নীট পৰীক্ষাত খেলি-মেলি কৰা কাকোৱেই ৰেহাই দিয়া নহবঃ NTAৰ বিৰুদ্ধে কঠোৰ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী...

নীট পৰীক্ষাত খেলি-মেলি কৰা কাকোৱেই ৰেহাই দিয়া নহবঃ NTAৰ বিৰুদ্ধে কঠোৰ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী...
Published on
Updated on

ডিজিটেল ডেস্কঃ নীট পৰীক্ষাক লৈ ব্যাপক খেলি-মেলি চলি থকাৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে দেওবাৰে এখন সংবাদমেল সম্বোধন কৰি এন টি এক তীব্ৰ সমালোচনা কৰা দেখা যায়। শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলা নহ'ব বুলি কঠোৰ সকিয়নী প্ৰদান কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয়- নীট পৰীক্ষাক লৈ কোনো ধৰণৰ খেলিমেলি সহ্য কৰা নহ'ব। এই সমগ্ৰ প্ৰক্ৰিয়াত যদিহে এন টি এৰ গাতো দোষ আছে তেন্তে সকলোৰে ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

উল্লেখ কৰা প্ৰয়োজন যে, এইবছৰৰ নীট পৰীক্ষাত ২৪লাখৰো অধিক শিক্ষাৰ্থী অৱৰ্তীণ হৈছিল। কিন্তু এই পৰীক্ষাত নানান অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ উঠি সমগ্ৰ দেশত এই পৰীক্ষাৰ স্বচ্ছতাক লৈ প্ৰশ্নৰ অৱতাৰণা হৈছিল। বিষয়টোৰ সন্দৰ্ভত অৱশেষত হস্তক্ষেপ কৰিছিল উচ্চতম ন্যায়ালয়েও।

এই বিষয়টোৰ সন্দৰ্ভত মুকলিকৈ কোৱাৰ পৰা বিৰত আছিল যদিও দেওবাৰে সংবাদমেলত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, এন টি এত কিছু সংশোধনৰ আৱশ্যকতা আছে। ভাৰত চৰকাৰ তথা শিক্ষা মন্ত্ৰালয় শিক্ষাৰ্থী আৰু অভিভাৱকৰ সৈতে আছে বুলি মন্তব্য কৰি তেওঁলোকৰ ক্ষেত্ৰত অন্যায় নহয় বুলি আশ্বাস প্ৰদান কৰে।

নীট পৰীক্ষাত খেলি-মেলি কৰা কাকোৱেই ৰেহাই দিয়া নহবঃ NTAৰ বিৰুদ্ধে কঠোৰ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী...
দেশৰ প্ৰথমটো সেউজ সচিবালয়ঃ জনতা ভৱনত সৌৰ প্ৰকল্পৰ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in