে অদ্ভুত যেন হ'ব পাৰে।বিশ্বৰ দেশসমূহৰ সাংস্কৃতিক পৰম্পৰাৰ মাজত আকাশ-পাতাল পাৰ্থক্য থকা দেখা যায়।সেই পাৰ্থক্যসমূহ জানিবৰ বাবে বিশ্বৰ কিছুমান দেশৰ অদ্ভুত যেন লগা পৰম্পৰা সমূহৰ বিষয়ে বুজ লঁও আহক।
উত্তৰ-পূব ভাৰত বিশ্বৰ বহুতো মনোমোহা জনজাতি আৰু আকৰ্ষণীয় সাংস্কৃতিৰ বাসস্থান যদিও কন্যাক জনগোষ্ঠী বা নাগালেণ্ডৰ উগ্ৰ হেডহান্টাৰ আটাইতকৈ অদ্ভুদজনক। নাগালেণ্ডৰ অন্যতম বৃহৎ জনজাতি কন্যাকসকলে নিজৰ বীৰত্বৰ বাবে পৰিচিত, যিয়ে নিজৰ মৰুং অৰ্থাৎ পৰম্পৰাগত সম্প্ৰদায়ৰ ঘৰত ওলোমাই থবলৈ ট্ৰফী হিচাপে নিজৰ প্ৰতিদ্বন্দী যোদ্ধাৰ মূৰ কাটি গৌৰৱ অনুভৱ কৰিছিল।
১৯৬৯ চনলৈকে নাগালেণ্ডত হেডহান্টিং চলিছিল। কন্যাকসকলৰ বিশ্বাস আছিল যে এজন যুৱকৰ পুৰুষত্বৰ প্ৰমাণ তেতিয়াহে হ'ব যেতিয়া তেওঁ নিজৰ প্ৰতিদ্বন্দীৰ মূৰ কাটি আনি মৰুংত সজাব পাৰিব। প্ৰতিটো হত্যাৰ লগে লগে তেওঁলোকৰ মুখ আৰু বুকুত টেটু কৰা হৈছিল। এই টেটুবোৰে তেওঁলোকক সন্মান আৰু গৌৰৱৰ সংজ্ঞা দিয়ে আৰু কন্যাকসকলে বিশ্বাস কৰে যে যদি তেওঁলোকে টেটু নাপায় তেন্তে তেওঁলোকৰ মৃত্যু সুলভ নহ'ব।
অৱশ্যে আধুনিকতাৰ আগমনৰ লগে লগে পৰিৱৰ্তন বাঞ্ছনীয়। এতিয়া কন্যাকসকল হেডহান্টাৰ নহয়, কিন্তু তেওঁলোকে নিজৰ সাহসী আৰু উগ্ৰ স্বভাৱটো বজাই ৰাখিছে, যিটো তেওঁলোকৰ জনগোষ্ঠীটোৰ পৰিচয় আছিল।
ইউৰোপৰ ডেনমাৰ্কত নৱবৰ্ষৰ শুভেচ্ছা দিয়াৰ এক অদ্ভুত প্ৰথা চলি অহা দেখা গৈছে। ডেনমাৰ্কৰ লোকসকলে বছৰটোৰ ভাঙি যোৱা কাচৰ বাচন-বৰ্তনবোৰ পেলাই নিদি জমা কৰি ৰাখে। নতুন বছৰৰ আৰম্ভণিৰ দিনা শুভকামনা জনোৱাৰ উদ্দেশ্যে সেই ভঙা বাচনবোৰ বন্ধু-বান্ধৱ বা আত্মীয়জনৰ ঘৰৰ দুৱাৰৰ সন্মুখত থৈ আহে।
ফুলৰ থোপাৰ সলনি তেওঁলোকে কাচৰ ভঙা বাচন ৰাখি আহে। নৱবৰ্ষৰ শুভেচ্ছা জনোৱা এইটো এটা বৰ আমোদজনক পৰম্পৰা। তেওঁলোকৰ এই পৰম্পৰা শতিকাজুৰি শতিকা চলি আহিছে।
এচিয়া মহাদেশৰ দক্ষিণ কোৰিয়াত চলি অহা এটা অদ্ভুদ প্ৰথা হ'ল ৰঙা চিয়াঁহী ব্যৱহাৰত বাধা। ঐতিহাসিকভাৱে কোৰিয়ান সাংস্কৃতিক ৰঙা চিয়াঁহী কেৱল পৰিয়ালৰ পঞ্জীত মৃতকৰ নাম লিখিবলৈ ব্যৱহাৰ কৰা হৈছিল। যদি কোনো জীৱিত ব্যক্তিৰ নাম ৰঙা চিয়াঁহীৰে লিখে,তেন্তে নাম লিখা ব্যক্তিজনে আনজনৰ ক্ষতি কামনা কৰা বুলি বিশ্বাস কৰিছিল।
ইয়াক অভদ্ৰামিৰ তথা নাম লিখা ব্যক্তিজনৰ বিৰুদ্ধে অসৎ ইচ্ছাৰ চিন বুলি গণ্য কৰা হয়,সেয়ে সমগ্ৰ দেশখনতে ৰঙা চিয়াঁহী ব্যৱহাৰত বাধা প্ৰদান কৰা হয়, বিশেষকৈ মানুহৰ নামৰ ক্ষেত্ৰত।
এইকেইটা সামান্য উদাহৰণহে মাথো। আমাৰ বিশ্বত এনেকুৱা আৰু বহুতো অদ্ভুদ সাংস্কৃতিক পৰম্পৰা তথা ৰীতি-নীতি আছে , যিবোৰৰ বিষয়ে আপুনি বা মই জ্ঞাত নহয়।
Also Read: বগা মেকুৰী, গৰু পোৱালী আৰু হাতীঃ কি কি বস্তু দেখিলে আপোনাৰ যাত্ৰা শুভ হয়, জানেনে?