NEET-UGC কেলেংকাৰীৰ দায়িত্ব স্বীকাৰ কৰি দেশৰ শিক্ষামন্ত্ৰীক পদত্যাগৰ দাবী অজাপৰ...

NEET-UGC কেলেংকাৰীৰ দায়িত্ব স্বীকাৰ কৰি দেশৰ শিক্ষামন্ত্ৰীক পদত্যাগৰ দাবী অজাপৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ এন টি এ অৰ্থাৎ National Testing Agency ৰ দ্বাৰা পৰিচালিত নীট পৰীক্ষাত সংঘটিত হোৱা ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ বিষয়টোক লৈ ন্যায়ালয়কে ধৰি সৰ্বত্ৰে চৰ্চা অব্যাহত থকাৰ মাজতেই পুনৰ অপ্ৰত্যাশিতভাৱে সৰ্বভাৰতীয় UGC-NET পৰীক্ষাও আচম্বিতে বাতিল কৰা হ’ল ৷ যোৱা ১৮ জুনত অনুষ্ঠিত হোৱা এই নেট পৰীক্ষা এদিন পাছতেই অৰ্থাৎ ১৯ জুনৰ নিশা এখন জাননীৰ যোগে বাতিল কৰা এই কাম- কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা বিভাগ আৰু সামগ্ৰিকভাৱে চৰকাৰখনৰ শিক্ষাৰ প্ৰতি থকা দায়িত্বহীন আৰু বেপৰুৱা মনোভাৱৰ পৰিচায়ক।

সমান্তৰালভাৱে ৰাজ্যৰ মহাবিদ্যালয়মূহত এই বৰ্ষত ‘সমৰ্থ’ পৰ্টেলৰ যোগেদি হোৱা ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিতো ব্যাপক খেলিমেলিৰ সৃষ্টি হৈছে, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল বিভ্ৰান্ত হৈছে, দিশহাৰা হৈছে।

সৰ্বভাৰতীয় নীট পৰীক্ষাত একোগৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে কঠোৰ অধ্যয়ন আৰু পৰিশ্ৰমৰ মাজেৰে পৰীক্ষাত অৱতীৰ্ণ হয়। ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে তেওঁলোকৰ অভিভাৱকসকলেও সন্তানৰ সুস্থিৰ ভৱিষ্যতৰ বাবে ত্যাগ আৰু কষ্টৰে পৰীক্ষাৰ বাবে সন্তানক সাজু কৰে। তাৰপাছতো যেতিয়া পৰীক্ষাত খেলিমেলি হোৱাৰ অভিযোগ উঠে, যোগ্যজন বঞ্চিত হয় তেতিয়া মেধাৱী ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকল হতাশ হ’বলগীয়া হয়, শিক্ষা ব্যৱস্থাটিৰ প্ৰতিয়েই বিশ্বাসযোগ্যতাৰ প্ৰশ্ন আহি পৰে।

স্নাতকোত্তৰ ডিগ্ৰীৰ পাছতেই অধ্যাপনা বা গৱেষণা কৰিব খোজা মেধাৱী ছাত্ৰ-ছাত্ৰীসকলে UGC ৰ নিৰ্দেশনা অনুযায়ী NET পৰীক্ষাত উৰ্ত্তীণ হ'ব লাগে ৷ এয়া মানক তথা আৱশ্যকীয় অৰ্হতা ৷ আনহাতে অসমৰ দৰে ৰাজ্যত “টিউটৰ অধ্যাপক’ৰ দৰে অদ্ভুত সামন্তীয় ব্যৱস্থা এটাত কাম কৰি থকা বহুজন ’টিউটৰ অধ্যাপক“ এ নিযুক্তিৰ প্ৰথম ৫ বছৰৰ ভিতৰতে NET পৰীক্ষাত উৰ্ত্তীণ হোৱাটো এক জৰুৰী অৰ্হতা ৷

এইসমূহ দিশৰ পৰা NET পৰীক্ষাটো একোজন স্নাতকোত্তৰ ডিগ্ৰীপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীৰ বাবে অতীব প্ৰয়োজন ৷ সেয়ে NET পৰীক্ষাৰ বাবে যাৱতীয় প্ৰস্তুতি চলোৱাৰ পাছত হঠাতে পৰীক্ষা অনুষ্ঠিত হোৱাৰ ২৪ ঘন্টাৰ ভিতৰতেই পৰীক্ষা বাতিল কৰা হয়, তেতিয়া ছাত্ৰ-ছাত্ৰীৰ মন-মগজুত এই ঘটনাৰ পাৰ্শ্বক্ৰিয়া কি হ’ব পাৰে - সেয়া সহজে অনুমেয়।

