তিতাবৰ জিলা পঞ্চম সংখ্যক আন্ত: ক্লাৱ কাৰাটে প্ৰতিযোগিতা সম্পন্ন

তিতাবৰ জিলা কাৰাটে-ড' সন্থাৰ উদ্যোগত বোকাহোলা চাহ জনগোষ্ঠী ৰাজহুৱা প্ৰেক্ষাগৃহত পঞ্চম সংখ্যক তিতাবৰ জিলা আন্তঃ ক্লাৱ কাৰাটে প্ৰতিযোগিতাখনি দেওবাৰে বিয়লি সফলতাৰে সম্পন্ন হৈ যায়

author-image
Asomiya Pratidin
New Update
তিতাবৰ জিলা পঞ্চম সংখ্যক আন্ত: ক্লাৱ কাৰাটে প্ৰতিযোগিতা সম্পন্ন 

তিতাবৰ জিলা পঞ্চম সংখ্যক আন্ত: ক্লাৱ কাৰাটে প্ৰতিযোগিতা সম্পন্ন 

ডিজিটেল সংবাদ বেকাজান : তিতাবৰ জিলা কাৰাটে-ড' সন্থাৰ উদ্যোগত বোকাহোলা চাহ জনগোষ্ঠী ৰাজহুৱা প্ৰেক্ষাগৃহত পঞ্চম সংখ্যক তিতাবৰ জিলা আন্তঃ ক্লাৱ কাৰাটে প্ৰতিযোগিতাখনি দেওবাৰে বিয়লি সফলতাৰে সম্পন্ন হৈ যায়। সাধাৰণ সম্পাদক মনজিৎ হাজৰিকাই আঁত ধৰা এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত সভাপতিত্ব কৰে সন্থাৰ কাৰ্যকৰী সভাপতি হেমকান্ত দত্তই।

উক্ত অনুষ্ঠানত উপস্থিত থাকে তিতাবৰ জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক তৰুণ দত্ত, কাৰাটে ইণ্ডিয়া অৰ্গেনাইজেছনৰ যুটীয়া সম্পাদক তথা ইউনিফাইড কাৰাটে সন্থা, অসম(উ'কা)ৰ সাধাৰণ সম্পাদক নগেন বংজাঙৰ লগতে বহুকেই গৰাকী ক্ৰীড়া সংগঠক। সভাত কমনৱেলথ কাৰাটে প্ৰতিযোগিতাত ৫টাকৈ সোণ পদক লাভ কৰি দেশৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনা হেমফু বংজাঙক সম্বৰ্ধনা জনোৱাৰ লগতে নগদ  ১০ হাজাৰ টকা জিলা সন্থাৰ পৰা আগবঢ়ায়। 

তিতাবৰ জিলা পঞ্চম সংখ্যক আন্ত: ক্লাৱ কাৰাটে প্ৰতিযোগিতা সম্পন্ন 
তিতাবৰ জিলা পঞ্চম সংখ্যক আন্ত: ক্লাৱ কাৰাটে প্ৰতিযোগিতা সম্পন্ন 

আনহাতে  ২০২৪ বৰ্ষত ৰাষ্ট্ৰীয় ছাৱ জুনিয়ৰ প্ৰতিযোগিতাত ৰূপৰ পদক প্ৰাপক  লক্ষ্মী ৰেগনক সম্বৰ্ধনা জনোৱাৰ লগতে ২ হাজাৰ টকা  প্ৰদান কৰে । প্ৰতিযোগিতাখনি তিতাবৰ জিলা কাৰাটে -ড' সন্থাৰ অন্তৰ্গত ৫  টা ক্লাৱৰ দুই শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।

Assam Sports titabar