ডিজিটেল সংবাদ,ওদালগুৰিঃ ওদালগুৰিত গাঞ্জা সৰবৰাহত ইউপিপিএল ৰ নেতা জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। সৰবৰাহৰ সময়তে ওদালগুৰি আৰক্ষীয়ে হাতে-লুটে আটক কৰে ইউপিপিএল ৰ নেতা মহৰ আলীক।
শুকুৰবাৰে নিশা ওদালগুৰিৰ ভৈৰৱকুণ্ডত অৰুণাচল দিশৰ পৰা আহি থকা অৱস্থাত আৰক্ষীয়ে অভিযান চলাই ধৃত মহৰ আলীক ১০৫ কেজি গাঞ্জাসহ আটক কৰে। As-12CC-1602 নম্বৰৰ এখন বলেৰো পিকআপ ভানেৰে সৰবৰাহ কৰি থকা অৱস্থাত জব্দ কৰে গাঞ্জাখিনি।
ভৈৰৱকুণ্ড আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰশান্ত গগৈৰ নেতৃত্বত এই অভিযান চলোৱা হৈছিল। ধৃত মহৰ আলী ইউপিপিএল ৰ ইকৰাবাৰী প্ৰাইমাৰী কমিটিৰ সভাপতি আছিল বুলিও জানিব পৰা গৈছে। আটকাধীন মহৰ আলীৰ ঘৰ ৰৌতাৰ আমিনপাৰা গাঁৱত বুলি জানিব পৰা গৈছে।
Also Read: RG Kar Protest: প্ৰতিবাদী কনিষ্ঠ চিকিৎসকৰ সন্মুখত হঠাৎ উপস্থিত মমতা...