৬ বছৰ বয়সতে দৃষ্টিশক্তি হেৰুওৱা প্ৰাঞ্জল কেনেকৈ হ’লগৈ দেশৰ প্ৰথমগৰাকী দৃষ্টিহীন মহিলা IAS বিষয়া…

৬ বছৰ বয়সতে দৃষ্টিশক্তি হেৰুওৱা প্ৰাঞ্জল কেনেকৈ হ’লগৈ দেশৰ প্ৰথমগৰাকী দৃষ্টিহীন মহিলা  IAS বিষয়া…
Published on
Updated on

ডিম্পুল বৰগোহাঁই

'সফলতাৰ গল্প নপঢ়িবা কাৰণ তাৰ পৰা তুমি মাথো বাৰ্তা পাবা। ব্যৰ্থতাৰ গল্প পঢ়া তেতিয়াহে সফল হোৱাৰ কিছু ধাৰণা পাবা।' সফলতাৰ গল্প কোনোদিন নপঢ়াৰ বাবেই অৱশেষত তেওঁ দুৱাৰদলিত ভৰি থলেহি সফলতাই। সমস্যাক কোনো দিন জীৱনৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিব নিদিয়াকৈ, বৰং সমস্যাকহে অধীৰ আৰু নি:শেষ কৰি এতিয়া সমগ্ৰ দেশ তথা বিশ্বৰে চিনাকি নাম হৈ পৰিছে প্ৰাঞ্জল পাটিল।

এতিয়া হয়তো আপোনাৰ মনত প্ৰশ্ন উদয় হব পাৰে, এই প্ৰাঞ্জল পাটিল কোন! আমি নকলেও ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খবৰ ৰখা সকলৰ বাবে হয়তো প্ৰাঞ্জল পাটিল এটা চিনাকি নাম। প্ৰাঞ্জল হৈছে মহাৰাষ্ট্ৰৰ উল্লাসনগৰৰ এগৰাকী ২৮ বছৰীয়া যুৱতী। ২০১৬ চনৰ ইউ পি এছ চি পৰীক্ষাত দেশৰ ভিতৰতে ৭৭৩ সংখ্যক স্থান লাভ কৰিছিল প্ৰাঞ্জলে। যোৱা ১৪ অক্টোবৰত কেৰালাৰ ৰাজধানী তিৰুৱন্তপুৰমত অতিৰিক্ত উপায়ুক্ত হিচাপে যোগদান কৰিছে প্ৰাঞ্জলে।

প্ৰাঞ্জলৰ কথাখিনি ইয়াৰ লৈকে শুনি হয়তো ভাৱিছে এয়া এক গতানুগতিক খবৰ। কিন্তু আপুনি ভৱাৰ দৰে ইমান সৰল আৰু সহজ নহয় প্ৰাঞ্জলৰ জীৱন কাহিনী। ইউ পি এছ চিৰ দৰে জটিল সৰ্বভাৰতীয় পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱাতো ইমান সহজ কথা নহয়। তেনেস্থলত আপুনিয়ে ভাৱকচোন, এগৰাকী দৃষ্টিহীন এনে পৰীক্ষাৰ উৰ্ত্তীণ হোৱাতো সম্ভৱনে! কিন্তু এই অসম্ভৱকো সম্ভৱ কৰি দৃষ্টিহীন প্ৰাঞ্জল পাটিলে এই পৰীক্ষাত অৱৰ্তীণ হৈ ২০১৬ বৰ্ষত সফলতাৰে উৰ্ত্তীণও হল। এবাৰ নহয়, দুবাৰকৈ সৰ্বভাৰতীয় প্ৰশাসনিক পৰীক্ষাত সফলতাৰে উৰ্ত্তীণ হৈ এতিয়া প্ৰাঞ্জল পাটিল দেশৰ এগৰাকী উচ্চ পদস্থ প্ৰশাসনিক বিষয়া।

