তিতাবৰ পৌৰসভাত ক্ষমতাৰ নামত বহুৱালিঃ ছয় ৱাৰ্ড কমিছনাৰক গুৱাহাটীলৈ তলব ভবেশ কলিতাৰ...

তিতাবৰ পৌৰসভাত ক্ষমতাৰ নামত বহুৱালিঃ ছয় ৱাৰ্ড কমিছনাৰক গুৱাহাটীলৈ তলব ভবেশ কলিতাৰ...
Published on
Updated on

ডিজিটেল সংবাদ বেকাজানঃ ক্ষমতাৰ খোৱা কামোৰাক লৈ দুটা বছৰ অতিবাহিত কৰি অহা বিজেপি শাসিত তিতাবৰ পৌৰ সভাৰ বিজেপি দলৰ সদস্যসকলৰ কাণ্ড কাৰখানাইসম্প্ৰতি তিতাবৰৰ নগৰবাসীক অতিষ্ঠ কৰাই নহয় জনপ্ৰতিনিধিৰ ওপৰত থকা আস্থা আৰু বিশ্বাস ভূলুণ্ঠিত কৰি তুলিছে। দহখন আসন বিশিষ্ট পৌৰসভাখনত কাৰ্যনিৰ্বাহ কৰিবলৈ জনসাধাৰণে নিৰ্বাচিত কৰি পঠোৱা গেৰুৱা দলৰ ছয়গৰাকী সদস্যই জনসাধাৰণৰ উন্নয়নৰ কামত ব্ৰতী হোৱাৰ বিপৰীতে বিগত দুবছৰ ধৰি পৌৰপতি ৰূপা দত্ত শইকীয়াক গাদীচ্যুত কৰাত ব্যস্ত হৈ জনসাধাৰণৰ উন্নয়নৰ প্ৰতি পিঠি দিয়া বুলি চৰ্চিত হৈছে।

গেৰুৱা দলৰ ছয় গৰাকী সদস্যৰ চাৰি গৰাকী সদস্যই পৌৰপতি সলনিৰ দাবীত কৰি অহা নাটকৰ কার্যক্রমণিকাত তিনিবাৰ অনাস্থা প্ৰস্তাৱ উত্থাপন কৰি প্ৰতি বাবেই শেষ মুহূৰ্তত বুজাবুজি কৰি অহা বিজয়ৰ ৱাৰ্ড কমিছনাৰসকল এতিয়া ৰাইজৰ মাজত হাঁহিয়তাৰ পাত্ৰ হৈ পৰিছে। শেহতীয়াকৈ উপ পৌৰপতি ডম্বৰুধৰ শইকীয়াৰ নেতৃত্বত শাসকীয় দলৰ ছজনীয়া ৱাৰ্ড কমিছনৰৰ চাৰি গৰাকী সদস্যই অনাস্থা প্ৰস্তাৱ উত্থাপন কৰি পুনৰ বৰ পৌৰপতি হটাও অভিযান আৰম্ভ কৰিছিল ।

ইয়াৰ অংশ হিচাপে আজি অনাস্থা প্ৰস্তাব কাৰ্যকৰী গৃহীত কৰাৰ কথা আছিল যদিও দুপৰ নিশা দলৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই বিষয়টোত হস্তক্ষেপ কৰি ক্ষুব্ধ সদস্যসকলক গুৱাহাটীলৈ জৰুৰীভাবে তলব কৰে। ৰাজিক সভাপতিৰ নিৰ্দেশ অনুসৰি ছজনীয়া শাসকীয় দলৰ ৱাৰ্ড কমিছনাৰ ভিতৰত পৌৰপতি ৰূপা দত্ত শইকীয়া উপ পৌৰপতি ডম্বৰুধৰ শইকীয়া আৰু ৱাৰ্ড কমিছনাৰ ৰশ্মি ভট্টাচাৰ্যই গুৱাহাটীলৈ ঢাপলিয়াই যোৱাৰ বিপৰীতে প্ৰাক্তন পৌৰপতি ৰাজীৱ দত্ত, নিপা চুতীয়া লাহন আৰু অনন্ত কছাৰীয়ে গুৱাহাটীৰ সভা বৰ্জন কৰে।

