LIVE UPDATESঃ ২০২৪-২৫বৰ্ষৰ বাজেটত কি কি থাকিব...

LIVE UPDATESঃ  ২০২৪-২৫বৰ্ষৰ বাজেটত কি কি থাকিব...

বাজেটৰ মুখ্য ঘোষণা সমূহ

1.       যুৱ কল্যাণৰ বাবে ২ লাখ কোটি ধাৰ্য বাজেটত

2.       শিক্ষা আৰু দক্ষতা বৃদ্ধিৰ বাবে ৪.২ লাখ কোটি টকা ধাৰ্য

3.        কৃষকৰ বাবে ৩২টা বিশেষ কৃষি আৰু উদ্যান শস্য প্রদান কৰাৰ প্ৰতিশ্ৰুতি

4.       জৈৱিক কৃষিৰ ওপৰত বিশেষ গুৰুত্ব বাজেটত

5.       ১০ হাজাৰ জৈৱ গৱেষণা কেন্দ্র স্থাপন হ’ব দেশত

6.       কৃষি গৱেষণাৰ বাবে বিশেষ পুঁজি প্রদান কৰিব চৰকাৰে

7.       মহিলাসকলৰ বাবে দক্ষতা বিকাশৰ আঁচনি বাজেটত

8.       ৫ বছৰত ২০ লাখ যুৱকৰ দক্ষতা বিকাশৰ লক্ষ্য

9.       কৃষিৰ বাবে ১.৫২ লাখ কোটি টকা ধাৰ্য

10.   ১ লাখ শিক্ষাৰ্থীৰ বাবে E-VOUCHERৰ ব্যৱস্থা

11.   ৬ কোটি কৃষকক ভূমি পঞ্জীয়নৰ ব্যৱস্থা প্রদান

12.   অমৃতসৰ আৰু কলকাতাত উদ্যোগিক ক’ৰিডৰ হিচাপে ঘোষণা

13.   পূৱ ভাৰতৰ ৫খন ৰাজ্যৰ বাবে কেন্দ্রীয় চৰকাৰৰ বিশেষ আঁচনি

14.   বিহাৰ, ওড়িশা, ঝাৰখণ্ড, পশ্চিমবংগ আৰু অন্ধ্রপ্রদেশলৈ বিশেষ আঁচনি

15.   বিহাৰত স্থাপন হ’ব নতুন মেডিকেল কলেজ আৰু বিমান বন্দৰ

16.   অন্ধ্রপ্রদেশলৈ ১৫ হাজাৰ কোটি টকাৰ বিশেষ পুঁজি ঘোষণা

17.   বিহাৰৰ বাবে অতিৰিক্ত সাহাৰ্য পুঁজি বাজেটত

18.   PMAYৰ অধীনত নিৰ্মাণ হ’ব ৩ কোটি অতিৰিক্ত আৱাসগৃহ নিৰ্মাণ

19.   ৬৩ হাজাৰ জনজাতীয় গাঁৱক প্রতিপালনৰ প্রস্তাৱ

20.   গ্রামোন্নয়নৰ বাবে ২.৬৬ লাখ কোটি ব্যয়ৰ পৰিকল্পনা

21.   ক্ষুদ্র উদ্যোগৰ বিকাশৰ বাবেও বিশেষ প্রস্তাৱ বাজেটত

22.   উত্তৰ-পূৱত বৃদ্ধি কৰা হ’ব বেংকৰ শাখা

23.   ১০০০খন আই টি আইক কৰা হ’ব উন্নীতকৰণ

24.   শক্তি প্রকল্পৰ বাবে ২১,৪০০ কোটি ব্যয়ৰ প্রস্তাৱ

25.   মহিলাৰ বিকাশৰ বাবে ৩ লাখ কোটি ব্যয়ৰ প্রস্তাৱ

26.   ৰাজহুৱা খণ্ডৰ বেংকসমূহে বিশেষ সহায় কৰিব ক্ষুদ্র ঔদ্যোগিক

27.   মুদ্রা ঋণৰ পৰিমাণ ১০ লাখৰ পৰা ২০ লাখলৈ বৃদ্ধি

28.   দেশত স্থাপন কৰা হ’ব ই-বাণিজ্যৰ বাবে ৰপ্তানি কেন্দ্র

29.   চৰকাৰী-ব্যক্তিগত খণ্ডৰ সহযোগত হ’ব এই কেন্দ্র

30.   ৫বছৰত ১কোটি যুৱকক বৃহৎ খণ্ডৰ কোম্পানীত ইণ্টাৰ্নশ্বীপৰ ব্যৱস্থা

31.   ৫০০টা শীৰ্ষ কোম্পানীত হ’ব এই ইণ্টাৰ্নশ্বীপ

32.   প্রতিমাহে ৫০০০ টকাকৈ জলপানি দিয়া হ’ব যুৱকসকলক

33.   নগৰীয়া আৱাস যোজনাৰ বাবে ১০ লাখ কোটি টকা ধাৰ্য

34.   উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ২৬ হাজাৰ কোটি টকাৰ পূৰ্বোদয় যোজনা

