ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ নয়দাৰ মহৰ্ষি বিশ্ববিদ্যালয়ৰ হোষ্টেলত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড। বিশ্ববিদ্যালয়খনৰ হোষ্টেলত সংঘটিত হোৱা এক মাৰপিটৰ ঘটনাৰ ভাইৰেল হোৱা দৃশ্যই সমগ্ৰ দেশজুৰি চাঞ্চল্য সৃষ্টি কৰিছে।
ঘটনাৰ বিৱৰণ অনুসৰি কনিষ্ঠ শিক্ষাৰ্থীয়ে ৰেগিঙৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে জ্যেষ্ঠ শিক্ষাৰ্থীসকলে তেওঁলোকক প্ৰহাৰ কৰে। জ্যেষ্ঠ শিক্ষাৰ্থীৰ এই আক্ৰমণত বহু কেইজন শিক্ষাৰ্থী গুৰুতৰভাৱে আহত হৈছে।
তাৰোপৰি এই ঘটনাৰ পাছতে সমগ্ৰ বিশ্ববিদ্যালয় চৌহদতে অস্থিৰ পৰিবেশে বিৰাজ কৰিছে। প্ৰত্যক্ষদৰ্শীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত হোষ্টেলৰ এটা বিশেষ কোঠাক যুদ্ধ ক্ষেত্ৰ হিচাপে বৰ্ণনা কৰিছে।
দুয়ো পক্ষৰ মাজত সংঘটিত হোৱা এই আক্ৰমণ, প্ৰত্যাক্ৰমণৰ দৃশ্য ইমান ভয়াৱহ আছিল যে এই দৃশ্য প্ৰত্যক্ষ কৰাৰ পাছতে হোষ্টলত শিক্ষাৰ্থী নিৰাপত্তা কোনো কাৰণতে সুনিশ্চিত নহয় বুলি দাবী কৰিছে সকলোৱে।
বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে এই কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি শীঘ্ৰেই দোষী শিক্ষাৰ্থীক কঠোৰ শাস্তিৰ দাবী উত্থাপন হৈছে। বহু শিক্ষাৰ্থীয়ে প্ৰশাসনৰ ব্যৰ্থতাক তুলি ধৰি ৰেগিং প্ৰতিৰোধী ব্যৱস্থা কাৰ্যকৰী কৰাৰ দাবী তুলিছে।
শিক্ষাৰ্থীৰ নিৰাপত্তা নিশ্চিত কৰাৰ লগতে ছাত্ৰ কল্যাণৰ বাবে একাধিক সংস্কাৰৰ প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰিছে। বিশ্ববিদ্যালয় প্ৰশাসনে অৱশ্যে এই পৰ্যন্ত কোনো অফিচিয়েল বিবৃতি প্ৰদান কৰা নাই।
কিন্তু এই ঘটনাই সামাজিক মাধ্যমত ব্যাপক আলোড়ণৰ সৃষ্টি কৰিছে। অৱশ্যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ঘটনাৰ তদন্তৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। বিশ্ববিদ্যালয়খনৰ হোষ্টেলত সংঘটিত হোৱা এই ঘটনাই শিক্ষানুষ্ঠানসমূহত শিক্ষাৰ্থীৰ বাবে নিৰাপদ পৰিবেশ তৈয়াৰ কৰা আৰু শিক্ষাৰ মান বজাই ৰখা আৰু ইয়াৰ বাবে কাৰ্যকৰী পদক্ষেপ লোৱাৰ প্ৰয়োজনীয়তা সম্পৰ্কে এক জনমতো গঢ়ি উঠা পৰিলক্ষিত হৈছে। https://x.com/SachinGuptaUP/status/1856314763988410659