বোৱাৰীয়ে নকৰে শুশ্ৰষা, কন্যাৰ ভৰষাত পাৰ হয় বৃদ্ধাৰ দিন

কোনে কয় আজিকালি সন্তানে পিতৃ-মাতৃক এলাগি কৰে ? আজিও পৃথিৱীত আছে পিতৃ-মাতৃৰ প্ৰতি দায়বদ্ধ সন্তান।

author-image
asomiyapratidin
New Update
বোৱাৰীয়ে নকৰে শুশ্ৰষা, কন্যাৰ ভৰষাত পাৰ হয় বৃদ্ধাৰ দিন

ডিজিটেল ডেস্ক: কোনে কয় আজিকালি সন্তানে পিতৃ-মাতৃক এলাগি কৰে ? আজিও পৃথিৱীত আছে পিতৃ-মাতৃৰ প্ৰতি দায়বদ্ধ সন্তান।হয়, জন্মদাত্ৰীৰ প্ৰতি থকা অপাৰ প্ৰেমৰ এক নিদৰ্শন ডাঙি ধৰিলে তিনি ভাতৃয়ে।ঘটনাটো আলজেৰিয়াৰ।আচৰিত যেন লাগিলেও এই ঘটনা সত্য। মাতৃক শুশ্ৰষা নকৰাৰ বাবেই আলজেৰিয়াৰ এই তিনি ভাতৃয়ে তেওঁলোকৰ পত্নীক একেলগে বিবাহ বিচ্ছেদ কৰে।

দৰাচলতে, তিনিওজন ভাতৃৰ পত্নীয়ে তেওঁলোকৰ ৰুগীয়া বৃদ্ধ মাতৃৰ যত্ন লোৱা নাছিল। তেওঁলোকে আনকি শাহুৱেকক খাদ্যও যোগান ধৰা নাছিল। ঘটনাটো তেতিয়া সংঘটিত হৈছিল যেতিয়া তিনিওজন ভাতৃয়ে কামৰ পৰা ঘৰত উপস্থিত হৈ চুবুৰীয়াৰ এগৰাকী মহিলাক তেওঁলোকৰ অসুস্থ বৃদ্ধ মাকক গা ধুৱাই থকা দেখিছিল।সেই সময়ত তিনিওজনৰে পত্নী তাত উপস্থিত নাছিল।

এই কাণ্ড দেখি তিনিওজন ভাতৃয়ে বৰ খং উঠিছিল।লগে লগে তেওঁলোকৰ পত্নীক মাতি আনি এক মিনিটৰ ভিতৰতে তিনিওজনে তেওঁলোকৰ পত্নীক বিবাহ বিচ্ছেদ কৰি সকলো সম্পৰ্ক ছেদ কৰিছিল।তথ্য মতে, বৃদ্ধাগৰাকীক তেওঁৰ কন্যাইহে চোৱাচিতা কৰিছিল।বিবাহিত কন্যাই সপ্তাহত দুবাৰকৈ তেওঁক লগ কৰি তেওঁক গা ধুৱাই দিয়াৰ লগতে সমস্ত কাম কৰিছিল। কিন্তু ইয়াৰ মাজতে মহিলাগৰাকীৰ স্বামী কৰ্কট ৰোগত আক্ৰান্ত হোৱাত তেওঁ মাতৃৰ ওচৰলৈ আহিব পৰা নাছিল।কন্যাৰ অনুপস্থিতিয়ে বৃদ্ধাগৰাকীৰ বাবে অসুবিধা বৃদ্ধি কৰিছিল। তিনিওজন পুত্ৰই তেওঁলোকৰ পত্নীক তেওঁলোকৰ ভনীয়েক অহালৈকে মাতৃৰ যত্ন ল'বলৈ কৈছিল যদিও শাহুৱেকৰ যত্ন ল'বলৈ তেওঁলোকে অস্বীকাৰ কৰিছিল।ইয়াতেই অসন্তুষ্ট হৈ তিনি ভাতৃয়ে এই কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য হয়। 

Also Read: মুক্তিৰ বাবে সাজু ‘ব্লাইণ্ড’

life