35.   মহিলাসকলে সম্পত্তি ক্রয় কৰিলে পাব বিশেষ আঁচনি

36.   বিনামূলীয়া সৌৰ শক্তি প্রকল্প ঘোষণা বাজেটত

37.   PM সূৰ্য ঘৰ বিনামূলীয়া বিদ্যুৎ যোগান আঁচনি ঘোষণা

38.   প্রতিমাহে ৩০০ ইউনিটকৈ বিনামূলীয়া বিদ্যুৎ লাভ কৰিব ১ কোটি বাসগৃহই

39.   পৰম্পৰাগত আৰু ক্ষুদ্র উদ্যোগৰ বাবে বিশেষ আঁচনি

40.   আন্তঃগাঁথনি উন্নয়নৰ নামত ১১,১১,১১১ কোটি মূলধনী ব্যয় ধাৰ্য

41.   চতুৰ্থ পৰ্যায়ৰ প্রধানমন্ত্রী গ্রাম চড়ক যোজনাৰ আৰম্ভ

42.   ২৫ হাজাৰ গাঁৱত নতুনকৈ নিৰ্মাণ হ’ব পথ

43.   বিহাৰত বানৰ সৈতে মোকাবিলা কৰিবলৈ ১১,৫০০ কোটি টকাৰ পেকেজ

44.   বিহাৰত পৰ্যটনৰ বিকাশৰ বাবে বিশেষ আঁচনি ঘোষণা বাজেটত

45.   অসমৰ বাবে বিশেষ বান সাহায্য ঘোষণা বাজেটত

46.   উত্তৰাখণ্ডৰ বান আৰু ভূমিস্খলনৰ বাবে বিশেষ সাহায্য

47.   তীৰ্থ পৰ্যটনৰ বাবে বিশেষ পেকেজৰ প্রস্তাৱ

48.   মহকুমা সমূহৰ জৰীপ মানচিত্রৰ ডিজিটেলাইজেশ্যনৰ প্রস্তাৱ

49.   বৈদেশিক লেন-দেনত ভাৰতীয় মুদ্রা ব্যৱহাৰত গুৰুত্ব

50.   মুঠ ঘৰুৱা উৎপাদনৰ ৪.৯ শতাংশ হ’ব ঘাটি বাজেট

51.   পৰৱৰ্তী বছৰত ঘাটি বাজেট ৪.৫ শতাংশ হাৰতকৈও কম কৰাৰ প্রস্তাৱ

52.   মধ্যবিত্তলৈ সকাহ, সৰলীকৰণ কৰা হ’ব আয়কৰ ব্যৱস্থা

53.   সৰলীকৰণ কৰা হ’ব TDS ব্যৱস্থাও

54.   ই-বাণিজ্যৰ ক্ষেত্রত TDS হ্ৰাসৰ প্রস্তাৱ

55.   আয়কৰ আইনৰ ধাৰাসমূহৰ পৰ্যালোচনাৰ প্রস্তাৱ

56.   শ্বেয়াৰ বজাৰৰ অতিৰিক্ত আয়ৰ ওপৰত কৰ প্রত্যাহাৰ

57.   ANGEL TAX হিচাপে পৰিচিত ব্যৱস্থা প্রত্যাহাৰ

58.   ষ্টাৰ্ট আপ ক্ষেত্রত বিনিয়োগ বৃদ্ধিৰ প্রস্তাৱ

কি কি সামগ্ৰীৰ দাম বাঢ়িব...

