কেঁচুৱাৰ ছালখন প্ৰথম দিনাৰে পৰাই শুষ্কতাৰ পৰা ৰক্ষা

কেঁচুৱাৰ ছালখন প্ৰথম দিনাৰে পৰাই শুষ্কতাৰ পৰা ৰক্ষা
Published on
Updated on

এটি নৱজাতকক পৰিয়াললৈ স্বাগতম জনোৱাৰ সময়ছোৱা সদায়েই আনন্দপূৰ্ণ আৰু পৰিবৰ্তনৰ সময় হয়৷ বিশেষকৈ কেঁচুৱাটিৰ স্বাস্থ্য আৰু স্বাচ্ছন্দ্য অটুট ৰখোটো এইছোৱা সময়ত পিতৃ-মাতৃৰ বাবে আটাইতকৈ জৰুৰী কাম হৈ পৰে আৰু ঠিক এইছোৱা সময়তে কেঁচুৱাটিৰ কোমল ছালখনৰ যতন লোৱাটো তেওঁলোকৰ বাবে এক গধুৰ দায়িত্ব৷ ভাৰতৰ পূৰ্বাঞ্চলৰ প্ৰতিকূল আৰু সাধাৰণতে জলীয় বাষ্পপূৰ্ণ বতৰত, কেঁচুৱাৰ ছালৰ যতনৰ ক্ষেত্ৰত জনছনছ বেবী ক্ৰিম হৈছে আটাইতকৈ উপযোগী কাৰণ ইয়াক আপোনাৰ কেঁচুৱাটিৰ কোমল ছালখনক মসৃণ আৰু সাৰ্থক যতন দিব পৰাকৈ প্ৰস্তুত কৰা হয় আৰু ইয়াক ব্যৱহাৰ কৰিলে গোটেই বছৰজুৰি ছালখন কোমল আৰু মসৃণ হৈ থাকে৷

কেঁচুৱাৰ ছালখন তেনেই সুকীয়া প্ৰকৃতিৰ, প্ৰাপ্তবয়স্কৰ তুলনাত তেনেই কোমল আৰু সংবেদনশীল৷ জনছনছ বেবী ক্ৰিমে কেঁচুৱাটিৰ ছালখন আদ্ৰৰ্ কৰি ৰখাৰ ফলত বিশেষকৈ জলীয় বাষ্পপূৰ্ণ অথবা ঘৰৰ ভিতৰৰ শুকান পৰিবেশত ইয়াক শুষ্কতা, বগা চোকোৰা, খজুৱতি আৰু পোৰণি আদিৰ পৰা ৰক্ষা কৰে৷ একোটি কেঁচুৱাৰ ছালৰ যতনৰ সময়খিনিত ৰম দিনাৰে পৰাই আপোনাৰ কেঁচুৱাটিৰ ছালখনক সুৰক্ষিত কৰাৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা জনছনছ বেবী ক্ৰিম আৰু বেবী লোচনে অতিকে সহায় কৰে৷

ভাৰতৰ পূৰ্বাঞ্চলৰ শিশুৰ বাবে কিয় জনছনছ বেবী ক্ৰিম হৈছে শ্ৰেষ্ঠ পছন্দ ?

