অতীতত কৰি অহা ভুলৰ পৰা এতিয়াও শিক্ষা লোৱা নাই আলফা স্বাধীনেঃ প্ৰাক্তন আলফা ঐক্য মঞ্চ

অতীতত কৰি অহা ভুলৰ পৰা এতিয়াও শিক্ষা লোৱা নাই আলফা স্বাধীনেঃ প্ৰাক্তন আলফা ঐক্য মঞ্চ

author-image
Asomiya Pratidin
New Update
অতীতত কৰি অহা ভুলৰ পৰা এতিয়াও শিক্ষা লোৱা নাই আলফা স্বাধীনেঃ প্ৰাক্তন আলফা ঐক্য মঞ্চ

ডিজিটেল সংবাদ,তিনিচুকীয়াঃ স্বাধীনতা দিৱসৰ দিনা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আলফা(স্বা)ই বোমা সংস্থাপন কৰা ফলত ৰাজ্যত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছিল। ইয়াৰ সমান্তৰালকৈ প্ৰাক্তন আলফা ঐক্য মঞ্চৰ মুখ্য উপদেষ্টা অনুপ চেতিয়াৰ বাসগৃহটো বোমা সংস্থাপন কৰাৰ তথ্য প্ৰকাশ পাইছিল। উক্ত বিষয়টো সন্দৰ্ভত ডিগবৈত এক সংবাদ মেল সম্বোধন কৰি প্ৰাক্তন আলফা ঐক্য মঞ্চই উদ্বিগ্নতা প্ৰকাশ কৰে। সংবাদমেলখনত উপস্থিত থাকে চক্ৰ গোঁহাই,গৌতম নেওঁগ, মনজিত গোঁহাই,ৰমেন গগৈ, ৰমেন সুদ, ভাস্কৰ বৰদলৈ, সুনিল গগৈ সহ বিভিন্ন জিলাৰ কেন্দ্ৰীয় নেতৃত্ব।

সংবাদমেলৰ জৰিয়তে নেতৃত্বই কয় যে, অনুপ চেতিয়াৰ বিৰুদ্ধে কিছু ব্যক্তি আৰু সংগঠনে ৰাজহুৱাকৈ অপপ্রচাৰত লিপ্ত হোৱাৰ বিষয়টো আমি কিছুদিনব পৰা লক্ষ্য কৰি আছো। ব্যৱসায়ৰ জৰিয়তে অগাধ ধন সম্পত্তি আহৰন কৰি বিলাসী জীবন কটোৱা,আলফা-চুক্তিৰ জৰিয়তে বৃহৎ পৰিমানত ধন আত্মসাৎ কৰা ইত্যাদি অপপ্রচাৰেৰে তেখেতক অসমৰ জনগণৰ সমুখত খলনায়ক সজোৱাৰ অপচেষ্টা এটা দুষ্টচক্রই কৰি আহিছে। এই অভিসন্ধিৰ ফলশ্রুতিতে তেখেতৰ বাসগৃহত বোমা সংস্থাপনৰ দৰে অবিবেচক কার্স সংঘটিত হ'ল বুলি আলফা স্বাধীনৰ সভাপতি ডাঙৰীয়াই ও ইতিমধ্যে চেতিয়া মহাশয়ক জনাইছে।

লগতে আলফা চুক্তিৰ জৰিয়তে অসমৰ ৰাজনৈতিক সমস্যা সমূহৰ সমাধান হব বুলি অসমৰ জনগণে আশা কৰিছিল। জনগণে আশা কৰা ধৰণে চুক্তি ৰূপায়ণ নোহোৱাৰ দোষ বহুতে অনুপ চেতিয়াৰ ওপৰত জাপি দিব বিচাৰিছে বুলিও সংবাদমেলত উল্লেখ কৰে। লগতে কয় যে, সাংগঠনিক ভাবে দুর্বল হৈ পৰা আলফাই ভাৰত ৰাষ্ট্রৰ পৰা প্রাপ্য অধিকাৰ কাঢ়ি অনাৰ শক্তি কাহানিবাই হেৰুৱাইছে। নির্মম হ'লেও ইয়েই বাস্তব, ইয়াক অস্বীকাৰ কৰাৰ উপায় নাই।

ইয়াৰোপৰি সংবাদমেলত উল্লেখ কৰে যে, অসমৰ কৃষি ক্ষেত্রত আমূল পৰিবর্তন অনাৰ লক্ষ্যৰে দুটাকৈ কৃষক উৎপাদকৰ কোম্পানী গঠন, খিলঞ্জীয়া ব্যৱসায়ী সকলৰ ব্যৱসায়িক স্বার্থ সুৰক্ষিত কৰিবলৈ খিলঞ্জীয়া চেম্বাৰ অব কমার্চ,উত্তৰ পূবৰ জনগনক একত্রিত কৰাৰ উদ্দেশ্যৰে উত্তৰপূব খিলঞ্জীয়া মঞ্চ, শ্বহীদ পৰিয়াল সদলক সংগঠিত কৰি শ্বহীদ পৰিয়াল ঐক্য মঞ্চ, প্রাক্তন আলফা সদলে যাতে সংগঠিত হৈ জনগণৰ হকে পুনৰ আত্মনিয়োগ কৰিব পাৰে, তাৰ বাবে প্রাক্তন আলফা ঐক্য মঞ্চ আদি সংগঠন সমূহ প্রতিষ্ঠা কৰাৰ লগতে এইসমূহৰ ভেটি শক্তিশালী কৰা কাম নিৰন্তৰ কৰি আহিছে। কেইটামান ব্যৱসায়ৰ অংশীদাৰিত্বৰ যোগেদি তেখেতে যি ধন, আহৰন কৰিছে, তাৰে পৰিয়াল ভৰনপোষনৰ লগতে সাংঠনিক কামতো ব্যয় কৰি আহিছে।