  • টেলিকম চেক্টৰৰ বিভিন্ন উপকৰণৰ ওপৰত কৰ ১০শতাংশৰ পৰা ১৫শতাংশলৈ বৃদ্ধি কৰা হৈছে।গতিকে এই সামগ্ৰীবোৰৰ দাম বৃদ্ধি হোৱাতো একপ্ৰকাৰৰ নিশ্চিত।

  • প্লাষ্টিকৰ সামগ্ৰীৰ ওপৰত লগোৱা কৰো পূৰ্বতকৈ অধিক কৰা হৈছে। গতিকে প্লাষ্টিকৰ সামগ্ৰী দামো বৃদ্ধি পাব।

  • সৌৰ শক্তি উতপাদনৰ বাবে ব্যৱহাৰ হোৱা সৌৰ গ্লাছৰ দাম এতিয়াৰে পৰা আগতকৈ কিছু বৃদ্ধি পাব।

কি কি সামগ্ৰীৰ দাম কমিব...

  • দাম কমিব সোণ আৰু ৰূপৰ

  • মোবাইলৰ লগতে ছাৰ্জাৰ, বেটেৰীৰ দাম হ্ৰাস পাব

  • দাম কমিব কৰ্কট ৰোগৰ ঔষধৰ মূল্যৰ লগতে এক্সৰেৰ বাবে প্ৰয়োজনীয় উপকৰণৰ

  • জোতা, চেণ্ডেল আৰু কাপোৰৰ দামো হ্ৰাস পাব

বাজেটত স্থান পালে অসমৰ বানে! বিশেষ সাহায্য প্ৰদানৰ কথা ঘোষণা...

২০২৪-২৫ৰ সাধাৰণ বাজেটত অসমৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বিশেষ পেকেজ প্ৰদান কৰাৰ কথা উল্লেখ কৰা হৈছে। বিত্তমন্ত্ৰীয়ে বাজেট ভাষণত এই ঘোষণা কৰি কয় যে, অসমক প্ৰতিবছৰেই ভয়ংকৰ বানে ধুই যায়। বানৰ ফলত ৰাজ্যখনত বিস্তৰ ক্ষতি হয়।এই ক্ষয়-ক্ষতিৰ পৰিমাণ ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব। বিত্তমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, অসমৰ বান সৃষ্টি কৰা প্ৰায়বোৰ নদীৰ উতস বহিঃদেশত আছে। তথাপিও এই দিশটোৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব প্ৰদান কৰিব। উল্লেখ কৰা প্ৰয়োজন যে, সমগ্ৰ দেশৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ২০২৪-২৫বৰ্ষৰ বাজেটত ১১,৫০০কোটি টকা ধাৰ্য কৰা হৈছে। এই ধনৰে দেশৰ বান বিধ্বস্ত ৰাজ্য কেইখনত বিশেষ আঁচনি গ্ৰহণ কৰা হব বুলি ঘোষণা কৰে বিত্তমন্ত্ৰীয়ে।

