ৰঙালীৰ আনন্দৰ মাজতে ওদালগুৰিত বন্ধুৰ হাততে প্ৰাণ গ'ল যুৱকৰ

যোৱা নিশা ওদালগুৰিত ৰঙালী বিহুৰ অন্তিম দিনৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছিল। ইয়াৰ পাছতে আজি পুৱাৰ ভাগত ওদালগুৰি নগৰ প্ৰাথমিক বিদ্যালয়ৰ সমীপৰ এখন দোকানৰ সন্মুখৰ বাৰাণ্ডাত যুৱকজনৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হয়।

author-image
Asomiya Pratidin
New Update
we

ডিজিটেল সংবাদ,ওদালগুৰিঃ ৰঙালী বিহুৰ আনন্দ উৎসাহৰ মাজতে আজি পুৱাৰ ভাগতে ওদালগুৰি চহৰৰ মাজমজিয়াত এগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যই বিৰাজ কৰে। উদ্ধাৰ হোৱা মৃতদেহটো ওদালগুৰিৰ পূৱনগৰ(মেধিপাৰা)ৰ মিণ্টু দাস(২৮) বুলি চিনাক্ত হৈছে।

মৃতদেহটোৰ মুখমণ্ডলত আঘাতৰ চিন স্পষ্ট হৈ থকাত এয়া এক হত্যাকাণ্ড বুলিও সন্দেহ কৰিছে ৰাইজে। উল্লেখ্য যে, যোৱা নিশা ওদালগুৰিত ৰঙালী বিহুৰ অন্তিম দিনৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছিল। ইয়াৰ পাছতে আজি পুৱাৰ ভাগত ওদালগুৰি নগৰ প্ৰাথমিক বিদ্যালয়ৰ সমীপৰ এখন দোকানৰ সন্মুখৰ  বাৰাণ্ডাত যুৱকজনৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হয়।

ইয়াৰ পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি ওদালগুৰি অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে। পৰিয়ালৰ লোকে সন্দেহ কৰা মতে বন্ধুৰ সৈতে কালি খানা খাইছিল মিন্টু দাসে। ইয়াৰ পিছতে গকুল দাস নামৰ বন্ধু জনৰ ঘৰলৈ আহিছিল মিন্টু দাস।বন্ধু গকুল দাসৰ ঘৰতে হত্যা কৰা হৈছিল মিন্টু দাসক।

ইপিনে ঘটনা সন্দৰ্ভত ওদালগুৰি আৰক্ষী থানাত ৫১/২৫ নম্বৰত ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ১০৩ ৰ অধীনত গোচৰ পঞ্জীয়ন কৰি ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে ওদালগুৰি আৰক্ষীয়ে। ইয়াৰ পিছতে আৰক্ষীয়ে গকুল দাসক জেৰা কৰি পোৱা পোৱা তথ্য মতে ঘটনাত সহযোগ কৰা মনোজ দাস নামৰ আন এজন যুৱকক কৰায়ত্ত কৰিব সক্ষম হয়।

দুয়োৰে স্বীকাৰোক্তিৰ ভিত্তিতে ওদালগুৰি আৰক্ষীয়ে মৃত মিন্টু দাসৰ দুই বন্ধু গকুল দাস ( ২২) আৰু মনোজ দাস ( ১৯) ক গ্ৰেপ্তাৰ কৰে। কিন্তু কি কাৰণত হত্যাকাণ্ডটো সংঘটিত কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।

জানিব পৰা মতে দুই বন্ধু গকুল দাস আৰু মনোজ দাসে মিন্টু দাসৰ মৃতদেহ ঘৰৰ পৰা আনি ওচৰৰ এখন দোকানৰ বাৰান্দাত পেলাই ঘটনাৰ অন্য ৰূপ দিয়াৰ চেষ্টা কৰিছিল। এতিয়া এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। আজি দিনৰ ভাগত মিণ্টু দাসৰ মৃতদেহৰ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।

ওদালগুৰি