নতুন দিল্লীত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ মৃত্যুদিৱস পালন

ইয়াৰ লগত সংগতি ৰাখি এখন স্মৃতিচাৰণ সভাও অনুষ্ঠিত হ'ব। উক্ত অনুষ্ঠানসমুহত উপস্থিত থাকিব গৃহমন্ত্ৰী অমিত শ্বাহ, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

author-image
Asomiya Pratidin
New Update
vccccc

ডিজিটেল সংবাদ,দিল্লীঃ   আজি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ মৃত্যুদিৱস । এই উপলক্ষে নতুন দিল্লীত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। আজিৰ দিনটোক ঐতিহাসিক দিন হিচাপে আখ্যা বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো আৰু এবছুৰ সভাপতি দ্বীপেন বড়োৱে বডোফাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

আজি বিয়লি ৪বজাত আনুষ্ঠানিকভাৱে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে কৈলাশ নগৰীত এটি পথ আৰু প্ৰতিমূৰ্তি উন্মোচন কৰিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে। ইয়াৰ লগত সংগতি ৰাখি এখন স্মৃতিচাৰণ সভাও অনুষ্ঠিত হ'ব। উক্ত অনুষ্ঠানসমুহত উপস্থিত থাকিব গৃহমন্ত্ৰী অমিত শ্বাহ, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

উল্লেখ্য যে, দিল্লীত গোপীনাথ বৰদলৈৰ পিছতে অসমৰ পৰা দ্বিতীয় গৰাকী বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে পথ নামাকৰণ হ'ব। 

উপেন্দ্ৰনাথ ব্ৰহ্ম