পূব ভাৰতত গোটেই বছৰটোত বিভিন্ন ধৰণৰ বতৰৰ প্ৰভাৱ পৰিলক্ষিত হয় যদিও ইয়াৰ আটাইতকৈ প্ৰবল বতৰছোৱা হয়গৈ গৰম আৰু আদ্ৰৰ্তাৰে পূৰ্ণ, বিশেষকৈ গ্ৰীষ্ম আৰু বাৰিষাৰ সময়ত৷ পশ্চিমবংগ, অসম আৰু উত্তৰ-পূবৰ অন্যান্য ৰাজ্যসমূহত প্ৰায়েই উচ্ছ মাত্ৰাৰ আদ্ৰৰ্তা পৰিলক্ষিত হয়, যি বিশেষকৈ ছালৰ যতনৰ ক্ষেত্ৰত এছোৱা বাৰুকৈয়ে প্ৰত্যাহ্বানপূৰ্ণ সময় ৷ উচ্ছ মাত্ৰাৰ জলীয় ভাপৰ প্ৰভাৱত অতিমাত্ৰা ঘাম ওলায়, যাৰ ফলত কেঁচুৱাটিৰ সংবেদনশীল ছালখনত দাগ পৰা আৰু খজুৱতিৰ দৰে সমস্যাই দেখা দিব পাৰে৷ ভাৰতৰ পূৰ্বাঞ্চলত বাস কৰা শিশুসকলৰ বাবে কেঁচুৱাৰ ছালৰ যতনৰ উপযোগী, বিশেষভাৱে প্ৰস্তুত কৰা পাতল ধৰণৰ বেবী ক্ৰিম অথবা লোচন ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়া হয়৷ জনছনছ বেবী ক্ৰিমে ইয়াৰ পাতল, এঠা নোহোৱা আৰু সোনকালে লীন যোৱা প্ৰকৃতিৰ বাবে তৈলাক্ত নোহোৱাকৈ ছালখনক সিক্ত কৰি ৰাখিব পাৰে, যাৰ ফলত বিশেষকৈ গৰম বাতাৱৰণত ই সকলোৰে বাবে আটাইতকৈ উপযোগী হৈ পৰে৷ তদুপৰি, গ্ৰীষ্ম আৰু শীতৰ সলনাসলনিকৈ হোৱা বতৰত প্ৰায়ে ঘূৰি ঘূৰি ঘাম ওলোৱা আৰু শুষ্কতাৰ দৰে সমস্যাই দেখা দিব পাৰে, যি শিশুটিৰ ছালখনৰ অধিক ক্ষতি কৰে৷ সেয়ে তেনে পৰিবেশত আদ্ৰৰ্তা আৰু স্বাচ্ছন্দ্যৰ যথোপযুক্ত ভাৰসাম্য ৰক্ষা কৰিব পৰা জনছনছ বেবী ক্ৰিম হৈ পৰে অত্যুত্তম পছন্দ৷

পছন্দৰ ক্ষেত্ৰত সঠিক সিদ্ধান্ত গ্ৰহণ :

কেঁচুৱাৰ বাবে সঠিক বেবী ক্ৰিম বা লোচনবিধ বাছি লওঁতে, কেঁচুৱাটিৰ ক্ষেত্ৰত ৰম দিনাৰে পৰাই ব্যৱহাৰৰ উপযোগী সুৰক্ষিত উপাদানৰ সন্ধান কৰা হয়৷ জনছনছ বেবী ক্ৰিম আৰু লোচনসমূহ কেঁচুৱাৰ ছালখন সুৰক্ষিত কৰিব পৰাকৈ শিশুৰোগ বিশেষজ্ঞ আৰু চৰ্মৰোগ বিশেষজ্ঞৰ দ্বাৰা পৰীক্ষা কৰোৱা৷ ই শিশুটিৰ ছালখনক সুদীৰ্ঘ সময়ৰ বাবে জীপাল কৰি ৰাখে, যাৰ ফলত গোটেই বছৰজুৰি তেওঁলোকৰ ছালখন কোমল আৰু স্বাস্থ্যপূৰ্ণ হৈ থাকে৷ আদ্ৰৰ্তা ধৰি ৰাখিব পৰাকৈ তৈয়াৰ কৰা হেতুকে ই ঘনাই ঘাম ওলোৱাৰ বাবে অধিক গা ধুৱাবলগীয়া হোৱা জলীয় বাষ্পৰে পূৰ্ণ বতৰত অধিক ফলদায়ক হৈ পৰে, কাৰণ ই ছালখনত থকা প্ৰাকৃতিক তেলসমূহ ধৰি ৰাখিব পাৰে৷ কেমোমাইলৰ নিৰ্যাসেৰে সমৃদ্ধ হোৱা হেতুকে ই শিশুটিৰ ছালখনক জুৰ পেলাব পাৰে৷

মনত ৰাখিব, মূল লক্ষ্য হৈছে আপোনাৰ শিশুটিৰ ছালখনক জীপাল, সুৰক্ষিত আৰু সবাতোকৈ গুৰুত্বপূৰ্ণভাৱে স্বাস্থ্যকৰ কৰি ৰখাহে৷ জনছনছ বেবী ক্ৰিমে এই ক্ষেত্ৰত আপোনাৰ শিশুটিৰ ছালখন কোমল, আদ্ৰৰ্ আৰু যিকোনো বতৰতে উপযুক্ত যতন লোৱাটো নিশ্চিত কৰিব পৰাকৈ উপযুক্ত সমাধান আগবঢ়ায়৷ জনছনছ বেবী ক্ৰিম ব্যৱহাৰ কৰিলে আপোনাৰ শিশুটিয়ে সম্ভাব্য শ্ৰেষ্ঠ যতন লাভ কৰাটো নিশ্চিত হৈ পৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in