ডিজিটেল সংবাদ, পাটাছাৰকুছি: শনিবাৰে পাটাছাৰকুছি বিদ্যাপীঠৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ উদ্যোগত বিদ্যালয়ৰ কাষেৰে শংকৰদেৱ শিশু নিকেতনলৈ যোৱা পথৰ দাঁতিত প্ৰায় ৬০ জোপা গছপুলি ৰোপনেৰে মাতৃৰ নামত গছপুলি ৰোপন কাৰ্যসূচী ৰূপায়ন কৰা হয়৷ শনিবাৰে গছপুলি ৰোপন কাৰ্যসূচীত ভাৰতীয় তেল নিগমৰ অৱসৰী মুখ্য অভিযন্তাই অংশগ্ৰহণ কৰে।
ইয়াৰোপৰি পাটাছাৰকুছি বিদ্যাপীঠৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ মুখ্য সঞ্চালক কৈলাশ চন্দ্ৰ ৰায়, সঞ্চালক পূৱ কামৰূপ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ বলেন দেৱ চৌধুৰী, প্ৰাক্তন ছাত্ৰ ডা° দিলীপ কুমাৰ দেৱচৌধুৰী, অনুজ শৰ্মা, গনেশ চৌধুৰী, কূষি বিভাগৰ যুটীয়া সঞ্চালক হেমন্ত কলিতা, ৰাধা গোস্বামী, হীৰেন্দ্ৰ নাথ শৰ্মা আদিয়ে অংশগ্ৰহণ কৰে৷ এই কাৰ্যসূচী ৰূপায়ণত বলেন দেৱ চৌধুৰীয়ে ৫০০০ টকাৰ বৰঙনি আগবঢ়ায়৷ আমেৰিকা নিবাসী প্ৰাক্তন ছাত্ৰ ডা° বিপিন তালুকদাৰে পৰিয়াল সহ উপস্থিত হোৱাত তেওঁক উষ্ম আদৰণি জনোৱা হয়৷
Also Read: গোপনে সংগ্ৰহ কৰা ভিডিঅ' ছ'চিয়েল মিডিয়া যোগে প্ৰচাৰ কৰি ধন ঘটা খাইৰুলক ধুবুৰীত গ্ৰেপ্তাৰ