ডিজিটেল ডেস্ক: মই নোৱাৰিলো। মই সাধাৰণভাৱে মুখ্যমন্ত্ৰী হৈছিলো আৰু সাধাৰণভাৱেই মুখ্যমন্ত্ৰীৰ চকী এৰি যাম। মই কৃতজ্ঞ সেই সকলৰ ওচৰত যি সকলে মোক আস্থা, বিশ্বাসত লৈ সমৰ্থন কৰিছিল। এক আৱেগিত ভাষণেৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ পদবী এৰিলে উদ্ধৱ থাকৰে।
কাইলৈৰ পৰা মহাৰাষ্ট্ৰত নতুন ৰাজনীতি আৰম্ভ হ'ব। উদ্ধৱ থাকৰে যাক সংগী কৰি চৰকাৰ গঠন কৰিছিল সেই সংগীয়ে তেওঁক বিশ্বাসঘাটসক কৰি গ'ল। ৰাজনীতি এনেকুৱাই । ঘনিষ্ঠ বুলি ভৱা জনেই বিশ্বাসঘাটক কৰে। পদত্যাগৰ পূৰ্বে মহাৰাষ্ট্ৰবাসীক সম্বোধন কৰি উদ্ধৱ থাকৰে ক'লে ৰাজনৈতিক বিশ্বাসঘাটকতাক বলি হৈছে তেওঁ।
পতন হ'ল মহাৰাষ্ট্ৰত উদ্ধৱ থাকৰে চৰকাৰ। ন্যায়ালয়ে আস্থা ভোটৰ সপক্ষে ৰায়দান কৰাৰ পাছতেই উদ্ধৱ থাকৰে এই সিদ্ধান্ত লৈ ঘোষণা কৰিলে মই আৰু নাই। গুৱাহাটী আছিল মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ অভিকেন্দ্ৰ। ৮ দিন ধৰি গুৱাহাটীৰ ৰেডিশ্বন ব্লুতে থাকি তেওঁলোকে ৰণনীতি প্ৰস্তুত কৰিছিল।
এতিয়া সেয়াই সঁচা হ'ল। হোটেল পলিটিক্সত একনাথ সিন্দে বাহিনী জয়ী হ'ল। মুখ্যমন্ত্ৰীৰ চকী এৰি উদ্ধৱ থাকৰে ক'ব লগা হ'ল তেওঁ এজন সাধাৰণ শিৱসেনাৰ সৈণিকৰ দৰেই থাকিব।