সভাপতি কলিতাই খং ক্ষোভ সামৰি উপস্থিত সকলোকে সমিল মিলেৰে পৌৰসভা পৰিচালনা কৰিবলৈ পৰামৰ্শ দি তিতাবৰৰ পৰা যোৱা পৌৰসভাৰ তিনিজনীয়া দলটোক পুনৰ ঘূৰাই পঠোৱা বুলি জানিব পৰা গৈছে।ইফালে ৰাজ্যিক সভাপতিৰ আজিৰ সভাৰ পাছত পৌৰসভাখনৰ এক পৰিৱৰ্তন আশা কৰি অহা যোৱা সদস্যসকলে সভাপতি ভবেশ কলিতাৰ আচৰণত ক্ষুব্ধ হৈ পৰা বুলি জানিব পৰা গৈছে। নাম প্ৰকাশত অনিচ্ছুক এগৰাকী পৌৰ সদস্যই চৰকাৰ আৰু দলে তিতাবৰ পৌৰ সভাৰ সদস্যসকলক ভৃত্যৰ দৰে আচৰণ কৰে বুলি অভিযোগ কৰিছে।

ইফালে গুৱাহাটীত আজি ৰাজ্যিক সভাপতিৰ সৈতে অনুষ্ঠিত হোৱা সভা কাৰ্যত ব্যৰ্থ হোৱাৰ পাছত অধিক তৎপৰ হৈছে বিসম্বাদী শিবিৰ। দলৰ শীৰ্ষ নেতৃত্বই তিতাবৰ পৌৰ সভা সম্পৰ্কত খেলা লৰা ধেমালিত লৰ্জানত ক্ষুব্ধ বিসম্বাদী সদস্য সকলে আজি স্থগিত ৰখা সভা ২২ জুলাইত অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিছে। উক্ত দিনা ১১ বজাত অনাস্থা প্ৰস্তাৱ গৃহীত কৰাৰ বাবে সভাখন অনুষ্ঠিত হবই বুলি স্পষ্ট কৰি এইবাৰ দলৰ কোনো কথাই মনা নহয় বুলি হুংকাৰ দিছে একাধিক শাসকীয় দলৰ সদস্যই।

বিসম্বাদী শিবিৰে ৪ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ ৰশ্মি ভট্টাচাৰ্যক নতুন পৌৰপতি ৰূপে ২২ তাৰিখৰ সভাত নিৰ্বাচিত কৰিব বুলি এক সূত্ৰই সদৰী কৰিছে।গেৰুৱা শিবিৰৰ এনে তৎপৰতাৰ মাজতে দলটোৰ এগৰাকী ৱাৰ্ড কমিচনাৰে কংগ্ৰেছৰ পোছাক পিন্ধাটো এক প্ৰকাৰৰ নিশ্চিত হোৱা বুলি জানিব পৰা গৈছে।অহা ২৭ জুলাইত তিতাবৰলৈ আহিব লগীয়া যোৰহাট লোক সভাৰ নৱনিৰ্বাচিত সাংসদ গৌৰৱ গগৈৰ উপস্থিতিত অনুষ্ঠিত হবলগা বিশাল যোগদান সমাৰোহত উক্ত ৱাৰ্ড কমিছনাৰ গৰাকীয়ে কংগ্ৰেছত যোগদান কৰিব বুলি এক সূত্ৰই জানিবলৈ দিছে। ক্ষমতাৰ খঁকত অস্থিৰ হৈ জনতাৰ উন্নয়নক ভঙুচালি কৰি অহা তিতাবৰ পৌৰ সভাৰ নিৰ্বাচিত জনপ্ৰতিনিধিক চূড়ান্তভাৱে ক্ষুব্ধ হৈ পৰিছে তিতাবৰ নগৰবাসী ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in