তিৰুৱন্তপুৰমত এ ডি চি হিচাপে যোগদান কৰি প্ৰাঞ্জলে সংবাদ মাধ্যমৰ সন্মুখত কলে- জটিল কামতেই বেছি আনন্দ পোৱা যায়। সেয়েহে সফলতাৰ আনন্দ লাভ কৰাৰ বাবে মানুহৰ কাম জটিল হোৱা উচিত।' জীৱনৰ সকলো জটিলতা, প্ৰত্যাহ্বান প্ৰাঞ্জলে সাহসেৰে সন্মুখীন হৈছে। জীৱনৰ প্ৰতি পল-অনুপলক গভীৰতাৰে উপলদ্ধি কৰিছে। সেয়েহে প্ৰাঞ্জল আজি সুখী হোৱাৰ লগতে সফল। এইখিনিতে উল্লেখ কৰিব লাগিব যে, প্ৰাঞ্জল পাটিল হৈছে দেশৰ প্ৰথমগৰাকী দৃষ্টিহীন মহিলা আই এ এছ বিষয়া।'

অন্ত্যন্ত সাহসী আৰু আত্মবিশ্বাসৰ গৰাকী প্ৰাঞ্জল পাটিল জন্মগত দৃষ্টিহীন নাছিল। প্ৰাঞ্জল তেতিয়া পঢ়ি আছিল মহাৰাষ্ট্ৰৰ এখন প্ৰাথমিক স্কুলত। বয়স আছিল ৫ বছৰ। ধেমালি কৰি থাকোতে এগৰাকী সহপাঠীয়ে প্ৰাঞ্জলৰ এটা চকুত সোমোৱাই দিছিল এডাল কাঠ পেঞ্চিল। ইয়াৰ পাছতে প্ৰাঞ্জলক এটা চকু হৈ পৰে বিকল। চিকিৎসকে প্ৰাঞ্জলক পৰীক্ষা কৰি কলে যে, ভৱিষ্যতে তেওঁ ইটো চকুৱো বিকল হৈ পৰিব পাৰে। চিকিৎসকৰ এই ভৱিষ্যতবাণীয়ে সচাঁ হৈছিল। কিছু দিনৰ পাছতে প্ৰাঞ্জলৰ আনটো চকু হৈ পৰিছিল বিকল।

পোহৰৰ পৃথিৱীখন প্ৰাঞ্জলৰ বাবে হঠাতে হৈ পৰিছিল অন্ধকাৰ। মেধাৱী সন্তানৰ জীৱনত হঠাতে ঘটা এই ঘটনাই মৰ্মাহত কৰিলে প্ৰাঞ্জলৰ পিতৃ-মাতৃকো। কিন্তু মনোবল হেৰুৱা নাছিল প্ৰাঞ্জলে। পিতৃ-মাতৃয়েও প্ৰাঞ্জলৰ মনোবল দেখি মুম্বাইৰ দাদৰস্থিত অন্ধ বিদ্যালয়ত নামভৰ্তি কৰিলে। দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত সুখ্যাতিৰে পাছ কৰিলে প্ৰাঞ্জলে।

দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত কলেজৰ ভিতৰতে প্ৰথম স্থানো দখল কৰিছিল প্ৰাঞ্জলে। জীৱনৰ জটিলতা ধ্বংস কৰিবলৈ নাহে। বৰঞ্চ ইয়াৰ দ্বাৰা মানুহৰ ধৈৰ্য আৰু শক্তিক পৰীক্ষা কৰিবলৈ এক সুযোগ দিয়ে। সেয়েহে জীৱনৰ জটিলতাক প্ৰাঞ্জলে বুজাই দিছিল যে আত্মবিশ্বাস আৰু অদম্য মনোবলৰ গৰাকীক পৰাস্ত কৰোটো দৰাচলতে কিমান জটিল।

