শ্বেখ হাছিনাক উৎখাত কৰি মন্ত্ৰী হোৱা কোন এই দুই ছাত্ৰ নেতা?

শ্বেখ হাছিনাক উৎখাত কৰি মন্ত্ৰী হোৱা কোন এই দুই ছাত্ৰ নেতা?

author-image
Asomiya Pratidin
New Update
শ্বেখ হাছিনাক উৎখাত কৰি মন্ত্ৰী হোৱা কোন এই দুই ছাত্ৰ নেতা?

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে বাংলাদেশত গঠন হ'ল নতুন চৰকাৰ। নোবেল বিজয়ী অৰ্থনীতিবিদ ড০ মহম্মদ ইউনুছৰ নেতৃত্বত গঠন হয় এখন অন্তৱৰ্তীকালীন চৰকাৰ। দুজন ছাত্ৰ নেতাকে ধৰি মুঠ ১৭ জন সদস্যই শপত গ্ৰহণ কৰে। ছাত্ৰ নেতা দুজন হৈছে এম নাহিদ ইছলাম আৰু আছিফ মাহমুদ ছাজিব ভূঞা, যিয়ে ছাত্ৰ আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

কিন্তু কোন এই ছাত্ৰ নেতা নাহিদ ইছলাম আৰু আছিফ মাহমুদ চাজিব ভূঞা? বাংলাদেশৰ সংৰক্ষণ বিৰোধী ছাত্ৰ আন্দোলনৰ গুৰি ধৰোতা বুলি গণ্য কৰা হৈছে এই ছাত্ৰ নেতা দুজনক। উল্লেখ্য যে দুয়োজনেই এতিয়া বাংলাদেশত গঠন হোৱা নতুন চৰকাৰৰ সদস্য।

বিগত মাহৰ পৰা বাংলাদেশত সৃষ্টি হোৱা সংৰক্ষণ বিৰোধী ছাত্ৰ আন্দোলনৰ মূল নেতৃত্বত আছিল বাংলাদেশী ছাত্ৰ নেতা নাহিদ ইছলাম। এই আন্দোলন পাছলৈ অসহযোগ আন্দোলনলৈ পৰিণত হৈছিল। নাহিদৰ নেতৃত্বতে ১০হাজাৰৰো অধিক লোকে এই আন্দোলনত অংশগ্ৰহণ কৰিছিল।

উল্লেখযোগ্য যে এই আন্দোলনেই আছিল শ্বেখ হাছিনা চৰকাৰৰ পতনৰ অন্যতম কাৰণ। ছাত্ৰ নেতা নাহিদৰ বাবেই আন্দোলন ইমানেই হিংসাত্মক হৈ পৰিছিল যে শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিবলগীয়া হৈছিল।

১৯৯৮ চনত ঢাকাত জন্মগ্ৰহণ কৰিছিল নাহিদ ইছলামে। ২৬বছৰীয়া নাহিদ ইছলাম ঢাকা বিশ্ববিদ্যালয়ৰ ২০১৬-১৭ বৰ্ষৰ সমাজবিজ্ঞানৰ ছাত্ৰ। মানৱ অধিকাৰ কৰ্মী আৰু ছাত্ৰ সংগঠন 'বৈষম্য বিৰোধী ছাত্ৰ'ৰ সমন্বয়ক নাহিদ।

জানিব পৰা মতে, ২০১৮ চনত নাহিদ ইছলামে বাংলাদেশৰ শিক্ষা ব্যৱস্থা উন্নত কৰাৰ দাবীত এক অনলাইন অভিযান আৰম্ভ কৰিছিল। এই অভিযানত অনলাইনযোগে এক লাখৰো অধিক লোকে অংশগ্ৰহণ কৰিছিল। ইয়াৰ পিছত ২০২০ চনত তেওঁ চৰকাৰৰ অৰ্থনৈতিক নীতিৰ বিৰুদ্ধে এটা ভিডিঅ’ মুকলি কৰি সমগ্ৰ দেশতে ভাইৰেল হৈ পৰিছিল। ইয়াৰ পাছতেই নাহিদে দেশখনৰ বিভিন্ন দিশত নিজৰ মত প্ৰকাশ কৰি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল।

নাহিদ ইছলামৰ লগতে চৰ্চাত থকা আন এজন ছাত্ৰ নেতা হ'ল আছিফ মাহমুদ চাজিব ভূঞা। বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ অন্যতম প্ৰধান সমন্বয়ক আছিফ। বাংলাদেশৰ কমিলাৰ আছিফ ঢাকা বিশ্ববিদ্যালয়ৰ ২০১৭-১৮ বৰ্ষৰ ভাষা অধ্যয়নৰ ছাত্ৰ।

উল্লেখ্য যে নাহিদ ইছলামক ডাক, দূৰসংযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হৈছে আনহাতে আছিফ মাহমুদ ছাজিব ভূঞাক যুৱ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ দায়িত্ব প্ৰদান কৰা হৈছে।

উল্লেখযোগ্য যে বৃহস্পতিবাৰে শপতগ্ৰহণ কৰা বাংলাদেশৰ আন্তৱৰ্তীকালীন চৰকাৰখনৰ অন্যান্য সদস্যসকলৰ ভিতৰত আছে ডাঃ মহম্মদ ইউনুছ, ডাঃ ছালেহুদ্দিন আহমেদ, ব্ৰিগেডিয়াৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) এম সাখাৱত হুছেইন, আছিফ নাজৰুল, আদিলুৰ ৰহমান খান, এ এফ হাছান আৰিফ, মহম্মদ তৌহিদ হুছেইন, ছৈয়দ ৰিজৱানা হাছান, সুপ্ৰদীপ চাকমা, ফৰিদা আখতাৰ, বিধান ৰঞ্জন ৰায়, শৰ্মীন মুৰ্ছিদ, এ এফ এম খালিদ হুছেইন, ফাৰুক-ই-আজম, নূৰজাহান বেগম, নাহিদ ইছলাম, আছিফ মাহমুদ।

bangladesh