অক্টোবৰ মাহত অভাৱনীয় হাৰত চাহিদা বৃদ্ধি দুচকীয়া বাহনৰ...

অক্টোবৰ মাহত অভাৱনীয় হাৰত চাহিদা বৃদ্ধি দুচকীয়া বাহনৰ...

author-image
Asomiya Pratidin
New Update
অক্টোবৰ মাহত অভাৱনীয় হাৰত চাহিদা বৃদ্ধি দুচকীয়া বাহনৰ...

ডিজিটেল ডেস্কঃ দেশত চাহিদা বাঢ়িছে দুচকীয়া বাহনৰ। চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত উৎসৱৰ সময়ছোৱাত দেশৰ প্ৰধান দুচকীয়া বাহনৰ কোম্পানীসমূহে মুঠ ১৯,৩৮,১৯৩ খন বাহন বিক্ৰী কৰিছিল। এই সংখ্যা বিগত বছৰৰ তুলনাত অতি বেছি। ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত এই কোম্পানীসমূহে ১৬,৪৭,১৯২ টা ইউনিট বিক্ৰী কৰিছিল ।

ভাৰতৰ থলুৱা মটৰ চাইকেল নিৰ্মাতা কোম্পানী হিৰো মট’কৰ্প য়ে এই অঘোষিত প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰিছে ৷ হিৰো মট’কৰ্প য়ে অক্টোবৰ মাহত ৬৫৭,৪০৩ বাহন বিক্ৰী কৰি অভিলেখ গঢ়ে। ইয়াৰ লগতে টিভিএছ মটৰ কোম্পানী,ৰয়েল এনফিল্ডৰ দৰে উদ্যোগৰ বাহনৰ বিক্ৰীৰ হাৰ ১৩ শতাংশৰ পৰা ২৬ শতাংশৰ ভিতৰত বৃদ্ধি পাইছে।

ইফালে দুচকীয়া বাহনৰ ব্যৱসায়ৰ উত্থানৰ মাজত বাজাজ অটোৰ বিক্ৰী আশ্চৰ্যজনকভাৱে হ্ৰাস পাইছে। বাজাজ অটোৰ ঘৰুৱা দুচকীয়া বাহনৰ বিক্ৰী ৮ শতাংশ হ্ৰাস পাইছে। ২০২৪ চনৰ অক্টোবৰ মাহত ইয়াৰ ২৫৫,৯০৯ ইউনিট বিক্ৰী হৈছিল।

চেন্নাইৰ টিভিএছ মটৰ কোম্পানীটোৰ বাবে এই মাহটো আছিল অতি উত্তম । কোম্পানীটোৱে অক্টোবৰ মাহত ৩৯০,৪৮৯ টা ইউনিট বিক্ৰী কৰাৰ বিপৰীতে যোৱা বছৰৰ একে মাহত ৩৪৪,৯৫৭ ইউনিট বিক্ৰী কৰিছিল।

সফলতাৰ দৌৰত পিছপৰি ৰোৱা নাই উৎকৃষ্ট মটৰ চাইকেলৰ বাবে পৰিচিত ৰয়েল এনফিল্ড। ২০২৪ চনৰ অক্টোবৰ মাহত ইয়াৰ ১০১,৮৮৬খন মটৰ চাইকেল বিক্ৰী হৈছিল, যিটো ২০২৩ চনৰ অক্টোবৰ মাহত ৮০,৯৫৮খন মটৰ চাইকেল বিক্ৰী হৈছিল।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন, ২০২৪ চনৰ অক্টোবৰ মাহত ভাৰতীয় দুচকীয়া বাহনৰ ৰপ্তানিও বৃদ্ধি পাইছে। টিভিএছ মটৰ কোম্পানীৰ দুচকীয়া বাহনৰ ৰপ্তানী ১৬ শতাংশলৈ বৃদ্ধি পাই ৮৭,৬৭০ ইউনিট বিক্ৰী হৈছে।

বিশ্বৰ বজাৰত চাহিদা বৃদ্ধি পাইছে হিৰো মট’কৰ্পৰ বাহনৰ মডেলসমূহৰ। ৪৩ শতাংশ ৱাই-অ’-ৱাই বৃদ্ধিৰে ৰপ্তানী বাঢ়িছে হিৰো মট’কৰ্পৰ বাহনৰ। বাজাজ অটোৰ দুচকীয়া বাহনৰ ৰপ্তানী ২৪ শতাংশ বৃদ্ধি পাই ১৫৮,৪৬৩ ইউনিট স্পৰ্শ কৰিছে। সমান্তৰালকৈ ১৫০ শতাংশ ৰপ্তানী বৃদ্ধিৰে অভিলেখ গঢ়িছে ৰয়েল এনফিল্ডে ।

Also Read: ৰ'টাৰী ক্লাৱ গুৱাহাটীৰ উদ্যোগত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান : শিল্পী স্নেহলতা দাসলৈ 'ড০ ভূপেন হাজৰিকা সাংস্কৃতিক বঁটা'

Two-wheeler sales ; TVS Hero