প্ৰাঞ্জলৰ প্ৰৱল মনোবলৰ সাক্ষী দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ো। এই শিক্ষানুষ্ঠানৰ পৰাই প্ৰাঞ্জলে আন্তৰাষ্ট্ৰীয় সমন্ধ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ পিছতে তেওঁ পি এইচ ডি আৰু এম ফিল কৰিছিল। সৰুৰে পৰাই সমাজ জীৱনৰ বাবে কিবা এটা কৰাৰ তাড়নাতে প্ৰাঞ্জলে সিদ্ধান্ত লৈছিল যে তেও প্ৰশাসনিক সেৱাৰ পৰীক্ষাত বহিব।

২০১৬ চনৰ ইউ পি এছ চি পৰীক্ষাত ৭৭৩ সংখ্যক স্থান লাভ কৰাৰ পাচতে ভাৰতীয় ৰে'লৱেত হিচাপ পৰীক্ষাগাৰত উচ্চ পদস্থ চাকৰিৰ বাবে সুযোগ লাভ কৰিছিল প্ৰাঞ্জলে। কিন্তু দৃষ্টিহীন হোৱাৰ বাবে বিভাগে প্ৰাঞ্জলক প্ৰদান কৰা নাছিল চাকৰি। নিৰাশ হৈছিল প্ৰাঞ্জল। কিন্তু কেতিয়াও হাৰিবলৈ নিশিকা প্ৰাঞ্জলে পিছৰ বৰ্ষত সৰ্বভাৰতীয় প্ৰশাসনিক পৰীক্ষাত ১২৪ সংখ্যক স্থান লাভ কৰিলে। যাৰ বাবে আজি কেৰালাৰ ৰাজধানীত এজন উচ্চ পদস্থ প্ৰশাসনিক বিষয়াৰূপে কৰ্মৰত প্ৰাঞ্জল পাটিল।

প্ৰাঞ্জলৰ এই সফলতাৰ কৃৰ্তিত্ব পাব পিতৃ-মাতৃ তথা পৰিয়ালেও। সকলো সময়তে ছাঁৰ দৰে লগত থাকি পিতৃ-মাতৃয়ে প্ৰাঞ্জলক অনুভৱ কৰিবলৈ দিয়া নাছিল দৃ্ষ্টিহীনতাৰ অভাৱ। এই কথা নিজ মুখে স্বীকাৰো কৰিলে প্ৰাঞ্জলে। প্ৰশাসনিক বিষয়াৰূপে দায়িত্ব লোৱাৰ পাছত তেওঁ কলে- এই সফলতাৰ আঁৰৰ মানুহ মোৰ মা-দেউতা।

থুলুমুলকৈ এয়াই প্ৰাঞ্জল পাটিলৰ কাহিনী। ভাৰতবৰ্ষৰ প্ৰথমগৰাকী দৃষ্টিহীন মহিলা আই এছ বিষয়াৰ জীৱন সংগ্ৰামৰ কাহিনী। এনে অনেক প্ৰাঞ্জল আছে আমাৰ দেশত, সমাজত। সাহিত্য, সাংস্কৃতিক ক্ষেত্ৰত এনে অনেক প্ৰাঞ্জল ওলাব। সেয়া যি কি নহলেও, প্ৰতিদিনৰ বহু বিয়োগাত্মক খবৰৰ মাজতে প্ৰাঞ্জলে সমাজখনক দিলে এটা যোগাত্মক বাৰ্তা। লগতে নৱপ্ৰজন্ম তথা শিক্ষাৰ্থীসকলক যেন শিকাই থৈ গ'ল-সকলো চৰায়েই বৰষুণত গছৰ ডালত আশ্ৰয় লয়, কিন্তু ঈগলে মেঘৰ ওপৰত উৰি ডাৱৰক কটাক্ষ কৰে। সকলোৰে জীৱনত সমস্যা একেই, কিন্তু সমাধানৰ পন্থাইহে আনি দিয়ে পাৰ্থক্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in