কোন দেশত কি মাংস প্ৰিয়ঃ জাৰ্মানী- ছুইজাৰলেণ্ডত গাহৰি, পাকিস্তানত গৰু, আমেৰিকা আৰু কানাডাত মুৰ্গীৰ মাংস...

কোন দেশত কি মাংস প্ৰিয়ঃ  জাৰ্মানী- ছুইজাৰলেণ্ডত গাহৰি,  পাকিস্তানত গৰু, আমেৰিকা আৰু কানাডাত মুৰ্গীৰ মাংস...
Published on
Updated on

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বতে নিৰামিষভোজীৰ তুলনাত মাংসভোজী লোকৰ সংখ্যা বেছি। আপুনি জানেনে বিশ্বৰ ভিন্ন দেশত কিহৰ মাংস সবাতোকৈ বেছি সেৱন কৰে মানুহে। এক সমীক্ষা অনুসৰি ভাৰত, বাংলাদেশ, জাপানত মাছ আৰু সামুদ্ৰিক ভিন্ন জীৱৰ লগতে সৰ্বাধিক সেৱন কৰে মুৰ্গীৰ মাংস।

ইয়াৰ বিপৰীতে আফগানিস্তানত ছাগলীৰ মাংস সৰ্বাধিক সেৱন কৰে। আমেৰিকা, কানাডাত সৰ্বাধিক মুৰ্গীৰ মাংস মানুহে ভক্ষণ কৰে বুলি শেহতীয়া তথ্যত প্ৰকাশ পাইছে। ৰাছিয়া আৰু ইজৰাইলত অধিকাংশ লোকে ভক্ষণ কৰে মুৰ্গীৰ মাংস।

লক্ষ্যণীয় কথাটো হৈছে যে, জাৰ্মানী আৰু ছুইজাৰলেণ্ডৰ লোকে অধিক মাত্ৰাত ভক্ষণ কৰে গাহৰিৰ মাংস। ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানত অধিকাংশ লোকে খায় গৰুৰ মাংস। ঠিক তেনেদৰে অষ্ট্ৰেলিয়াৰ অধিক সংখ্যক লোকে খায় মুৰ্গীৰ মাংস। চীন আৰু ফান্সত চি ফুডৰ লগতে অধিক মাত্ৰাত মাছ খায় লোকসকলে।

উল্লেখ কৰা প্ৰয়োজন যে, শেহতীয়াকৈ দুটা দশকত বিশ্বত আমিষভোজী লোকৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে। উদাহৰণস্বৰূপে আমাৰ ভাৰতবৰ্ষতে আমিষভোজী লোকৰ সংখ্যা অতিপাত বৃদ্ধি পাইছে। ২০০৬চনত ভাৰতত নিৰামিষভোজী লোক আছিল প্ৰায় ৩১শতাংশ। সেই সংখ্যা ২০২১চনত আহি হলহি ২০শতাংশ।

ঠিক তেনেদৰে, আৰ্জেটিনাত নিৰামিষভোজী লোক আছে ১২শতাংশ, অষ্ট্ৰেলিয়াত আছে ১২.১শতাংশ, বেলজিয়ামত আছে ৭শতাংশ, ব্ৰাজিলত আছে ১৪শতাংশ, কানাডাত আছে ৭.৬শতাংশ, চিলিত আছে ৬শতাংশ, চীনত আছে ৪শতাংশ, কলম্বিয়াত আছে ৪শতাংশ, ডেনমাৰ্কত আছে ১০শতাংশ, ফিনলেণ্ডত ১২শতাংশ, ফান্সত ৫.২শতাংশ, জাৰ্মানীত ১০শতাংশ, গ্ৰীচত ৪শতাংশ, ইজৰাইলত ১৩শতাংশ, ইটালীত ৮.৯শতাংশ,জাপানত ৯শতাংশ, মেক্সিকত ১৯শতাংশ, নেডাৰলেণ্ডত ৫শতাংশ, নৰৱেত ৯শতাংশ আৰু ফিলিপিনছত আছে ৫শতাংশ নিৰামিষভোজী লোক।

এক তথ্য অনুসৰি এচিয়া মহাদেশত নিৰামিষভোজী লোকৰ সংখ্যা প্ৰায় ১৯শতাংশ। সংখ্যাগত দিশৰ পৰা চাবলৈ গলে আমিষভোজীতকৈ নিৰামিষভোজী লোকৰ সংখ্যা খুবেই কম। কিন্তু এতিয়ালৈকে যিমানে অধ্যয়ন আৰু গৱেষণা চলিছে, সকলোতে এটা কথাই পোহৰলৈ আহিছে যে, নিৰামিষভোজী লোকৰ আয়ুস আমিষভোজীতকৈ অধিক।

কোন দেশত কি মাংস প্ৰিয়ঃ  জাৰ্মানী- ছুইজাৰলেণ্ডত গাহৰি,  পাকিস্তানত গৰু, আমেৰিকা আৰু কানাডাত মুৰ্গীৰ মাংস...
১০বছৰ যদি বেছিকৈ জীয়াব খোজে, আজিয়েই এৰক মাছ-মাংস...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in