কি দিন আহিল! সা-সম্পত্তিৰ লোভত এগৰাকী মহিলাই ৫০জন পুৰুষৰ সৈতে পাতিলে বিয়া...

কি দিন আহিল! সা-সম্পত্তিৰ লোভত এগৰাকী মহিলাই ৫০জন পুৰুষৰ সৈতে পাতিলে বিয়া...
Published on
Updated on


ডিজিটেল ডেস্কঃ কি যে যুগ আহিল? এই বাতৰি পঢ়াৰ পাছত আপোনাৰ মনতো উদয় হব এই প্ৰশ্নৰ। এজন দুজন নহয়,  এগৰাকী মহিলাই ৫০গৰাকীকৈ পুৰুষৰ সৈতে বিয়াত বহিল। এই ঘটনা আচৰিত যেন লাগিলেও ঘটনাতো কিন্তু সংঘটিত হৈছে আমাৰ দেশতে। এগৰাকী মহিলাই ৫০গৰাকীকৈ পুৰুষৰ সৈতে পৃথকে পৃথকে বিয়াত বহি লুটিলে লাখ লাখ টকাৰ আ-অলংকাৰ আৰু নগদ ধন। শেহতীয়াকৈ এই সমগ্ৰ ঘটনা পোহৰলৈ আহিছে আৰক্ষীৰ তদন্তত।

ঘটনাতো সংঘটিত হৈছে তামিলনাডুৰ তিৰুপুৰত। শেহতীয়াকৈ তিৰুপুৰৰ তাৰামপুৰ গাঁৱৰ এগৰাকী পুৰুষে স্থানীয় মহিলা থানাত গোচৰ ৰুজু কৰাৰ পাছতে পোহৰলৈ আহিছে এই সমগ্ৰ তথ্য। মহেশ অৰবিন্দ নামৰ ৩০বছৰীয়া যুৱকগৰাকীয়ে কিছুদিনৰ পূৰ্বে বিয়াৰ বাবে যো জা চলাইছিল। বিভিন্ন মাধ্যমৰে তেওঁ ছোৱালীৰ সন্ধান কৰি অৱশেষত এটা মোবাইল এপছৰ জৰিয়তে বিচাৰি পালে সন্ধ্যা নামৰ এগৰাকী যুৱতীক। দুয়োৰে মাজত কথা-বতৰা হোৱাৰ পাছত মন্দিৰত গৈ দুয়ো বিবাহ পাশত আৱদ্ধ হল।

বিয়াৰ কিছুদিনৰ পাছতহে আঁচল ঘটনা পোহৰলৈ আহিল। মহেশে এদিন সন্ধ্যাৰ আধাৰ কাৰ্ডখন চাই দেখে যে, তাত সন্ধ্যাৰ ফটো নায়েই। সন্ধ্যাৰ সলনি আধাৰ কাৰ্ডত আছিল চেন্নাইৰ এগৰাকী মহিলাৰ ফটো। তাৰ পিছতে মহেশে সন্ধাক সোধাৰ পাছত সন্ধ্যাই ব্লেকমেইলিং কৰিবলৈ লয় পৰিয়ালটোক।

পৰিস্থিতি বিষম দেখি মহেশে স্থানীয় থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে সমগ্ৰ ঘটনা তদন্ত কৰি পোহৰলৈ আনে যে, বিগত ১০বছৰৰ পৰাই মহিলাগৰাকীয়ে ভিন্ন নাম লৈ এনে কাম কৰি আহিছে। ভিন্ন ঠাইত মহিলাগৰাকীৰ সন্তানো আছে বুলি আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে। আৰক্ষীয়ে ভিন্ন থানাৰ সৈতে যোগাযোগ কৰি দেখে যে, মহিলাগৰাকীয়ে এতিয়ালৈকে ৫০ৰো অধিক লোকক এই জালত পেলাই প্ৰথমে বিয়া আৰু পিছত ব্লেকমেইলিং কৰি লাখ লাক টকাৰ লগতে আ-অলংকাৰ লৈ পলায়ন কৰে।

আৰক্ষীয়ে মহিলাগৰাকীক শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰিছে আৰু আদালতত হাজিৰ কৰিছে। বৰ্তমান আৰক্ষীৰ জিম্মাত আছে মহিলাগৰাকী।

কি দিন আহিল! সা-সম্পত্তিৰ লোভত এগৰাকী মহিলাই ৫০জন পুৰুষৰ সৈতে পাতিলে বিয়া...
মহিলাৰ পৰা পুৰুষঃ প্ৰথমবাৰৰ বাবে ভাৰতত লিংগ সলনি কৰিলে IRS বিষয়াই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in