ডিজিটেল ডেস্কঃ আপুনি জানেনে বিশ্বৰ সবাতোকৈ শক্তিশালী সেনাবাহিনী কোনখন দেশৰ। আপুনি জানেনে শক্তিশালী সেনাবাহিনীৰ তালিকাত ভাৰতৰ স্থান কিমান সংখ্যাক স্থানত আছে। আজি জানো আহক বিশ্বৰ ১০খন শক্তিশালী সেনাবাহিনী থকা দেশৰ বিষয়ে।
বিশ্বৰ ভিতৰতে শক্তিশালী সেনাবাহিনীৰ তালিকাত দশম স্থানত থকা দেশখন হৈছে ইটালী, নৱম স্থানত আছে পাকিস্তান, অষ্টম স্থানত আছে তুৰ্কী আৰু সপ্তম স্থানত আছে জাপানৰ সেনা বাহিনী।
এই তালিকাত শীৰ্ষ ষষ্ঠ স্থান দখল কৰিছে বিট্ৰেইনৰ সেনা বাহিনীয়ে। পঞ্চম স্থানত আছে কিম জং উনৰ দেশ দক্ষিণ কোৰিয়া। এই তালিকাত চতুৰ্থস্থানত আছে আমাৰ দেশ ভাৰত।
শক্তিশালী সেনা বাহিনীৰ তালিকাত তৃতীয় স্থানত থকা দেশখন হৈছে চীন। দ্বিতীয় স্থানত আছে পুটিনৰ দেশ ৰাচিয়া আৰু প্ৰথম স্থানত আছে আমেৰিকাৰ সৈন্য বাহিনী।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, এই তালিকাৰ শীৰ্ষত থকা চীন, আমেৰিকা আৰু ৰাছিয়াতকৈ ভাৰতৰ সেনাৰ সংখ্যা বেছি। ভাৰতত ৫কোটি ১৩লাখ ৭হাজাৰ ৫৫০গৰাকী সেনাৰ বিপৰীতে প্ৰথম স্থানত থকা আমেৰিকাৰ আছে ২কোটি ১২লাখ ৭হাজাৰ ৫০০গৰাকী সেনা জোৱান।
ইয়াৰ বিপৰীতে এই তালিকাৰ দ্বিতীয় স্থানত থকা ৰাছিয়াৰ সেনা জোৱানৰ সংখ্যা ৩কোটি ৫৭লাখ আৰু তৃতীয় স্থানত থকা ৰঙা চীনৰ সেনা জোৱানৰ সংখ্যা ৩কোটি ১৭লাখ।
এইখিনিতে প্ৰশ্ন উত্থাপিত হব পাৰে যে, ভাৰতত সবাতোকৈ বেছি সেনা জোৱান থকাৰ পাছতো ভাৰত চীন, ৰাছিয়া, আমেৰিকাতকৈ পিছত কিয় আছে! দৰাচলতে সৈন্য বাহিনীৰ শিতানত আমেৰিকাই ৮৩১বিলিয়ন ডলাৰ, ৰাছিয়াই ১০৯বিলিয়ন ডলাৰ, চীনে ২২৭ডলাৰ ব্যয় কৰাৰ বিপৰীতে ভাৰতত ব্যয় হয় ৭৬বিলিয়ন ডলাৰ।
ইয়াৰোপৰি পাৱাৰ ইনডেস্কত সৰ্বাধিক পইন্টেৰে শীৰ্ষত আছে আমেৰিকা। পাৱাৰ ইনডেস্কত আমেৰিকাৰ পইন্ট ০.০৬৬৯ৰ পৰিৱতে আমাৰ দেশ ভাৰতৰ পইন্ট হৈছে ০.১০২৩। গতিকে এই সমূহ দিশৰ পৰা বিশ্বৰ সৰ্বাধিক শক্তিশালী ১০খন দেশৰ তালিকাত ভাৰত আছে চতুৰ্থস্থানত।