জনছনছ বেবী পাউদাৰ নেচাৰেলেৰে এইবাৰ গ্ৰীষ্মত নিজৰ শিশুটিক সুৰক্ষিত কৰক

Johnson's Baby Powder
Johnson's Baby Powder
Published on
Updated on

দেশ আৰু ৰাজ্যজ্ঞত ক্ৰমাৎ গ্ৰীষ্মই কৰাল ৰূপ ধাৰণ কৰাৰ সময়তে, কেঁচুৱাবোৰ প্ৰায়েই ছালত দাগ পৰা আৰু খজুৱতিৰে আক্ৰান্ত হয়৷ গ্ৰীষ্মকালৰ এই কঠোৰ সময়ছোৱা আৰু বতৰৰ পৰিবৰ্তনৰ মাজত তেওঁলোকৰ ছালখন নিকা আৰু ঘামেৰে তিতি থকাৰ পৰা মুক্ত কৰি ৰাখিবলৈ শিশুটিৰ ছালখনৰ নিয়মীয়াকৈ যতন লোৱাৰ আৱশ্যক হয়৷

আপোনাৰ শিশুটিৰ ছালৰ গ্ৰীষ্মকালৰ নিয়মীয়া যতনৰ বাবে কৰ্নষ্টাৰ্চভিত্তিক পাউদাৰ বাছি লওক :

গৰম আৰু আদ্ৰ পৰিবেশেৰে ভৰপূৰ হোৱা হেতুকে এই সময়ছোৱাত কেঁচুৱাৰ ছালখনৰ বিশেষ যতন লোৱা উচিত৷ গ্ৰীষ্মৰ মাহকেইটাত একোটি কেঁচুৱাক তিতা কাপোৰেৰে মচি গা ধুওৱা উচিত৷ গা ধুওৱাৰ সময় হ’ব লাগে ১৫ মিনিটতকৈ কম আৰু ইয়াৰ সবিশেষৰ বাবে শিশুৰোগ বিশেষজ্ঞৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব৷ শিশুটিক গা ধুওৱাৰ বাবে প্ৰাকৃতিকভাৱে আহৰণ কৰা গ্লিচাৰিন থকা জনছনছ বেবী শ্বপ ব্যৱহাৰ কৰক আৰু শিশুটিৰ ছালখন শুকাই নোযোৱাকৈ ইয়াৰে পৰিষ্কাৰ কৰক৷ গা ধুওৱাৰ পাচত সকাহ দিয়াৰ বাবে অথবা ডায়েপাৰ সলনি কৰোতে, শিশুটিয়ে সতেজ অনুভৱ কৰিব পৰাকৈ এবিধ কৰ্ন ষ্টাৰ্চভিত্তিক পাউদাৰ ব্যৱহাৰ কৰিব পাৰে৷

শিশুটিৰ ছালখন কোমল আৰু সতেজ কৰি ৰাখক :

নিউ জনছনছ বেবী পাউদাৰ নেচাৰেল হৈছে ছালৰ পৰা আদ্ৰৰ্তা শোষণ কৰি ছালখনক আৰাম দিব পৰাকৈ বৃক্ষভিত্তিক উপাদানেৰে তৈয়াৰী আৰু ই কেঁচুৱাটিৰ ছালখন ৰম দিনৰে পৰাই অতিৰিক্ত আদ্ৰৰ্তাৰ পৰা ৰক্ষা কৰি ছালখনক কোমল আৰু শুকান কৰি ৰখাত সহায় কৰে৷ প্ৰাকৃতিক কৰ্নষ্টাৰ্চেৰে তৈয়াৰ কৰা এইবিধ পাউদাৰে, গুড়িভিত্তিক পাউদাৰৰ তুলনাত ২ গুণে আদ্ৰৰ্তা হ্ৰাস কৰি তাৰ জৰিয়তে কেঁচুৱাটিক সতেজ ৰখাত সহায় কৰিবলৈ দীৰ্ঘকালীন সতেজতা প্ৰদান কৰে৷

