ট্ৰেডিং কেলেংকাৰীঃ অচিৰেই মুকলি হ'ব চুমি-বিশাল...

অচিৰেই মুকলি আকাশৰ তললৈ আহিব পাৰে দেশ জোঁকাৰি যোৱা ট্ৰেডিং কেলেংকাৰী অন্যতম অভিযুক্ত বিশাল, চুমি আৰু তাৰ্কিক। ইতিমধ্যে চি বি আয়ে জেৰা চলাই থকা তিনিওগৰাকীক বুধবাৰে হাজিৰ কৰোৱা হয় চি বি আই আদালতত।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
চুমি

ডিজিটেল ডেস্কঃ অচিৰেই মুকলি আকাশৰ তললৈ আহিব পাৰে দেশ জোঁকাৰি যোৱা ট্ৰেডিং কেলেংকাৰী অন্যতম অভিযুক্ত বিশাল, চুমি আৰু তাৰ্কিক। ইতিমধ্যে চি বি আয়ে জেৰা চলাই থকা তিনিওগৰাকীক বুধবাৰে হাজিৰ কৰোৱা হয় চি বি আই আদালতত।

ইফালে জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন কৰিছে চুমি, বিশাল আৰু তাৰ্কিকে। ন্যায়ালয়ে ১৪নৱেম্বৰত কেছ ডায়েৰী দাখিল কৰিবলৈ চি বি আইক নিৰ্দেশ প্ৰদান কৰিছে। ১৪নৱেম্বৰত তিনিওৰে জামিন আবেদনক লৈ শুনানি গ্ৰহণ কৰিব আদালতে।

উল্লেখ কৰা প্ৰয়োজন যে, ইতিমধ্যে জামিন লাভ কৰিছে ট্ৰেডিং কেলেংকাৰী অন্যতম এগৰাকী অভিযুক্ত ৰঞ্জিত কাকতিয়ে। আনফালে তাৰ্কিক বৰাৰ ভাতৃ অম্লান বৰাইও কিছুদিনৰ পূৰ্বে লাভ কৰিছে জামিন। এই সকলোবোৰ দিশ পৰা অচিৰেই চুমি-বিশালে অচিৰেই জামিন লাভ কৰাতো প্ৰায় নিশ্চিত। 

ট্ৰেডিং কেলেংকাৰী