কৰ্মসংস্থান বিচাৰি বহিঃৰাজ্যলৈ গৈ পুনৰ প্ৰাণ হেৰুৱালে অসমৰ যুৱকে

ei muhurtar khabar
ei muhurtar khabar
Published on
Updated on

ডিজিটেল সংবাদ,চৰাইদেউঃ আৰ্থিক দীনতাৰ বাবে জীৱিকা নিৰ্বাহ কৰাটো দুৰ্বিসহ হৈ বৰ্হিৰাজ্যত কাম বিচাৰি যোৱা চৰাইদেউ জিলাৰ তিনিগৰাকী সহজ সৰল যুৱকে যাত্ৰা পথত বৰ্হিৰাজ্যত একাংশ লোকৰ নাৰকীয় আক্ৰমণৰ সন্মুখীন হোৱা আৰু ঘটনাটোত দুই যুৱকে কৰুণ মৃত্যু সাৱটি লবলগীয়া হোৱা ঘটনাই চৰাইদেউ জিলাত গভীৰ শোকৰ ছাঁ পেলাইছে। এই সন্দৰ্ভত জানিব পৰা মতে, জিলাখনৰ চলা চুতীয়াবস্তিৰ ৰোপাৰাম ভূমিজৰ পুত্ৰ নৱীন ভূমিজ(২৪), পুনা গড়ৰ পুত্ৰ জগন্নাথ গড়(২০) আৰু নৱ ভূমিজ (২৫) নামৰ তিনি যুৱকক জিলাখনৰ চফ্ৰাই নিবাসী শাৱন ফুলমালীয়ে হায়দৰাবাদত কাম কৰিবলৈ বুলি যোৱা ১২জুলাইত ৰে'লযোগে লৈ যায়।

সেই অনুসৰি যাত্ৰা পথত তিনি যুৱক ধৰমপুৰ ৰে'ল ষ্টেচনত কোনো কাৰণত ৰে'লৰ পৰা নামিব লগা হয়। পাছত ১৬জুলাইৰ নিশা প্ৰায় ১বজাত তিনি যুৱকৰ এগৰাকীয়ে ঘৰলৈ ফোন কৰি তেওঁলোকক ৫০গৰাকীমান লোকে আৱদ্ধ কৰি ৰখা বুলি জানিব দিয়ে। এই ঘটনাৰ পাছত ববুধবাৰে পুৱা অন্ধ্ৰ প্ৰদেশৰ বিজয়ৱাড়া ষ্টেচনৰ পৰা আৰক্ষীয়ে তিনি যুৱকৰ ঘৰলৈ ফোন কৰি জগন্নাথ গড় আৰু নৱীন ভূমিজক মৃত অৱস্থাত উদ্ধাৰ কৰাৰ বিপৰীতে নৱ ভূমিজক গুৰুতৰভাৱে অসুস্থ অৱস্থাত উদ্ধাৰ কৰা বুলি জানিব দিয়ে।

এই বাতৰি লাভ কৰাৰ পাছতে তিনি যুৱকৰ পৰিয়ালৰ মাজত এক হুৱাদুৱাৰ পৰিৱেশ সৃষ্টি হোৱাৰ লগতে স্থানীয় ৰাইজৰ মাজত ব্যাপক চাঞ্চল্য সৃষ্টি হয়। ইফালে আজি সন্ধিয়া লাকুৱা আৰক্ষী থানাত জোনাকী গড়, কুমিলা ভূমিজ আৰু পাৰ্বতী ভূমিজ নামৰ তিনিগৰাকী মহিলাই এখন এজাহাৰ দাখিল কৰি এই বিষয়ত উচিত অনুসন্ধান চলোৱাৰ সমান্তৰাল কৈ নিহত যুৱকদ্বয়ৰ মৃতদেহ স্বগৃহলৈ অনোৱাৰ ব্যৱস্থা কৰিবলৈ আৰক্ষীক অনুৰোধ জনাইছে। ইফালে ৰাজ্যৰ পুনৰ দুই যুৱক ৰে'লযাত্ৰা কৰা অৱস্থাত কৰুণ মৃত্যু সাৱটি লবলগীয়া হোৱা ঘটনাই প্ৰমাণ কৰিছে যে, ৰে'ল যাত্ৰাত অসমৰ যাত্ৰীসকলৰ মুঠেই নিৰাপত্তা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in