ইয়াত ব্যৱহৃত প্ৰাকৃতিক বৃক্ষভিত্তিক উপাদানৰ ফৰ্মুলা বা গাঁথনিয়ে অতিৰিক্ত আদ্ৰৰ্তা শোষণ কৰি ছালখনক জুৰ পেলায়৷ এই শক্তিশালী নতুন ফৰ্মুলেচনে সক্ৰিয়তাৰে অতিৰিক্ত আদ্ৰৰ্তা শোষণ কৰি শিশুটিৰ ছালখনক কোমল কৰি ৰাখে৷ আনকি সেমেকা বতৰতো শিশুৰ ছালৰ অতিৰিক্ত আদ্ৰৰ্তা শোষণ কৰা হেতুকে ইয়াক পুনৰায় ব্যৱহাৰ কৰিবলগীয়া নহয়৷

জনছনছ বেবী পাউদাৰ নেচাৰেল হৈছে চৰ্মৰোগ বিশেষজ্ঞৰ দ্বাৰা পৰীক্ষিত, এলাৰ্জি প্ৰতিৰোধী আৰু একোটি কেঁচুৱাৰ কোমল ছালখনৰ বাবে ক্লিনিকেলি প্ৰমাণিত বিশেষভাৱে প্ৰস্তুত কৰা মসৃণতাৰ ফৰ্মুলাৰে বিশেষভাৱে তৈয়াৰ কৰা৷ ইয়াৰ মৃদু সুগন্ধ হৈছে এলাৰ্জি আৰু খজুৱতি নূ্যনতম কৰি শিশু আৰু মাতৃৰ বাবে জুৰ পেলোৱা তথা স্মৰণীয় অনুভূতি প্ৰদান কৰিব পৰাকৈ সযত্ন কাৰিকৰীৰে নিৰ্মিত৷

যিকোনো পাউদাৰ ব্যৱহাৰৰ ক্ষেত্ৰত দৈনিক নিয়মীয়া প্ৰয়োগৰ অংশ হিচাপে, শিশুটিৰ সৰ্বাংগীণ কল্যাণৰ বাবে কিছু নীতি-নিৰ্দেশনা মানি চলা আৱশ্যক :

  • পিতৃ-মাতৃ আৰু যতন লওঁতাসকলে দুৰ্ঘটনাক্ৰমে নাকত সোমোৱা পৰিহাৰ কৰিবলৈ মুখৰ ওচৰত পোনপটীয়াকৈ পাউদাৰ নছটিয়াব৷

  • তাৰ পৰিবৰ্তে, হাতৰ ওপৰত পাউদাৰ ছটিয়াই তাৰ পাচত কোমলকৈ শিশুটিৰ ছালখনত সানক৷

  • শিশুটিৰ ছালখনত পাউদাৰ গোট নামাৰিবলৈ নিৰ্দিষ্ট সময়ত কম পৰিমাণৰ পাউদাৰ ব্যৱহাৰ কৰা উচিত৷

  • কৰঙনৰ চুক, ডিঙি তথা হাত আৰু ভৰিৰ ভাঁজত পাউদাৰ প্ৰয়োগ কৰা উচিত নহয়৷

পিত-ৃমাতৃসকলে তেওঁলোকৰ শিশুটিৰ বাবে শ্ৰেষ্ঠখিনি বিচাৰে, যিয়ে তেওঁলোকে ব্যৱহাৰ কৰা ব্ৰেণ্ড আৰু সামগ্ৰীসমূহ নিৰ্বাচন কৰাৰ ক্ষেত্ৰত প্ৰভাৱ পেলায়৷ ইয়াৰ ভিতৰত কেৱল মসৃণ আৰু ফলদায়ক হোৱাই নহয়, লগতে তেওঁলোকে পৰিবেশৰ দিশৰ পৰা সজাগ হৈ সামগ্ৰী পছন্দ কৰিবলৈ বিচাৰে৷ নতুন কৰ্নষ্টাৰ্চ পাউদাৰে দীৰ্ঘস্থায়ী অৰিহণা যোগায়, যি শিশুটিৰ বাবে মংগলজনক৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in