কৰৈয়নীত সেউজীকৰণৰ লক্ষ্যৰে শতাধিক গছপুলি ৰোপণ

কৰৈয়নীত সেউজীকৰণৰ লক্ষ্যৰে শতাধিক গছপুলি ৰোপণ
Published on
Updated on

ডিজিটেল সংবাদ,নগাঁৱৰ : সেউজ বনানীকৰণৰ উদ্দেশ্যে নগাঁও কৰৈয়নীবাসীয়ে প্ৰশংসনীয় পদক্ষেপ হাতত লৈছে। বৃহত্তৰ কৰৈয়নী অঞ্চলৰ ৰাইজৰ উদ্যোগত দেওবাৰে উৰিয়া গাঁও-কৰৈয়নী সংযোগী পথৰ দুয়োপাৰে শতাধিক বিভিন্ন গছ পুলি ৰোপন কৰা হয়।

উক্ত অনুষ্ঠানৰ কাৰ্যসূচীত কৰৈয়নী বিষ্ণুৰাভা ছিনিয়ৰ চেকেণ্ডৰী স্কুল, নগাঁও বন বিভাগ আৰু স্থানীয় ৰাইজ,যুৱক যুৱতীয়ে সহযোগ কৰে।

উল্লেখ্য যে,উক্ত কাৰ্যসূচী ৰূপায়ণ কৰিবৰ বাবে নগাঁও বন বিভাগে শতাধিক গছপুলি প্ৰদান কৰিছিল স্থানীয় ৰাইজক।ৰাইজৰ এনে পদক্ষেপক অঞ্চলবাসীয়ে শলাগ লৈছে।

কৰৈয়নীত সেউজীকৰণৰ লক্ষ্যৰে শতাধিক গছপুলি ৰোপণ
১৮ জুনৰ পৰা লোকসভা অধিবেশন ! পূৰ্বতকৈ পৃথক হ'ব এইবাৰৰ অধিবেশন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in