ডিজিটেল ডেস্কঃ কুখ্যাত গেংষ্টাৰ লৰেন্স বিষ্ণৈইৰ ভাতৃ অনমোল বিষ্ণৈইক গ্ৰেপ্তাৰ আমেৰিকাৰ আৰক্ষীৰ। কেবাটাও হাই প্ৰফাইল কাণ্ডৰ সৈতে জৰিত থকা অভিযোগত সোমবাৰে আৰক্ষীয়ে কেলফৰ্নিয়াৰ পৰা গ্ৰেপ্তাৰ কৰে অনমোলক। কুখ্যাত গেংষ্টাৰ লৰেন্স বিষ্ণৈৰ সৰু ভাতৃ অনমোল বিষ্ণৈ।
ইয়াৰ ভিতৰত ২০২২ চনত সংঘটিত হোৱা পাঞ্জাৱী গায়ক সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ড, মহাৰাষ্ট্ৰৰ এনছিপি নেতা বাব ছিদ্দিকীৰ হত্যাকাণ্ডৰ দৰে ঘটনা অন্যতম। ইয়াৰোপৰি চলিত বৰ্ষত অভিনেতা ছলমান খানৰ বাসগৃহৰ বাহিৰত হোৱা গুলিচালনাৰ ঘটনাটো অনমোল বিষ্ণৈ জৰিত হৈ থকাৰ অভিযোগ আছে।
উল্লেখ কৰা প্ৰয়োজন যে, কিছুদিন পূ্ৰ্বে এনআইএ য়ে অনমোল বিষ্ণৈইৰ নাম ম'ষ্ট ৱান্টেদৰ তালিকাত সন্নিৱিষ্ট কৰিছিল। লগতে অনোমালৰ খবৰ দিয়া জনলৈ ১০ লাখ টকাৰ উপহাৰো ঘোষণা কৰিছিল।
সূত্ৰৰ পৰা পোৱো তথ্য অনুসৰি,অনমোল বিষ্ণৈয়ে সঘনে তেওঁৰ ঠিকনা সলনি কৰি থাকে। বিগত বৰ্ষত অনমোলক কেনিয়াত আৰু চলিত বৰ্ষত কানাডাত দেখা পোৱা গৈছিল।এইজন অনমোল বিষ্ণৈৰ বিৰুদ্ধে মুঠ ১৮ টা গোচৰ ৰুজু হৈ আছে।