বঙাইগাঁও শোধনাগাৰৰ হাই চিকিউৰিটি জ'নত চোৰৰ চাফাই অভিযান

বঙাইগাঁও শোধনাগাৰৰ হাই চিকিউৰিটি জ'নত চোৰৰ চাফাই অভিযান

Published on

ডিজিটেল সংবাদ,চিৰাং: বঙাইগাঁও শোধনাগাৰৰ তথাকথিত হাই চিকিউৰিটি জ'নত শনিবাৰে নিশা ১৫ টা বিষয়া কৰ্মচাৰীৰ আবাস গৃহত চোৰে তলা ভাঙি কেইবা কোটি টকা মূল্যৰ সোণ,ৰূপৰ আ-অলংকাৰ,নগদ ধন চোৰ কৰি লৈ যায়। চুৰি হোৱা সোণ-ৰূপৰ অলংকাৰ খিনিৰ বজাৰ মূল্য আনুমানিক প্ৰায় ১ কোটি টকা হ'ব বুলি ধাৰণা কৰা হৈছে।

জানিব পৰা মতে, চুৰিকাণ্ড সংঘটিত হোৱা সময়ত প্ৰতিটো আবাসিক গৃহৰ কৰ্মচাৰী সকল বিভিন্ন কাৰণবশত বাহিৰত আছিল। প্ৰাথমিক তদন্তত উপনগৰীৰ দক্ষিণ দিশৰ চাৰিবেৰৰ দেৱালৰ ওপৰৰ কাটা তাৰ কাটি প্ৰৱেশ কৰিছিল চোৰৰ দলটো। একে নিশাই ১৪ টাকৈ আৱাসিক গৃহ আৰু এগৰাকী অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীৰ বাসগৃহত চুৰিকাণ্ড সংঘটিত হোৱাৰ পিছত উপনগৰীৰ আৱাসিক সকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ইমানদিনে সুনিশ্চিত তথা নিশ্ছিদ্ৰ নিৰাপত্তাৰ ব্যৱস্থা থকা বুলি বিশ্বাসত লৈ বসবাস কৰা বঙাইগাঁও শোধনাগাৰৰ আৱাসিক সকলৰ ধাৰণা সম্পূৰ্ণ সলনি কৰি দিলে বুলি নিৰাপত্তা ব্যৱস্থাক লৈ একপ্ৰকাৰ আতংকিত হৈ পৰা আৱাসিক সকলে সংবাদ মাধ্যমৰ আগত সদৰি কৰে। লক্ষ্যনীয় বিষয় যে কালি নিশা চুৰিকাণ্ড সংঘটিত হোৱা প্ৰতিটো আৱাসগৃহত উপস্থিত নাছিল কোনো কৰ্মচাৰী বা পৰিয়ালৰ সদস্য।

চুৰিকাণ্ড সংঘটিত কৰা চোৰ সকলে আগতীয়া সকলো তথ্য লাভ কৰি এই চুৰিকাণ্ড সংঘটিত কৰে বুলি আৱাসিক সকলে সন্দেহ প্ৰকাশ কৰে। চুৰিকাণ্ডৰ তথ্য লাভ কৰাৰ পিছত চিৰাঙৰ উপআৰক্ষী অধীক্ষক জীৱন দাসৰ নেতৃত্বত এটা আৰক্ষীৰ বৃহৎ দল বঙাইগাঁও শোধনাগাৰৰ উপনগৰীত উপস্থিত হৈ প্ৰাথমিক তদন্ত তথা অনুসন্ধান আৰম্ভ কৰিছে। আশ্চৰ্য্যজনক বিষয় যে এই চুৰিকাণ্ড সন্দৰ্ভত বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষই ঘটনাটো পুৱাৰ পৰা লুকুৱাই ৰখাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে।

পৰৱৰ্তী সময়ত বিশেষ সূত্ৰৰ দ্বাৰা খবৰ লাভ কৰি এগৰাকী সাংবাদিক ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছত সমগ্ৰ চুৰি ঘটনাটো পোহৰলৈ আনে।বঙাইগাঁও শোধনাগাৰ পৰিচালন সঞ্চালক নয়ন কুমাৰ বৰুৱা, নিৰাপত্তা বিষয়া মছুকা বড়ো সহ অন্যান্য বিষয়া চুৰিকাণ্ড হোৱা আৱাসিক এলেকাত আহি উপস্থিত হয় যদিও চুৰিকাণ্ড সন্দৰ্ভত কোনো ধৰনৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকে।

শনিবাৰে নিশাৰ এই চুৰিকাণ্ডৰ ঘটনাৰ পিছত উপনগৰীৰ আৱাসী এলেকাৰ নিৰাপত্তাৰ দ্বায়িত্ব থকা ১০৫ জনীয়া ছিকিউৰিটি গাৰ্ড থকা ছিকিউৰিটি এজেন্সি আৰু শোধনাগাৰ কৰ্তৃপক্ষৰ নিৰাপত্তা বিষয়াৰ ভূমিকাক লৈ মুকলিকৈ প্ৰশ্ন উত্থাপন কৰিছে বিজিআৰ কৰ্মচাৰী ইউনিয়নৰ সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ দাস, সহ অন্যান্য ভুক্তভোগী আৱাসী তথা কৰ্মচাৰী সকলে।

ঘটনাৰ সঠিক তদন্ত কৰি অপৰাধীক আটক কৰি ভুক্তভোগী সকলৰ চুৰি হোৱা সামগ্ৰীবোৰ ঘুৰাই দিয়াৰ ব্যৱস্থা কৰিবলৈ আৰক্ষী প্ৰশাসন আৰু বিজিআৰ কৰ্তৃপক্ষক আহ্বান জনাই বিজিআৰ কৰ্মচাৰী ইউনিয়নৰ নেতৃবৰ্গ সকলে।

বঙাইগাঁও শোধনাগাৰৰ হাই চিকিউৰিটি জ'নত চোৰৰ চাফাই অভিযান
ভালুকপুঙত সেনাবাহিনীৰ কনভয় দুৰ্ঘটনাগ্ৰস্তঃ আহত ২ জোৱান
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in