জাগীৰোডত জব্দ ইউৰিয়া ভৰ্তি ট্ৰাক...

জাগীৰোডত জব্দ ইউৰিয়া ভৰ্তি ট্ৰাক...
Published on
Updated on

ডিজিটেল সংবাদ, জাগীৰোডঃ ৰাজ্যত দুষ্ট চক্ৰই অব্যাহত ৰাখিছে ৰাজসাহাৰ্য যুক্ত ইউৰিয়া সাৰৰ চোৰাং বেহা। যি সময়ত এখন জিলাৰ কৃষকৰ বাবে আৱন্টিত ইউৰিয়া সাৰ অন্য এখন জিলালৈ নি বিক্ৰী কৰাত নিষেধাজ্ঞা আছে তেনে সময়ত বহিঃ ৰাজ্যলৈ পঠোৱা হয় অসমৰ কৃষকৰ বাবে অহা ইউৰিয়া সাৰ।

বুধবাৰে নিশা আৰক্ষীয়ে জব্দ কৰে ৩০০ বেগ ইউৰিয়া সাৰ ভৰ্তি ট্ৰাক। ট্ৰাকখনৰ নম্বৰ NL 02Q 8009। জানিব পৰা মতে নগাঁৱৰ পৰা শ্বিলঙলৈ গৈ আছিল ইউৰিয়া সাৰ ভৰ্তি ট্ৰাকখন। চালানবিহীনভাৱে লৈ যোৱা ইউৰিয়া ভৰ্তি ট্ৰাকখন জাগীৰোড থানাৰ সন্মুখত জব্দ কৰে আৰক্ষীয়ে। সন্দেহ কৰা হৈছে নগাঁৱৰ পৰা প্ৰায়ে মেঘালয়লৈ সৰবৰাহ কৰা হয় ইউৰিয়া সাৰ।

জাগীৰোডত জব্দ ইউৰিয়া ভৰ্তি ট্ৰাক...
বৰাকত উপস্থিত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা : বুজ ল'লে বান পৰিস্থিতিৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in