ডিজিটেল সংবাদ, লামডিং: লামডিংত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুই বাইক আৰোহী। লামডিং-লংকা সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। AS02AF4877 নম্বৰ বাইক খন দুৰ্ঘটনাগস্ত হয়।
ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ গাফিলতি বাবেই সঘনাই সেই স্থানত দুৰ্ঘটনা সংঘটিত হৈ আহিছে বুলি অভিযোগ উত্থাপন কৰিছে পথচাৰীয়ে। ২৭ নং চাৰিলেন ৰাষ্ট্ৰীয় ঘাইপথটোৰ এটা পথ মাটি পেলাই বন্ধ কৰাত এই দুৰ্ঘটনা সংঘটিত হৈছে বুলি স্থানীয় ৰাইজে দাবী কৰিছে।
জানিব পৰামতে লংকাৰ পৰা লামডিং অভিমুখী আহি থকা সময়তে এই ঘটনা সংঘটিত হয়। দুৰ্ঘটনাৰ খবৰ পাই লামডিং আৰক্ষী তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হয়। পৰৱৰ্তী সময়ত অতি সংকটজনক অৱস্থাত যুৱক দুজনক লামডিং অসামৰিক চিকিৎসালয় লৈ যোৱা হয়।
Also Read: মঙলদৈত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আপৰ তীব্ৰ প্ৰতিবাদ