১০ বছৰে অপৰাধমুক্ত এখন জিলাঃ অপৰাধীৰ ঘাটি হৈ পৰা ভাৰতৰে এই জিলাখন ক’ত…

১০ বছৰে অপৰাধমুক্ত এখন জিলাঃ অপৰাধীৰ ঘাটি হৈ পৰা ভাৰতৰে এই জিলাখন ক’ত…
Published on
Updated on

ডিজিটেল ডেস্কঃ সাম্প্ৰতিক সময়ত এখন অপৰাধমুক্ত সমাজৰ কল্পনা কৰাটোৱে টান। প্ৰতিদিনেই সমাজত সংঘটিত হোৱা অপৰাধমূলক কাম-কাজক লৈ বহু সচেতনতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হয় যদিও সমাজত কমা নাই অপৰাধমূলক কাম-কাজৰ সংখ্যা। কিন্তু এনেসময়তো আমি আজি আপোনালোকক দিবলৈ ওলাইছো এনে এখন জিলাৰ খবৰ, যিখন জিলাত এটা দশক ধৰি সংঘটিত হোৱা নাই কোনোধৰণৰ অপৰাধমূলক ঘটনা।

হিমাচল প্ৰদেশৰ উত্তৰ প্ৰান্ত থকা জিলা লাহোল আৰু স্পীতি। পাহাৰীয়া এই জিলাখনত দুটাত বিগত ১০ টা বছৰ ধৰি সংঘটিত হোৱা নাই কোনোধৰণৰ অপৰাধমূলক ঘটনা। এই দুই অঞ্চলে ইতিমধ্যেই দেশৰ শান্তিপূৰ্ণ অঞ্চল হিচাপে স্বীকৃতি লাভ কৰিছে। প্ৰায় ১৪ হাজাৰ বৰ্গ কিঃমিঃৰ এই দুই অঞ্চলত জনবসতিও খুবেই সেৰেঙা। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰনুসৰি অঞ্চলদুটাত বাস কৰা মুঠ মানুহৰ সংখ্যা হৈছে প্ৰায় ৩২ হাজাৰ।

বৰফেৰে ঢকা অতিকৈ শান্তিপূৰ্ণ জিলাখনত নাই কোনো ধৰ্মৰ গোড়ামি। সকলো লোকেই সমিলমিলেৰে বাস কৰা অঞ্চল কেইটাত সমাজত শান্তি বৰ্তাই ৰাখিবৰ বাবে মাজে সময়ে অনুষ্ঠিত কৰা হয় পৰ্যালোচনা সভাৰ। ইয়াৰোপৰি সকলোলোকেই নিজৰ কাম নিজে কৰাৰ ওপৰত দিয়ে অধিক গুৰুত্ব। ইতিমধ্যে হিমাচল প্ৰদেশ চৰকাৰে জিলাখনত পৰ্যটনৰ বিকাশৰ বাবেও বিশেষ প্ৰদক্ষেপ লোৱাৰ কথা ঘোষণা কৰিছে।

অধিকাৰিক সূত্ৰই প্ৰকাশ কৰা তথ্যনুসৰি, বিগত ১৯ বছৰত এই জিলাখনত পঞ্জীয়ম হোৱা মুঠ গোচৰৰ সংখ্যা হৈছে ৭০০ টা। ইয়াৰে কিছু অপৰাধজনিত কাৰ্যৰ গোচৰত জিলাখনৰ স্থানীয় লোক জড়িত নাই। ইয়াৰ বিপৰীতে জিলাখনত কৰ্মৰত বাহিৰৰ কিছু লোকৰ নামতহে পঞ্জীয়ন হৈ আছে কিছু গোচৰ। সংবাদমাধ্যমৰ সন্মুখত জিলাখনৰ এগৰাকী প্ৰশাসনীয় বিষয়াই কয়, জিলাখনত বাস কৰা লোকসকল যথেষ্ট শান্তিপ্ৰিয়। দেশৰ অন্য প্ৰান্তয়ো এই জিলাখনৰ আদৰ্শ গ্ৰহণ কৰা উচিত।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in