ডিজিটেল ডেস্কঃ প্ৰসিদ্ধ তিৰুপতি মন্দিৰৰ প্ৰসাদৰ লাড়ুত জন্তুৰ চৰ্বি আৰু মাছৰ তেল ব্যৱহাৰৰ বিতৰ্কক লৈ সমগ্ৰ দেশজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়াৰ। তীব্ৰ ৰাজনৈতিক উত্তেজনাৰো সৃষ্টি কৰিছে এই বিতৰ্কই। কিন্তু দৈনিক ৬০ হাজাৰৰো অধিক তীৰ্থযাত্ৰীক আকৰ্ষণ কৰা শ্ৰী ভেংকটেশ্বৰ মন্দিৰৰ এই বহুমূলীয়া প্ৰসাদৰ লাড়ুৰ বিক্ৰীৰ ক্ষেত্ৰত কোনো প্ৰভাৱ পেলাব নাই এই বিতৰ্কই।
মন্দিৰ প্ৰশাসনৰ তথ্য অনুসৰি যোৱা চাৰিদিনত বিক্ৰী হৈছে ১৪ লাখৰো অধিক তিৰুপতি লাড়ু। মন্দিৰ প্ৰশাসনৰ তথ্য অনুসৰি, ১৯ ছেপ্টেম্বৰত মুঠ ৩.৫৯ লাখ লাড়ু, ২০ ছেপ্টেম্বৰত ৩.১৭ লাখ, ২১ ছেপ্টেম্বৰত ৩.৬৭ লাখ, আৰু ২২ ছেপ্টেম্বৰত ৩.৬০ লাখ লাড়ু বিক্ৰী হৈছে। উল্লেখ্য যে, তিৰুপতি মন্দিৰত প্ৰতিদিনে ৩ লাখৰো অধিক লাড়ু প্ৰস্তুত কৰা হয়। মন্দিৰলৈ অহা তীৰ্থযাত্ৰীসকলে এই লাড়ু বন্ধু-বান্ধৱ, আত্মীয়-স্বজনৰ বাবে ক্ৰয় কৰে।
প্ৰণিধানযোগ্য যে, তিৰুপতিৰ এই প্ৰসাদৰ লাড়ু প্ৰস্তুতকৰণত বংগৰ বেচন, গৰুৰ ঘিউ, চেনি, কাজু, কিচমিচ, আলমণ্ড ব্যৱহাৰ কৰা হয়। লাড়ু প্ৰস্তুতৰ বাবে দৈনিক ১৫ হাজাৰ কেজি গৰুৰ ঘিউ ব্যৱহাৰ কৰা হয়। কিন্তু শেহতীয়াকৈ এই লাড়ুত গৰু আৰু গাহৰিৰ চৰ্বি তথা মাছৰ তেল ব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছিল। গুজৰাটৰ এটা পৰীক্ষাগাৰে প্ৰকাশ কৰা প্ৰতিবেদনৰ উদ্ধৃতি দি অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে পূৰ্বৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীৰ বিৰুদ্ধে অভিযোগৰ আঙুলি টোঁৱোৱাৰ পিছতে বৃদ্ধি পায় ৰাজনৈতিক উত্তেজনাৰ।
পৰৱৰ্তী সময়ত এই অভিযোগৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰে বিশেষ তদন্তকাৰী দল। কিন্তু এই সমস্ত বিতৰ্কৰ পিছতো নিয়মিতভাৱে বিক্ৰী হৈ আছে তিৰুপতিৰ এই প্ৰসাদৰ লাড়ু। এই সন্দৰ্ভত এগৰাকী ভক্তই কয়, ''এয়া আমাৰ বাবে বিশ্বাসৰ বিষয়। আৰু আমাৰ বিশ্বাস এনে ধৰণৰ বিতৰ্ক বা অভিযোগতকৈ বহু ওপৰত।’’ ইফালে তিৰুপতিৰ প্ৰসাদ বিতৰ্কৰ পিছতে আন কেবাটাও মন্দিৰৰ প্ৰসাদো চৰ্চালৈ আহিছে।