হেল্প এইড ফাউণ্ডেছনৰ বৃক্ষৰোপণ প্ৰতিযোগিতা....

হেল্প এইড ফাউণ্ডেছনৰ বৃক্ষৰোপণ প্ৰতিযোগিতা....
Published on
Updated on

ডিজিটেল সংবাদ, গুৱাহাটী: দেশৰ স্বাধীনতা দিৱসৰ লগত ৰজিতা খোৱাই অমৃত বৃক্ষ অভিযানৰ সৈতে সংপৃক্ত খোৱাকৈ স্বেচ্ছাসেৱী অনুষ্ঠান "হেল্প এইড ফাউণ্ডেছন"ৰ উদ্যোগত মহানগৰীৰ দিশপুৰৰ সমীপৰ কুৰকুৰীয়া গাঁৱত বৃক্ষৰোপণ প্ৰতিযোগিতা অনুষ্ঠিত কৰে। শিশুৰ পৰা আৰম্ভ কৰি আবাল বৃদ্ধইও এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।

ফাউণ্ডেছনে ৫জনীয়া দল গঠনেৰে এই প্ৰতিযোগিতাত অৱতীৰ্ণ কৰোৱাই। প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে গংগা কৰ্মকাৰ আৰু তেওঁৰ দলে। দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে নিৰু কৰ্মকাৰৰ‌ দলে আৰু কৰ্মতী কৰ্মকাৰ দলে। প্ৰথম, দ্বিতীয় আৰু তৃতীয় দলক ১ হেজাৰ টকা, ৭০০ টকা আৰু ৫০০ টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰে ।

ইয়াৰ পিছত বঁটা বিতৰণী সভাত অংশ লৈ ফাউণ্ডেছনৰ অধ্যক্ষ তথা অধিবক্তা অঞ্জুলিমা দেৱ চৌধুৰীয়ে কয়- "মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চিন্তা সুদূৰ প্ৰসাৰী। ঘনে ঘনে জলবায়ুৰ পৰিবৰ্তন হোৱাৰ প্ৰতি লক্ষ্য ৰাখি যি বৃক্ষৰোপণ কাৰ্যসূচী লৈছে, সেয়া মানিবলগীয়া।‌ ৰাজ্যৰ জনসাধাৰণে ইতিবাচক দৃষ্টিৰে বৃক্ষৰোপণ কাৰ্যসূচীত মনোনিবেশ কৰিলে এদিন অসমৰ পৰিৱেশ অধিক আকৰ্ষণীয় হ'ব।" অনুষ্ঠানত ভালেমান বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

হেল্প এইড ফাউণ্ডেছনৰ বৃক্ষৰোপণ প্ৰতিযোগিতা....
কাহিলীপাৰাত কবি-সাংবাদিক দীপক শৰ্মাক সম্বৰ্দ্ধনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in