কৃষিৰ বাবে ১.৫২লাখ কোটি টকা ধাৰ্য এইবাৰৰ বাজেটত

২০২৪-২৫ৰ সাধাৰণ বাজেটত কৃষকৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে। কৃষকসকলৰ বাবে ১০হাজাৰটা জৈৱ গৱেষণা কেন্দ্ৰ স্থাপনৰ কথা ঘোষণা বিত্তমন্ত্ৰীৰ। কৃষিৰ বাবে ১.৫২লাখ কোটি টকা ধাৰ্য এইবাৰৰ বাজেটত। ৫ কোটি কৃষকক স্থায়ী ভূমি পট্টা প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে।  

ইফালে বিত্তমন্ত্ৰীয়ে ঘোষণা কৰা যে, আগন্তুক ৫বছৰলৈ কৃষকসকলক ফ্ৰী খাদ্য সামগ্ৰী প্ৰদান কৰিব কেন্দ্ৰই। লগতে আগন্তুক ৫বছৰত দেশত উন্নত আৰু বিজ্ঞানসন্মত কৃষিপদ্ধতিৰ ক্ষেত্ৰ বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হব বুলি ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে।

বাজেটত বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে, বিকশিত ভাৰতৰ বাবে এইবাৰ বাজেটত বিশে ৯টা দিশত গুৰুত্ব প্ৰদান কৰা হৈছে।

১. কৃষি আৰু উতপাদন

২. ৰোজগাৰ আৰু দক্ষতা বিকাশ

৩. মানৱ সংসাধন বিকাশ আৰু সামাজিক ন্যায়

৪. বিনিয়োগ আৰু সেৱা

৫. চহৰাঞ্চলৰ বিকাশ

৬. দেশৰ গ্ৰামাঞ্চলৰ আন্তঃগাথঁনি নিৰ্মাণ

৭. নৱপ্ৰজন্মৰ বাবে নিয়োগ সৃষ্টি

৮. সকলোধৰণৰ উদ্যোগৰ বিকাশ

৯.  ডিজিটেল খণ্ডৰ বিকাশ সাধন

এইবেলি বাজেটত কি কি থাকিব?

Summary

এইবেলি বাজেটত কি কি থাকিব! তাক লৈ সাধাৰণ জনতাৰ মাজত উতকন্ঠাৰ অন্ত নাই। বিশ্লেষকসকলে অনুমান কৰিছে যে, এইবেলি বাজেটত মধ্যবিত্তসকলক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হব। কৰ্মচাৰী শ্ৰেণীৰ লোকৰ ওপৰত লক্ষ্য ৰাখি কৰৰ নিয়ম সলনি কৰাৰো তীব্ৰ সম্ভাৱনা আছে। উল্লেখ কৰা প্ৰয়োজন যে, যোৱা সোমবাৰে সদনত বিত্তমন্ত্ৰীয়ে দাখিল কৰিছিল দেশৰ অৰ্থনীতিৰ জৰীপ। এই প্ৰতিবেদন দাখিল কৰাৰ সময়ত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয়, দেশৰ অৰ্থনীতিয়ে কোৰোনা পৰিস্থিতিৰ পাছত একাধিক সমস্যাৰ সন্মুখীন হৈছিল। তাৰ পাছতো বৰ্তমান দেশৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত আছে।

বাজেট লৈ সংসদ ভৱনত উপস্থিত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ...

১১বজাৰ লগে লগে সংসদ ভৱনত ২০২৪-২৫বৰ্ষৰ বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। একেৰাহে সপ্তমবাৰৰ বাবে দেশৰ সাধাৰণ বাজেট দাখিল কৰা ইতিহাসৰ প্ৰথমগৰাকী বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। ইয়াৰ পূৰ্বে মোৰাৰজী দেশাইয়ে ৬বাৰকৈ বাজেট দাখিল কৰিছিল। সংসদ ভৱনত উপস্থিত হৈ বিত্ত মন্ত্ৰালয়ৰ কৰ্মচাৰীসকলৰ সৈতে ফটো প'জ দিলে নিৰ্মলা সীতাৰমণে।

X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in