প্ৰধান সচিব নোহোৱাকৈ চলিছে ঠেঙ্গাল কছাৰী স্বায়ত্ত শাসিত পৰিষদ

প্ৰধান সচিব নোহোৱাকৈ চলিছে ঠেঙ্গাল কছাৰী স্বায়ত্ত শাসিত পৰিষদ

author-image
Asomiya Pratidin
New Update
প্ৰধান সচিব নোহোৱাকৈ চলিছে ঠেঙ্গাল কছাৰী স্বায়ত্ত শাসিত পৰিষদ

ডিজিটেল সংবাদ, বেকাজানঃ তিতাবৰ ধলিস্থ ঠেঙ্গাল কছাৰী স্বায়ত্ত পৰিষদৰ প্ৰশাসনিক কামকাজত অচলাৱস্থা। বিগত ৪মাহ ধৰি প্ৰধান সচিব নোহোৱাকৈ চলিছে ঠেঙ্গাল কছাৰী স্বায়ত্ব শাসিত পৰিষদ।

উল্লেখযোগ্য যে পৰিষদখনৰ প্ৰধান সচিব গৰাকীক নিৰ্বাচনৰ পূৰ্বেই বদলি কৰা হৈছিল শিলচৰলৈ। ইয়াৰ পিছত বিগত ৪মাহ দিন হ'ল নতুন সচিব নিযুক্তি দিয়া নাই। ফলত সচিব নথকাৰ বাবে পৰিষদখনৰ কাম কাজত অসুবিধাৰ সন্মুখীন হৈছে।

কেৱল পৰিষদৰ কামকাজেই স্থবিৰ হৈ পৰিছে তেনে নহয় লগতে সাধাৰণ ৰাইজ অসুবিধা সন্মুখীন হৈছে। ঠেঙ্গাল স্বায়ত্ত পৰিষদখনত সচিব নথকাৰ বাবে পূৰ্বৰ প্ৰধান সচিব প্ৰণৱ কুমাৰ বৰাই শিলচৰৰ পৰা মাহেকে আহি কাৰ্যালয়ৰ কাম কাজ চাব লগা হৈছে।

উল্লেখ্য যে ঠেঙ্গাল কছাৰী স্বায়ত্ত-শাসিত পৰিষদত পূৰ্বতে স্থায়ী প্ৰধান সচিব আছিল।কিন্তু সেইগৰাকী বদলি হোৱাত অস্থায়ীভাৱে প্ৰণৱ কুমাৰ বৰাক নিযুক্তি দিয়া হৈছিল। কিন্তু প্ৰণৱ কুমাৰ বৰাক নিৰ্বাচন পূৰ্বে শিলচৰলৈ বদলি কৰাত এতিয়া পৰিষদৰ উন্নয়নমূলক কামকাজ স্থবিৰ হৈ পৰিছে।

সম্প্ৰতি পাৰিষদকলৰ লগতে সাধাৰণ ৰাইজে অতি শীঘ্ৰে স্থায়ী প্ৰধান সচিব নিযুক্তি দিবলৈ আহ্বান জনাইছে। আনহাতে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰতাপ কছাৰীয়েও এটা মাহৰ ভিতৰত পৰিষদখনত স্থায়ী প্ৰধান সচিব নিযুক্তি দিবৰ বাবে ভৈয়াম পৰিক্ৰমা মন্ত্ৰী ডা° ৰণোজ পেগুক আহ্বান জনাইছে যাতে পৰিষদৰ উন্নয়নমূলক চলাই যাব পৰা যায়।

Also Read: ধোদৰ আলিৰ নিৰ্মাণ আধাতে এৰি পলাল ঠিকাদাৰী প্ৰতিষ্ঠানঃ দুৰ্ভোগ জনতাৰ...

bekajan thengal kachari autonomus council