ইফালে ৰাজ্যৰ স্নাতক পৰ্যায়ৰ মহাবিদ্যালয়ৰ শিক্ষাৰ বাবে নামভৰ্তি কৰিব খোজা ছাত্ৰ-ছাত্ৰীৰ বাবে অসম চৰকাৰৰ উচ্চশিক্ষা বিভাগে যোৱাবছৰৰ পৰা ’সমৰ্থ ই- প'ৰ্টেল’ ব্যৱস্থাৰে নামভৰ্তিৰ ব্যৱস্থা আৰম্ভ কৰিছে ৷ যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে যথেষ্ট নামভৰ্তি সম্পৰ্কীয় যথেষ্ট অনিশ্চয়তাৰ সন্মুখীন হৈছে। সেইমৰ্মে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ বিষয়টো সম্পূৰ্ণৰূপে কেন্দ্ৰীয়কৰণৰ যোগে মহাবিদ্যালয়ত আৱেদনপত্ৰ পূৰণ, পৰীক্ষণ আনকি মেধাতালিকা ( Merit list ) প্ৰস্তুতকৰণৰ দৰে সমগ্ৰ প্ৰক্ৰিয়াটো উচ্চশিক্ষা বিভাগৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত কৰা হৈছে ৷

ফলত আগৰ দৰে মহাবিদ্যালয় একোখনে নিজাকৈ মেধাতালিকা প্ৰস্তুত কৰি নিজা ৱেবচাইট বা আন মাধ্যমৰ যোগেদি ছাত্ৰ-ছাত্ৰীক জনোৱা প্ৰক্ৰিয়া বন্ধ কৰিবলগীয়া হৈছে ৷ ফলত উচ্চশিক্ষা বিভাগে নিৰ্দিষ্ট কৰি দিয়া নামভৰ্তিৰ প্ৰক্ৰিয়াৰ দিনটোতহে ( এইবছৰৰ বাবে ২০ জুন '২৪) মেধাতালিকা প্ৰকাশ কৰাটো সম্ভৱ হৈছে ৷ তাকো মহাবিদ্যালয়ভিত্তিক মেধাতালিকাৰ ৰাজহুৱা প্ৰকাশ প্ৰক্ৰিয়াৰ পৰিৱৰ্তে নিদিষ্ট ছাত্ৰ-ছাত্ৰীলৈ ম’বাইলযোগে বাৰ্তা / মেচেজ দিয়াৰ ব্যৱস্থাৰ পোষকতা কৰা হৈছে ৷ যাৰ ফলস্বৰূপে বহু ছাত্ৰ-ছাত্ৰীয়ে নিৰ্দিষ্ট দিনটোতহে অৰ্থাৎ নামভৰ্তি প্ৰক্ৰিয়াৰ দিনাহে উক্ত ছাত্ৰ বা ছাত্ৰীগৰাকীৰ নাম যে তালিকাভুক্ত হৈছে তাক জানিবলৈ সক্ষম হৈছে ৷

আনহাতে এই প্ৰক্ৰিয়াত ম’বাইল নেটৱৰ্ক সমস্যাজনিত কাৰণত বহু যোগ্য ছাত্ৰ-ছাত্ৰীয়ে এনে বাৰ্তা বা মেচেজ লাভ কৰাৰ পৰা বঞ্চিত হৈছে বা সময়ত তেনে বাৰ্তা নোপোৱাত নামভৰ্তি প্ৰক্ৰিয়াৰ পৰা বঞ্চিত হ’বলগীয়াত পৰিছে। অৰ্থাৎ কেৱল ম’বাইল বাৰ্তা নিৰ্ভৰতাৰ যোগেদিয়েই এই প্ৰক্ৰিয়া চলাই যোৱা হৈছে ৷ এনে প্ৰেক্ষাপটত ৰাজ্যৰ শিক্ষাৰ্থীসকল আৰু অভিভাৱকসকল এক চৰম অনিশ্চয়তা আৰু হতাশাৰ সন্মুখীন হৈছে।

নীট -নেট-সমৰ্থ এই গোটেই প্ৰক্ৰিয়াটো সন্দৰ্ভত অসম জাতীয় পৰিষদে স্পষ্ মত প্ৰকাশ কৰি কয় যে-

