ভেৰভেৰী দেউৰীগাঁৱত পৰম্পৰাগত বোকা ভাওনা

ভেৰভেৰী দেউৰীগাঁৱত পৰম্পৰাগত বোকা ভাওনা

Published on

ডিজিটেল সংবাদ, বঢ়মপুৰ: নগাঁও জিলাৰ বঢ়মপুৰৰ সমীপৱৰ্তী ভেৰভেৰী দেউৰীগাঁৱত পৰম্পৰাগতভাৱে অনুষ্ঠিত কৰি অহা “বোকা ভাওনা” বৃহস্পতিবাৰে হৰ্ষোৎল্লাহৰ মাজেৰে অনুষ্ঠিত হৈ যায়৷ ভেৰভেৰী দেউৰীগাঁৱত পঙ্কোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰি অহা বোকা ভাওনা সমগ্ৰ অঞ্চলৰ ৰাইজৰ বাবে এক আকৰ্ষণীয় অনুষ্ঠান৷

শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ পাছত একাদশীৰ দিনটোত প্ৰতিবছৰে উলহ-মালহেৰে পঙ্কোৎসৱ পতা হয় ৷ দেউৰীগাঁও নামঘৰত পুৱা খোল প্ৰসঙ্গৰে আৰম্ভ হোৱা দিনযোৰা কাৰ্য্যসূচীত গাঁৱৰ সকলো ৰাইজে অংশগ্ৰহণ কৰে। পৰৱৰ্তী সময়ত নাম প্ৰসঙ্গ আৰু প্ৰসাদ-ভোগ বিতৰণ কৰে৷ বিয়লি বোকা ভাওনাৰ বাবে নিৰ্দিষ্ট কৰা নামঘৰৰ ওচৰৰে ঠাইখনত এটা প্ৰকাণ্ড পুখুৰী সদৃশ খাল খান্দি তাত পানী ঢালি বোকাময় কৰি লয় আৰু তাৰ চাৰিওফালে বোকা ভাওনাত অংশগ্ৰহণ কৰা পুৰুষ সকলে শাৰীপাতি বহি নাম- প্ৰসঙ্গ কৰে ৷

তাৰপাছত অংশগ্ৰহণকাৰী ভক্তবৃন্দই আনন্দ মনেৰে বোকাত নামি লুটুৰি-পুতুৰি হৈ বোকা খেলে আৰু ইজনে সিজনলৈ বোকা চটিয়াই মনৰ আনন্দ প্ৰকাশ কৰে ৷ বোকা ভাওনাৰ অন্তত অংশগ্ৰহণকাৰীসকলে পুনৰ স্নান কৰি নামঘৰত নাম- প্ৰসঙ্গ কৰি দিনজোৰা কাৰ্য্যসূচীৰ সামৰণি মাৰে আৰু দৰ্শনাৰ্থী ভক্তবৃন্দই মিটিকাৰে গোঁসাইঘৰত ফোট ল’বলৈ বোকা সংগ্ৰহ কৰা পৰিলক্ষিত হয়৷ ইফালে পঙ্কোৎসৱৰ লগত সংগতি ৰাখি আজি নিশালৈ বৃহত্তৰ অঞ্চলটোৰ স্থানীয় কলা- কুশলীসকলৰ দ্বাৰা " হয়গ্ৰীৱ ৰজাৰ ধৰ্মপৰীক্ষা" নাটখনি পৰিৱেশন কৰা হ'ব বুলি জানিব পৰা গৈছে ।

X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in