'আৰলেং ডেইলী' কাকতৰ সম্পাদক টি পি হাঞ্চেৰ বিয়োগ

'আৰলেং ডেইলী' কাকতৰ সম্পাদক টি পি হাঞ্চেৰ বিয়োগ

author-image
Asomiya Pratidin
New Update
'আৰলেং ডেইলী' কাকতৰ সম্পাদক টি পি হাঞ্চেৰ বিয়োগ

ডিজিটেল সংবাদ, হাওৰাঘাট: কাৰ্বি আংলং জিলাৰ ডিফু চহৰত ২০০৪ চনত জন্ম লাভ কৰা জনপ্ৰিয় কাৰ্বি ভাষাৰ প্ৰথম দৈনিক বাতৰি কাকত 'আৰলেং ডেইলী'ৰ প্ৰকাশক তথা সম্পাদক টি পি হাঞ্চেৰ (৪৪)ৰ সোমবাৰে পুৱতি নিশা ২.১৫ বজাত ডিফু চিকিৎসা মহাবিদ্যালয়ত কিডনী ৰোগত আক্ৰান্ত হৈ অকাল মৃত্যু হয়। তেওঁৰ অকাল বিয়োগত কাৰ্বি আংলঙৰ সাংবাদিক আৰু সংবাদ কৰ্মীৰ মাজত গভীৰ শোকৰ ছাঁ পেলায় ।

তেওঁৰ অকাল বিয়োগত কাৰ্বি আংলং জিলাৰ 'ছলাংদ' কাকতৰ মুখ্য সম্পাদক বৰছিং ৰংফাৰ, বিশিষ্ট সাংবাদিক ভৱেন বৰুৱা, বিশিষ্ট লেখক ভৱপ্ৰসাদ দেউৰী, বিশিষ্ট কবি সাহিত্যিক জয়ছিং টকবি, খয়াছিং হাঞ্চে, সাংবাদিক দিব্যজ্যোতি বৰা, শিক্ষক শৰৎ পাটৰে শোক প্ৰকাশ কৰে। 'অসমীয়া প্ৰতিদিন' ৰ সাংবাদিক ধৰ্মেন্দ্ৰ খাখলাৰী আদিয়ে শোক প্ৰকাশ কৰি কয় যে তেওঁৰ মৃত্যুত কাৰ্বি ভাষা সাহিত্যৰ বাবে অপূৰণীয় ক্ষতি হ'ল বুলি সকলোৱে মতামত ব্যক্ত কৰে। মৃত্যুৰ সময়ত পত্নী আৰু দুই পুত্ৰ আৰু এগৰাকী কন্যা এৰি গুচি যায় ।

Also Read: বাৰপূজীয়াত ৪২ৰ স্বাধীনতা আন্দোলনৰ ত্ৰিশ্বহীদ দিৱস উদযাপন

hauraghat