মায়ঙত বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনাঃ স্বামী,শহুৰকে ধৰি তিনি জনক গ্ৰেপ্তাৰ...

author-image
Asomiya Pratidin
New Update
মায়ঙত বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনাঃ স্বামী,শহুৰকে ধৰি তিনি জনক গ্ৰেপ্তাৰ...

MAYONG

ডিজিটেলডেস্ক মায়ংঃ মৰিগাঁও জিলাৰ মায়ং থানাৰ অন্তৰ্গত পাভকাতি বৰদিয়াত গাঁৱত বৃহস্পতিবাৰে এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যুক লৈ আজিও চাঞ্চল্য সৃষ্টি হৈ আছে। মৃত বোৱাৰীগৰাকীৰ নাম মল্লিকা মণ্ডল।

২৪ বছৰীয়া বোৱাৰীগৰাকীক হত্যা কৰা বুলি পৰিয়ালৰ লোকে দিয়া এজাহাৰৰ ভিত্তিত মায়ং আৰক্ষীয়ে আজি তিনিজনক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক তিনিজন ক্ৰমে মল্লিকা মণ্ডলৰ স্বামী বলোৰাম মণ্ডল (২৭),শহুৰ কেশৱ মণ্ডল আৰু দেওৰেক অজয় মণ্ডল (১৫)।

আৰক্ষীয়ে আটক কৰা এই তিনিওজন লোকৰ বিৰুদ্ধে উত্থাপিত হৈছে মল্লিকা মণ্ডলক হত্যাৰ অভিযোগ। আৰক্ষীয়ে তিনিওদন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে ঘটনা সন্দৰ্ভত সোধা পোছা অব্যাহত ৰাখিছে।

মায়ং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাণা ভূঞাই জানিব লৈ দিয়া মতে বৃবস্পতিবাৰে পুৱা প্ৰায় ৬ বজাত  ঘটনাটো সংঘটিত হৈছিল যদিও আৰক্ষীক খবৰ দিছিল ৭ বজাত।পৰিয়ালৰ ফালৰ পৰা প্ৰথমে মল্লিকা মণ্ডলে আত্মহত্যা কৰা বুলি ক'ব বিচাৰিছিল যদিও মল্লিকাৰ পিতৃৰ পৰিয়ালৰ ফালৰ পৰা এয়া এক হত্যাকাণ্ড বুলি এজাহাৰ দাখিল কৰে।

তাৰ পিছতেই আৰক্ষীৰ অভিযান আৰম্ভ হয় । ফলত আজি স্বামী আৰু শহুৰেক জনক গ্ৰেপ্তাৰ কৰি মৰিগাঁও আদালতত হাজিৰ কৰাই পুনৰ দুদিনৰ বাবে আৰক্ষীৰ জিম্মাত লৈ অনা হয়। আনজন দেওৰেক অজয় মণ্ডলক জুভেনাইল জে'ললৈ প্ৰেৰণ কৰে।

ইফালে এটা সন্তানৰ মাতৃ মল্লিকাৰ মৃত্যুক সহজ ভাৱে মানি লব পৰা নাই পৰিয়ালৰ লোকে। তেওঁলোকে ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে।

MAYANG marigaon