প্ৰয়োজনীয় আন্তগাঁথনিৰ অবিহনেই কেৱল বাহ বাহ লোৱাৰ অভিপ্ৰায়েৰে ৰাষ্ট্ৰীয় শিক্ষানীতি -২০২০ ৰূপায়ণ কৰিবলৈ গৈ ৰাজ্য চৰকাৰখনে নিজেই এই বেমেজালিৰ সৃষ্টি কৰিছে ৷ ইয়াৰ লগতে এই সমগ্ৰ ঘটনাৰাজীৰ পাছত ৰাজহুৱা শিক্ষাব্যৱস্থাৰ প্ৰতি অনিহাৰ সৃষ্টি কৰি সমগ্ৰ শিক্ষা ব্যৱস্থাকে ব্যক্তিগত খণ্ডৰ হাতত তুলি দিয়াৰ চৰকাৰৰ গোপন ষড়যন্ত্ৰ আৰু অধিক পৰিস্কাৰ হৈ পৰিছে। শিক্ষাব্যৱস্থাৰ পৰিচালনাৰ বাবে অতি আমোলানিৰ্ভৰ এক কেন্দ্ৰীভূত ইলেক্ট্ৰনিক ব্যৱস্থাৰে অইন এক শিক্ষাব্যৱস্থা জাপি দিয়াৰ এই প্ৰৱণতাই আমাৰ নৱ-প্ৰজন্মৰ শৈক্ষিক জীৱনলৈ নিশ্চিতৰূপে অশনি সংকেত নমাই আনিছে।

অজাপয়ে এই সন্দৰ্ভত কৰা দাবীসমূহ হ'ল-

  • নৈতিক দায়িত্ব স্বীকাৰ কৰি ব্যৰ্থ হোৱা দেশৰ শিক্ষামন্ত্ৰীগৰাকীয়ে পদত্যাগৰ দাবী কৰিছে অসম জাতীয় পৰিষদে। ইঅয়াৰোপৰি দেশৰ প্ৰধানমন্ত্ৰী ছাত্ৰ-ছাত্ৰীৰ এই সংকটত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিবলৈ দলটোৱে দাবী জনাইছে।

  • নীট পৰীক্ষাৰ উচ্চপৰ্যায়ৰ আৰু ক্ষিপ্ৰতৰ তদন্ত কৰি দোষীক বিৰুদ্ধে অতি শীঘ্ৰেই দৃষ্ঠান্তমূলক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে।

  • বাতিল কৰা নেট পৰীক্ষা পুনৰ স্বচ্ছ প্ৰক্ৰিয়াৰে অনতিপলমে অনুষ্ঠিত কৰাৰ লগতে সমান্তৰালভাৱে শ্লেট পৰীক্ষাও নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে অনুষ্ঠিত কৰিবলৈ কৈছে।

  • সমৰ্থ প’ৰ্টেলৰ দৰে ব্যৱস্থা বাতিল কৰি অসমৰ মহাবিদ্যালয় পৰ্যায়তে পূৰ্বৰ নামভৰ্ত্তি, গভাৰ্নিং বডি আৰু বিশ্ববিদ্যালয়ৰ যোগেদি অধ্যাপক/অধ্যাপিকাসকলৰ নিযুক্তি/ পদোন্নতিৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ দলটোৱে দাবী জনাইছে।

ছাত্ৰ-ছাত্ৰীসকলৰ অধিকাৰ খৰ্ব হোৱা, ভৱিষ্যত ধূষৰ হোৱা কোনো সিদ্ধান্ত অসম জাতীয় পৰিষদে মানি নলয় বুলি মত প্ৰকাশ কৰিছে। দলটোৱে ছাত্ৰ-ছাত্ৰীসকলে ন্যায় নোপোৱালৈ ছাত্ৰ-ছাত্ৰীসকলৰ কাষত থিয় দিয়াৰ প্ৰতিশ্ৰুতিবদ্ধ।

NEET-UGC কেলেংকাৰীৰ দায়িত্ব স্বীকাৰ কৰি দেশৰ শিক্ষামন্ত্ৰীক পদত্যাগৰ দাবী অজাপৰ...
বেইজিঙলৈ যোৱাৰ পূৰ্বে এমাহতে দুবাৰ ভাৰত ভ্ৰমণ শ্বেইখ হাছিনাৰঃ কূটনৈতিক সফলতা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in