আম,জাম, কল, কমলাঃ একেলগে ৪০বিধ ফল লগা গছ দেখিছানে কেতিয়াবা...

আম,জাম, কল, কমলাঃ একেলগে ৪০বিধ ফল লগা গছ দেখিছানে কেতিয়াবা...
Published on
Updated on

ডিজিটেল ডেস্কঃ আমেৰিকাত এনে এজোপা গছ আছে যিজোপা গছত ৪০বিধৰো অধিক ফল লাগে। শুনি আচৰিত হৈছে হয়তো, কিন্তু মিছা নহয় এই কথা। ৪০বিধ ফল লাগে বাবেই এই গছজোপাৰ নাম ৰখা হৈছে-  TREE OF 40FRUIT অৰ্থাত ৪০বিধ ফল লগা গছ।

অৱশ্যে এই আচৰিত তথা বিখ্যাত গছজোপা প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা নাই। মানৱসৃষ্ট এই গছজোপা আমেৰিকান কৃষি বৈজ্ঞানিকৰ হে সৃষ্টি। কৃষি ক্ষেত্ৰৰ অত্যাধুনিক প্ৰযুক্তি আৰু চিন্তাৰ ফচল এই গছজোপা।

বহুদিনৰে এই গছজোপাক লৈ কৃষি বৈজ্ঞানিকসকলৰ পৰীক্ষা-নিৰীক্ষা অব্যাহত আছিল। নিউৰ্য়কৰ চেম ভান একেন নামৰ এগৰাকী কৃষি অধ্যাপকে এই গছজোপা সৃষ্টি কৰাৰ পৰিকল্পনা কৰিছিল আৰু অৱশেষত আমেৰিকাৰ এদল বৈজ্ঞানিকে একেলগে কাম কৰি এই গছজোপা উদ্ভাৱন কৰিছিল।

২০০৮চনতে এই গছজোপা সৃষ্টি কৰা হৈছিল যদিও তাৰ বহু বছৰৰ পিছতহে লাগে এই গছজোপাত ফল। আম, জামু, কল,আপেল, কমলা, মৌচুম্বী, প্লাম, ছেৰী আদিকে ধৰি ৪০বিধ ফল লাগে এই বিশেষ গছজোপাত।

সৰু সৰু গছৰ ডাল সংযুক্ত কৰি সৃষ্টি কৰা এই গছজোপাৰ মূল্য ১৯লাখ টকা ধাৰ্য কৰা হৈছে। ভিন্ন দেশৰ প্ৰায় ১৬জোপা গছক সংযুক্ত কৰিছে এই বিশেষ গছজোপাত। অৱশ্যে শেহতীয়াকৈ আমেৰিকাৰ অন্য এখন বিশ্ববিদ্যালয়ৰ এদল গৱেষকেও এনে এজোপা গছৰ আৱিস্কাৰ কৰিছে।

আম,জাম, কল, কমলাঃ একেলগে ৪০বিধ ফল লগা গছ দেখিছানে কেতিয়াবা...
সাপ দেখিলেই আপুনি কিয় দিয়ে জাঁপ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in