ট্ৰাম্প কেৱল দায়বদ্ধ নেতাই নহয়, তেওঁ সাহসীও : নৰেন্দ্ৰ মোডী

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰম্পক উচ্চ প্ৰশংসাত কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ট্ৰম্প কেৱল দেশৰ প্ৰতি দায়ৱদ্ধ নেতাই নহয়, তেওঁ এগৰাকী সাহসী ব্যক্তিত্বৰ অধিকাৰী। তেওঁ মোৰ ভাল বন্ধু।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ট্ৰাম্পক উচ্চ প্ৰশংসা মোডীৰ

ডিজিটেল ডেস্ক : মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰম্পক উচ্চ প্ৰশংসাত কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ট্ৰম্প কেৱল দেশৰ প্ৰতি দায়ৱদ্ধ নেতাই নহয়, তেওঁ এগৰাকী সাহসী ব্যক্তিত্বৰ অধিকাৰী। তেওঁ মোৰ ভাল বন্ধু।। ট্ৰাম্প কেৱল দেশৰ প্ৰতি দায়ৱদ্ধ নেতাই নহয়, তেওঁ এগৰাকী সাহসী ব্যক্তিত্বৰ অধিকাৰী। তেওঁ মোৰ ভাল বন্ধু। - মাৰ্কিন সাংবাদিক লেক্স ফ্ৰিডমেনৰ পডকাষ্টৰ অনুষ্ঠানত উপস্থিত থাকি এইদৰে মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। 

এই সাক্ষাৎকাৰ অনুষ্ঠানটিত মোডীয়ে কয়- যোৱা বছৰ নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ সময়ছোৱাত ট্ৰাম্পক হত্যাৰ চেষ্টা চলিছিল। বন্দুকৰ গুলীয়ে তেওঁৰ কাণত আঘাত হানিছিল। এই আঘাতত তেওঁৰ ৰক্তক্ষৰণ পৰ্যন্ত হৈছিল। কিন্তু এনে আক্ৰমণ চলাৰ পাছতো ট্ৰাম্প ভীতিগ্ৰস্ত হোৱা নাছিল। কৰা নাছিল আত্মগোপন অথবা পলায়ন।

এই আক্ৰমণৰ পাছতো তেওঁ তেওঁৰ কৰ্ম কৰি গৈছিল অত্যন্ত সাহসেৰে। তেওঁ দৃঢ় আছিল নিজৰ লক্ষ্য আৰু উদ্দেশ্যত। তেওঁক কোনো শক্তিয়ে তেওঁৰ লক্ষ্যৰ পৰা বিচলিত কৰিব পৰা নাছিল।

এইবোৰ গুণৰ অধিকাৰী হোৱা বাবেই আজি তেওঁ দেশ চম্ভালিব পাৰিছে। তেওঁ দেশৰ বাবে এগৰাকী দায়ৱদ্ধ নেতা বুলি মোডীয়ে পডকাষ্টত উল্লেখ কৰে। 

ট্ৰাম্প নেছন ফাৰ্ষ্ট নীতিত বিশ্বসী লোক। আমেৰিকা তেওঁৰ বাবে প্ৰথম। যি নেতাৰ এনে মনোভাব থাকে, সেই নেতাহে এনেবোৰ গুণৰ অধিকাৰী হ’ব পাৰে বুলি মোডীয়ে কয়।

narendra modi donald trump