পশ্চিমবংগৰ ৰে’ল দুৰ্ঘটনাঃ বাতিল কৰা হৈছে ৰে’ল চলাচল, পঢ়ক সবিশেষ...

পশ্চিমবংগৰ ৰে’ল দুৰ্ঘটনাঃ বাতিল কৰা হৈছে ৰে’ল চলাচল, পঢ়ক সবিশেষ...
Published on
Updated on

ডিজিটেল ডেস্কঃ সোমবাৰে পুৱা সংঘটিত হোৱা পশ্চিমবংগৰ ৰে’ল দুৰ্ঘটনাক কেন্দ্র কৰি বাতিল কৰা হৈছে বহুকেইখন ৰে’ল। বাতিল কৰা হৈছে 19602 নিউ জলপাইগুৰি-উদয়পুৰ সংযোগী ৰে’ল। বাতিল কৰা হৈছে 20503 নম্বৰৰ ডিব্ৰুগড়-নতুন দিল্লী ৰাজধানী এক্সপ্রেছ, 12423 নম্বৰ ডিব্রুগড়-নতুন দিল্লী ৰাজধানী এক্সপ্রেছ, 01666 নম্বৰ আগৰতলা-ৰাণী কমলাপতি বিশেষ ৰে’ল, 12377 নম্বৰৰ শিয়ালদহ-নিউ আলীপুৰদুৱাৰ পদাতিক এক্সপ্রেছ।

ইয়াৰোপৰি বাতিল কৰা হৈছে 06105 নম্বৰৰ নগৰচইল-ডিব্রুগড়ৰ সংযোগী বিশেষ ৰে’ল, 20506 নম্বৰৰ নতুন দিল্লী-ডিব্রুগড় ৰাজধানী এক্সপ্রেছ, 12424 নম্বৰৰ নতুন দিল্লী-ডিব্রুগড়ৰ ৰাজধানী এক্সপ্রেছ, 22301 নম্বৰৰ হাওৰা-জলপাইগুৰি বন্দে ভাৰত এক্সপ্রেছ।

12346 নম্বৰৰ গুৱাহাটী-হাওৰা শৰাইঘাট এক্সপ্রেছ, 12505 নম্বৰৰ কামাখ্যা-আনন্দ বিহাৰ উত্তৰ-পূব এক্সপ্রেছ, 12510 নম্বৰৰ গুৱাহাটী-বাংগালুৰু এক্সপ্রেছ, 15620 নম্বৰৰ কামাখ্যা-গয়া সংযোগী এক্সপ্রেছ, 15962 নম্বৰৰ ডিব্রুগড়-হাওৰা কামৰূপ এক্সপ্রেছ, 15636 নম্বৰৰ গুৱাহাটী-ওখ এক্সপ্রেছ,15930 নম্বৰৰ নিউ তিনিচুকীয়া-তামব্রাম এক্সপ্রেছ, 22504 নম্বৰৰ ডিব্রুগড়-কন্যাকুমাৰী এক্সপ্রেছৰ চলাচল বাতিল কৰা হৈছে।

উল্লেখ কৰা প্ৰয়োজন যে, উত্তৰ বংগৰ নিউ জলপাইগুৰি ষ্টেচন পাৰ হৈ ৰঙাপানী ৰে’ল ষ্টেচনৰ সমীপতে সংঘটিত হৈছে এই দুৰ্ঘটনা। খবৰ অনুসৰি, একেটা ট্ৰেকতে আহিছিল দুয়োখন ৰে’ল। দুৰ্ঘটনাত আহতসকলক ইতিমধ্যে উত্তৰ বংগৰ হাস্পতালত ভৰ্তি কৰা হৈছে। আহতসকলৰ ভিতৰত কেইবাজনৰ অৱস্থা সংকটজনক বুলি জনাইছে প্ৰশাসনে।

উল্লেখযোগ্য যে এই দুৰ্ঘটনাত কাঞ্চনজংঘা যাত্ৰীবাহী ৰে'লখনত আছিল লামডিং ৪৫ জনকৈ যাত্ৰী, লংকাৰ ২৪ গৰাকী আৰু হোজাইৰ ২৬গৰাকী যাত্ৰী ।

পশ্চিমবংগৰ ৰে’ল দুৰ্ঘটনাঃ বাতিল কৰা হৈছে ৰে’ল চলাচল, পঢ়ক সবিশেষ...
ডাঙৰ খবৰঃ দুৰ্ঘটনাগ্ৰস্ত 'কাঞ্চনজংঘা'ত আছিল অসমৰ ৯৫গৰাকী যাত্ৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in