লগতে সংবাদমেলৰ জৰিয়তে কয় যে, তেখেতৰ প্রতিটো ৰাজহুৱা কামৰাজ, লগতে ব্যক্তিগত জীৱনো আমি অতি সূক্ষ্মভাবে পর্যবেক্ষন আছ পর্য্যালোচনা কৰিছো। তেখেতৰ ত্যাগ, নিষ্ঠা, দক্ষতাক পুনৰবাৰ স্বীকাৰ কৰি তেখেতৰ নেতৃত্বত অসমৰ জনগণৰ স্বার্থৰ হকে আত্মনিয়োগ কৰিবলৈ সংকল্পবদ্ধ হৈছো। কোনো পৰিস্থিতিতে যাতে তেওঁৰ নৈতিক স্খলন নঘটে, তাৰ দৃষ্টিও আমি ৰাখিছো, ভুলসমূহ শুধৰাই দিছো। ১৯৭৫ চনত পৰা আজিলৈ, প্রায় ৫০ বছৰ কাল অসমৰ স্বার্থত আত্মনিয়োগ কৰি আহিছে। ১৮ বছৰীয়া বাংলাদেশৰ কাৰাবন্দীত্বৰ কালছোৱাকে ধৰি সর্বমুঠ প্রায় ২২ বছৰ কাৰাবন্দীত্বৰ কাল কটাইছে। এই সময়ছোৱাত অজস্রবাৰ শাৰিৰীক, মানসিক অত্যাচাৰৰ বলি হব লগা হৈছ। অসীম ত্যাগ, সাংগঠনিক-কূটনৈতিক অভিজ্ঞতাৰে সমৃদ্ধ অনুপ চেতিয়াক অসমৰ সম্পদ বুলি গণ্য কৰো বুলিও সংবাদমেলত মন্তব্য কৰে। লগতে সঠিক নেতৃত্বক চিনাক্ত কৰিব নোৱাবাৰ বাবে অসমত জনগণ প্রতাৰিত হোৱা উদাহৰণ আছে।

ইয়াৰোপৰি চুক্তি স্বাক্ষৰ কৰাতকৈ চুক্তি ৰূপায়ণ কৰাটোহে বেছি গুৰুত্বপূৰ্ণ বুলি সংবাদমেলত উল্লেখ কৰি প্ৰাক্তন আলফা সদস্যই কয় যে, চুক্তি ৰূপায়ণ নোহোৱাৰ তিক্ত অভিজ্ঞতা অসমবাসীয়ে পাইছে। আলফা চুক্তিত উল্লেখিত দফাসমূহ সঠিক ৰূপত ৰূপায়ণ হ'লে আর্থ সামাজিক ক্ষেত্ৰখনৰ এক আমূল পৰিবর্তন অহাটো নিশ্চিত।

চুক্তি ৰূপায়ণৰ গুৰু দায়িত্বও চেতিয়াদেৱৰ ওপৰতে আহি পৰিছে। শ্বহীদ সকলে যাতে যথোচিত মর্যদা- লাভ কৰাৰ লগতে শ্বহীদ পৰিয়ালবৰ্গই যাতে আর্থিক সাহায্য লাভ কৰে, তাৰ কাৰণে ঐকান্তিক প্রচেষ্টা চলাই আছে। অসমত জনগণৰ ভৱিষ্যত জড়িত হৈ থকা চুক্তি ৰূপায়ণৰ বিষয়টোত জনগণৰ সক্রিয় সহযোগিতাৰ প্রয়োজন।

চেতিয়াদেৱৰ বাসগৃহত বোমা সংস্থাপনৰ কথাটোৱে প্রমাণ কৰে যে, অতীতত কৰি অহা ভুলৰ পৰা আলফা স্বাধীনে এতিয়াও শিক্ষা গ্রহণ কৰা নাই। শীর্ষ নেতৃত্বৰ অজ্ঞাতে তলৰ পর্য্যায়ৰ নেতৃত্ব তপন দত্তক হত্যা কৰা পাছত অসমত গুপ্ত হত্যাৰ পাতনি মেলিবলৈ ৰাষ্ট্রই সুবিধা পাইছিল। সেই ভূলে সি ক্ষতি কৰি গ'ল, তাৰ পূৰণ কৰাটো অসম্ভৱ। বর্তমান আলফা স্বাধীনে তেনে এক ভুলকে পুনৰ কৰিব বিচাৰিছে। আলাফা স্বাধীনৰ নেতৃত্বক, তেনে ধৰণৰ হঠকাৰী সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিবলৈ সংবাদমেলৰ জৰিয়তে আহ্বান জনায়।

Also Read: কলকাতা কাণ্ডত জড়িত হৈছে আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ প্ৰাক্তন অধ্যক্ষৰ নামঃ ৩ দিন ধৰি চলিছে জেৰা...

ulfa